লখিমপুৰ

মাতমৰা মণ্ডলৰ সভাপতি ভৱেশ দলেৰ বিৰুদ্ধে চাউল কেলেংকাৰীৰ অভিযোগ

Asomiya Pratidin

ডিজিটেল সংবাদ,ঢকুৱাখনা : দৰিদ্ৰ সীমা ৰেখাৰ তলৰ উপাৰ্জনহীন পৰিয়ালৰ মুখৰ ভাত কাঢ়ি খোৱা এগৰাকী নেতা বিগত প্ৰায় পষেক ধৰি পলাই আছিল । ভাৰতীয় জনতা পাৰ্টিৰ মাতমৰা মণ্ডলৰ অনুসূচীত জনজাতি মৰ্চাৰ সভাপতি ভৱেশ দলেক ঢকুৱাখনা সদৰ থানাৰ আৰক্ষীয়ে বিচাৰি চলাথ কৰিও সন্ধান উলিয়াব নোৱাৰা পলাতক নেতাগৰাকীৰ অৱশেষত সন্ধান ওলাল।

ঢকুৱাখনা সদৰ থানাত ভাৰতীয় দণ্ডবিধি আইনৰ ৪০৭/৩৪ ধাৰাত এক গোচৰ (নং-৮৯/২০২৩) পঞ্জীভূত হোৱাৰ পৰিপ্ৰেক্ষিতত এনেদৰে নিৰ্লজ্জভাৱে পলাই থকা বিজেপিৰ মণ্ডল সভাপতিগৰাকীয়ে আদালতৰ পৰা অন্তৱৰ্তীকালিন জামিন লাভ কৰি মঙ্গলবাৰে থানাত হাজিৰ হয়। শাসনাধিষ্ঠিত দলটোৱে সততে সৰ্ব বিকাশ আৰু ৰাইজৰ উন্নয়নৰ দাবী কৰি আহিছে।

তেনেস্থলত দলটোৰ ঢকুৱাখনা জিলাৰ একাংশ নেতা পালিনেতাৰ নগ্ন স্বৰূপ দাঙি ধৰি জনজাতি মৰ্চাৰ সভাপতি ভৱেশ দলৈ চাউল চোৰৰ অভিযোগত অভিযুক্ত হৈ পলাই আছিল। অৱশেষত জামিন লৈ মংলবাৰে থানাত হাজিৰ হোৱা ঘটনাই এনেবোৰ চক্ৰৰ মুখত ছাই সনাহে দৃষ্টিগোচৰ হয় বুলি একাংশই জানিবলৈ দিয়ে।

উল্লেখ্য যে, ঢকুৱাখনা মহকুমা খাদ্য আৰু অসামৰিক যোগান ও গ্ৰাহক পৰিক্ৰমা বিভাগে পূব ঢকুৱাখনা সমবায় সমিতিত ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ প্ৰায় ১ হাজাৰ কুইণ্টল চাউলৰ এক বৃহৎ কেলেংকাৰী সন্দৰ্ভত তদন্ত কৰি যোগান বিষয়া কবিন্দ্ৰ মেদকে সমবায় সমিতিখনৰ সভাপতি ভবেশ দলে আৰু সচিব ৰঞ্জিত পেগুৰ বিৰুদ্ধে থানাত গোচৰ তৰিছিল ।

পঞ্জীভূত গোচৰৰ ভিত্তিত তদন্তকাৰী আৰক্ষী বিষয়া দীনেশ মেধিয়ে বহুবাৰ সভাপতিজনৰ ঘৰত আৰু সাম্ভাব্য আশ্ৰয় স্থানত অভিযান চলাই যদিও দুৰ্নীতিগ্ৰস্ত চতুৰ সভাপতি দলে আৰু সচিব পেগুক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাছিল । চৰকাৰী চাউলৰ চোৰাং বেহা মেলা নেতাসহ সচিবজনক ইমানদিনে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিব নোৱাৰা ঘটনাক্ৰমক সহজভাৱে লোৱা নাছিল সমবায়খনৰ অংশীদাৰী আৰু গ্ৰাহক ৰাইজে।

কেৱল শাসক দলৰ নেতা হৈ বগা চাউলৰ কলা বেহা পতাৰ বাবেই আৰক্ষী অভিযুক্তৰ কাষ চাপিব নোৱাৰা বুলি অভিযোগ তুলিছিল ভুক্তভোগী গ্ৰাহকে । একাংশ গ্ৰাহক আৰু অংশীদাৰীয়ে বিধায়ক নৱ দলেয়ে চৰকাৰী চাউল কেলেংকাৰীৰ নায়ক তথা দলীয় নেতাজনক ৰাজনৈতিক ৰক্ষণাবেক্ষণ দিয়াৰো অভিযোগ উত্থাপন কৰে।

তেওঁলোকে কয় যে, ৰঙা ঘৰৰ আলহী হোৱাৰ পৰা নেতাগৰাকীক উদ্ধাৰ কৰাৰ লক্ষ্যৰে আদালতৰ পৰা অগ্ৰীম জামিনৰ বাবে দলেয়ে কুচকাৱাজ চলাইছিল। মঙ্গলবাৰে পলাতক সভাপতিজনে সদৰ থানাত হাজিৰ হোৱাৰ পিচত সচিবজনেও অন্তৱৰ্তীকালিন জামিন লাভ কৰাৰ খবৰ লাভ কৰি ভুক্তভোগী গ্ৰাহকসকলে ৰাজনৈতিক প্ৰভাৱ চাউল কেলেংকাৰি কৰা এনে পক্ষক অগ্ৰীম জামিনৰ সুবিধা কৰি দিয়া বুলি অভিযোগ আনিছে ।

উক্ত ঘটনা সন্দৰ্ভত ভুক্তভোগীয়ে আৰক্ষীক গোচৰৰ নিৰপেক্ষ তদন্ত দাবী উত্থাপন কৰে। এইসকল ৰাইজে দুখীয়াৰ পেটৰ অন্নলৈ লুলুপ দৃষ্টি দি চোৰাং বেহা মেলা অৰ্থলোভী নেতাৰ দ্বাৰা সংঘটিত কেলেংকাৰী সন্দৰ্ভত শীঘ্ৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মালৈ ৰাজহুৱা অভিযোগ প্ৰেৰণ কৰি "মুখ্যমন্ত্ৰী তদাৰকী কোষ"ৰ জৰিয়তে তদন্ত কৰাৰ দাবী জনাব বুলি বুধবাৰে সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰে।