লখিমপুৰ

ঢকুৱাখনাত কেন্দ্ৰীয়ভাৱে মে-ডাম-মে-ফি উদযাপন

Asomiya Pratidin

ডিজিটেল সংবাদ, ঢকুৱাখনাঃ অসমৰ বুৰঞ্জীত লিপিবদ্ধ আছে যে অসমক মোগলে ১৭ বাৰ আক্ৰমণ কৰিছিল। সেয়া সত্য । কিন্তু বৰ্তমানৰ অসমৰ তথাকথিত বৌদ্ধিক মহলৰ মোগলে এই ৬০০ বছৰীয়া বৰ্ণিল ইতিহাস সমৃদ্ধ টাই আহোম সকলৰ ওপৰত শতিকা জোৰা আক্ৰমণ কৰি আহিছে । অসম বুৰঞ্জীত কেৱল টাই আহোম হোৱাৰ বাবেই  আহোম জনগোষ্ঠীক বৰ্তমানৰ তথাকথিত বৌদ্ধিক মোগলে উপৰ্যুপৰি আক্ৰমণ চলাই আহোমৰ ইতিহাস বিকৃত কৰি এক অক্ষমনীয় ভয়ংকৰ অপৰাধ কৰি আহিছে । ইমানৰ পাছতো আছে হেংদাং লোৱা নাই ,ললে হেংদাং ৰক্ষা নাই বুলি গগন ফালি টাই আহোম সকলে চিঞৰি অহাটো অৰণ্যৰোদনৰ বাহিৰে একো নহয়। এই মন্তব্য বিশিষ্ট টাই আহোম গৱেষক , নিবন্ধকাৰ শৰৎ চন্দ্ৰ নেওগৰ ।

নিৰ্দিষ্ট বক্তা শৰৎ নেওগ

ঢকুৱাখনাত টাই সাংস্কৃতিক গৱেষণা ও বিকাশ কেন্দ্ৰৰ উদ্যোগত বুধবাৰে অনুষ্ঠিত কেন্দ্ৰীয় 'মে-ডাম-মে-ফি'ৰ মুকলি সভাত নিৰ্দিষ্ট বক্তা হিচাবে উপস্থিত থাকি এই মন্তব্য কৰে নেওগে । ঢকুৱাখনা উপ জিলাৰ উপ আয়ুক্ত কাৰ্ত্তিক কলিতাই উদ্বোধন কৰা মুকলি সভাত নিৰ্দিষ্ট বক্তা নেওগে সতী জয়মতীৰ হত্যাৰ সৈতে ল'ৰা ৰজা, লালুক শুলা বৰফুকনৰ লগতে দক্ষিণপাট সত্ৰৰ তেতিয়াৰ সত্ৰাধিকাৰ  জড়িত থকা বিষয়টো যুক্তিপূৰ্ণ তথ্য আৰু তেতিয়াৰ বুৰঞ্জীত লিপিবদ্ধ হোৱাৰ উদ্ধিতিৰে বক্তব্য দাঙি ধৰাৰ লগতে প্ৰথম অসমীয়া  বিলাত ফেৰৎ আনন্দৰাম বৰুৱাৰ পৰিবৰ্তে তাৰ প্ৰায় এটা শতিকাৰো আগৰ বিলাত ফেৰৎ টেঙাই মহন বুলি তথ্য সহকাৰে দাঙি ধৰি আৰু প্ৰথম অসমীয়া অভিধান প্ৰণেতা টেঙাই মহন আৰু সেই অভিধানৰ নাম "বৰ অম্ৰ" নাম আছিল বুলি তথ্য সমৃদ্ধ বক্তব্য প্ৰকাশেৰে দাবী কৰি কেৱল আহোম হোৱাৰ বাবেই এইসকল ডাম চাওক অৱজ্ঞা কৰি অহাৰ অভিযোগ উত্থাপন কৰে ।

তেওঁ সদ্য অনুষ্ঠিত অসম সাহিত্য সভাৰ মৰিগাঁও অধিৱেশনত এই গৰাকী প্ৰথম অসমীয়া অভিধান প্ৰণেতাক স্বীকৃতি প্ৰদানৰ দাবী জনায় সভাৰ মজিয়াৰ পৰা । নেওগে স্বদেশ আৰু স্বজাতিৰ স্বকীয় আৰু প্ৰকৃত পৰিশুদ্ধ ইতিহাস  জ্ঞাতিৰ নৱ প্ৰজন্মই অধ্যয়ন আৰু গৱেষণালব্ধ চৰ্চা নকৰিলে আজিৰ দৰে ভৱিষ্যতৰ দিনলৈকো মে ডাম মেফী আহোমৰ বাবে সাঁজ আৰু গাহৰি খুৱা এটা উৎসৱ হিচাবে মাত্ৰ পালিত আৰু পৰিগণিত হোৱাৰ বাহিৰে একো নহব বুলি মন্তব্য কৰে।

ঢকুৱাখনা নাট্য বিদ্যালয়ৰ এটি দৃষ্টিনন্দন টাই ধৰ্মীয় নৃত্যৰে শুভাৰম্ভ হোৱা মুকলি সভাৰ সভাপতিত্ব কৰে বিকাশ কেন্দ্ৰৰ সভাপতি জিতেন গগৈ আৰু উদযাপন সমিতিৰ সভাপতি অসীম সন্দিকৈযে। মুকলি সভাত বিশিষ্ট অতিথি হিচাবে প্ৰবীণ শিক্ষাবিদ ডঃ গিৰিন গগৈ , ডিম্বেশ্বৰ গগৈ আদিয়ে মননশীল বক্তব্য আগবঢ়াই ।  সভাত ৰাজহ চক্ৰ বিষয়া বিশ্বজিত দত্ত , উপ পঞ্জীয়ক অৰিন্দম কলিতা , কুশল গগৈ, কল্পনা গগৈ, মঞ্জু গগৈ  আদি বিশিষ্ট নাগৰিক সকল উপস্থিত থাকে।

স্মৃতি গ্ৰন্থ 'বানফাই' উন্মোচন

বিকাশ কেন্দ্ৰৰ প্ৰধান সম্পাদক অৰুণ চমুৱাই আঁত ধৰা মুকলি সভাতেই মে ডাম মেফীৰ মুখপত্ৰ "বানফাই" উন্মোচন কৰা হয়। চাউৰকীয়া গাঁওৰ ধ্ৰুৱজ্যোতি গগৈৰ পৰিয়ালে ডাম চাও ভবেন গগৈ আৰু ডাম নাং সাবিত্ৰী গগৈৰ পবিত্ৰ স্মৃতিত প্ৰকাশ কৰি উলিওৱা  পঞ্চদশ সংখ্যাৰ স্মৃতিগ্ৰন্থ " বানফাই" উন্মোচন কৰে অৱসৰী শিক্ষয়িত্ৰী ইন্দিৰা গগৈয়ে। উন্মোচনী অনুষ্ঠানত স্মৃতি গ্ৰন্থৰ ডাটা পৰিয়ালৰ হৈ কন্যা শিক্ষাবিদ ডঃ বিউতী গগৈয়ে চমু বক্তব্য আগবঢ়াই। 

উদ্বোধনী নৃত্য

বিভিন্ন সাংস্কৃতিক কাৰ্য্যসূচীৰে জীপাল জনাকীৰ্ণ মুকলি সভাৰ পূৰ্বে ডাম চাও সকলৰ পবিত্ৰ স্মৃতিত পূজা অৰ্চনা আৰু মৈদাম তৰ্পণ আগবঢ়াই তাই আহোমৰ জ্ঞাতি বৰ্গই। পৰৱৰ্তী সময়ত স্বৰ্গদেউ চুকাফাৰ প্ৰতিমূৰ্তিত পুস্প মাল্য অৰ্পণ আৰু বন্তি প্ৰজ্বলন কৰে তাই আহোম উন্নয়ন পৰিষদৰ সদস্য সঞ্জীৱ গগৈয়ে।  উদযাপন সমিতি , বিকাশ কেন্দ্ৰৰ সমূহ বিষয় ববীয়া ,কৰ্মকর্তা আৰু জ্ঞাতিবৰ্গ উপস্থিত থকা সভাতেই উৎসৱৰ সতে সংগতি ৰাখি অনুষ্ঠিত বিভিন্ন ক্ৰীড়া,সাহিত্য, সাংস্কৃতিক প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ বিবেচিত প্ৰতিযোগী সকলৰ লগতে অসম লোক সেৱা আয়োগৰ চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ জ্ঞাতিৰ প্ৰাৰ্থী সকলক সম্বৰ্ধনা পত্ৰ আৰু গামোচাৰে উষ্ণ সম্বৰ্ধনা জনোৱা হয়।