লখিমপুৰ

সোনাৰী চাপৰিৰ পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে মহকুমা প্ৰশাসনৰ সভা

Asomiya Pratidin

ডিজিটেল সংবাদ, ঢকুৱাখনা : বিগত দুটা দিন ধৰি এক চেপা উত্তেজনাই গ্ৰাস কৰি ৰাখিছিল ঢকুৱাখনা মহকুমাৰ সোনাৰী চাপৰি । সন্ধিয়া হ'লেই বৃহত্তৰ সোনাৰী চাপৰি ব্যৱসায়িক কেন্দ্ৰস্থলত সমীপৰ এখন গাঁৱৰ একাংশ  ব্যক্তিয়ে ভয় ভাবুকি প্ৰদৰ্শন কৰাৰ ৰাজহুৱা অভিযোগ উত্থাপিত হৈছিল ।

একাংশই মুকলিভাৱে সকলো দোকান পোহাৰ বন্ধ কৰিবলৈ ফটোৱা জাৰি কৰি অন্যথাই কঠোৰ  ভাবুকি পৰ্যন্ত দি এক সন্ত্ৰস্তময় পৰিবেশৰ সূত্ৰপাত ঘটাইছিল । এনে মৃদু অশান্তিজর্জৰ পৰিবেশৰ সৃষ্টিৰ আঁৰত আছিল এক ৰাজনৈতিক ইছ্যু ।

সদ্য প্ৰস্তাৱিত মিচিং স্বায়ত্ব শাসিত পৰিষদৰ ষষ্ঠ অনুসূচীৰ এলেকাত সোনাৰী চাপৰিৰ এখন  অনামিচিং বসতি প্ৰধান গাঁও অন্তৰ্ভুক্ত হোৱাৰ পৰিপ্ৰেক্ষিতত ৰাইজে এনে অন্তৰ্ভূক্তিৰ প্ৰতিবাদ কৰি বিধিগতভাৱে অনামিচিং গাঁও বাহিৰ কৰাৰ দাবী জনাইছিল চৰকাৰ আৰু  প্ৰশাসনক।

তাতেই  অপব্যাখ্যা হৈ থলুৱা ৰাইজৰ মাজত সূত্ৰপাত  ঘটাইছিল উত্তেজনাৰ । একাংশ  জনগোষ্ঠীয় গঞাক বিপথে পৰিচালিত কৰি সৃষ্টি কৰা সামূহিক উত্তেজনাৰ বাবেই সোনাৰী চাপৰি চাৰি আলিলৈ মুকলিকৈ মুষ্টিমেয় জনগোষ্ঠীয় ব্যক্তি ওলাই আহি দোকান বন্ধ কৰাৰ লগতে অশান্তিকৰ পৰিস্থিতি উদ্ভৱ কৰাৰ  সকীয়নী দি আতংকৰ সৃষ্টি কৰিছিল  ।

সোনাৰী চাপৰি আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াৰ সোৰোপা ভূমিকাৰ বাবেই ঢকুৱাখনা সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া গৈ পৰিস্থিতি তদাৰক কৰিব লগীয়া হৈছিল। এনে সময়তে দেওবাৰে ঢকুৱাখনা মহকুমা প্ৰশাসনৰ উদ্যোগত সোনাৰী চাপৰি পঞ্চায়ত ভৱনত অনুষ্ঠিত হয় এখন ৰাজহুৱা সভা।

সোনাৰী চাপৰি মিলন নগৰ আৰু সোনাৰী চাপৰি গাঁওৰ গৰিষ্ঠ সংখ্যক গঞাৰ উপস্থিতিত অনুষ্ঠিত সভাত ঢকুৱাখনা মহকুমাৰ মহকুমাধিপতি কাৰ্ত্তিক কলিতা , সোৱণশিৰী ৰাজহ চক্ৰৰ চক্ৰ বিষয়া তন্ময় বৰা ,মহকুমা আৰক্ষী বিষয়া শোধন্য শুক্লবৈদ্য , ঢকুৱাখনা সদৰ থানাৰ অচি কুলদ্বীপ গগৈ  আদি উপস্থিত থাকে । মহকুমাধিপতি কলিতা , মহকুমা আৰক্ষী বিষয়া শুক্লবৈদ্য , বিশিষ্ট নাগৰিক তোলন চুতীয়া , থানেশ্বৰ বৰুৱা , অনু দিহিঙীয়া , ৰাজু চুতীয়া , ৰাজেন টাকু , অনন্ত পেগু , সৰ্বেশ্বৰ পেগু, নৰেন পেগু আদি  দুয়ো পক্ষৰ শতাধিক ৰাইজ গাঁও প্ৰধান  ক্ৰমে ৰাজু চুতীয়া , প্ৰশান্ত বুঢ়াগোঁহাই উপস্থিত থকা সভাত সম্প্ৰীতিৰ বসতিভূমি  বৃহত্তৰ সোনাৰী চাপৰিত ভাতৃত্ববোধ সম্পন্ন অৱস্থা উভতাই আনি পুনৰ শান্তি প্ৰতিষ্ঠাত ব্ৰতী হ'বলৈ  উভয় পক্ষক আহ্বান জনায়।

এই সন্দৰ্ভত বক্তব্য আগবঢ়াই মহকুমাধিপতি কলিতা, মহকুমা আৰক্ষী বিষয়া শুক্লবৈদ্য আদিয়ে । সভাত উভয় পক্ষৰ কেইবা গৰাকী ব্যক্তিয়ে নিজস্ব মন্তব্য আগবঢ়ায় । সভাতেই এই সাধাৰণ  বিবেচিত  বিষয়টো জটিলতালৈ প্ৰক্ষেপ নকৰি ইমানতে নিস্পত্তি কৰি পূৰ্বৰ শান্তি সম্প্ৰতি অক্ষুন্ন ৰাখিবলৈ উভয় পক্ষক আহ্বান জনাই দুই শীর্ষ  প্ৰশাসনিক বিষয়াই ।  সভাত প্ৰশান্ত চুতীয়া , তোলেন চুতীয়া , থানেশ্বৰ বৰুৱা , ৰাজু চুতীয়া , মুনিন্দ্ৰ চুতীয়া, ৰাজেন টাকু , নৰেন পেগু, অনন্ত পেগু ,বিজু পেগু আদিকলৈ এখন সমন্বয় সমিতি গঠন কৰা হয় ।