লখিমপুৰ

ঢকুৱাখনা জ্যেষ্ঠ নাগৰিক সন্মিলনঃ দেৱলীনাৰ হত্যাকাণ্ডৰ ন্যায়িক তদন্তৰ দাবীৰে মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ

Asomiya Pratidin

ডিজিটেল সংবাদ, ঢকুৱাখনাঃ ৰাজ্য কপোৱা ঢকুৱাখনাৰ নিৰ্বোধ কিশোৰী দেৱলীনা সোণোৱালৰ হত্যাকাণ্ডৰ ন্যায়িক তদন্তৰ দাবী ঢকুৱাখনা জ্যেষ্ঠ নাগৰিক সন্মিলনৰ। শুকুৰবাৰে অনুষ্ঠিত ঢকুৱাখনা জ্যেষ্ঠ নাগৰিক সন্মিলনৰ এখন গুৰুত্বপূৰ্ণ বৈঠকে এই সিদ্ধান্ত গ্ৰহণ কৰি ঢকুৱাখনাৰ মহকুমাধিপতিক এখন স্মাৰক পত্ৰ প্ৰদান কৰিছে ।

জ্যেষ্ঠ নাগৰিক সন্মিলনৰ সভাপতি হৰিনাৰায়ন গগৈৰ সভাপতিত্বত অনুষ্ঠিত জৰুৰী বৈঠকত উদ্দেশ্য ব্যাখ্যা কৰে সন্মিলনৰ সম্পাদক গন্ধেশ্বৰ গগৈয়ে। সন্মিলনৰ জ্যেষ্ঠ বিষয়ববীয়া ক্ৰমে ভুৱন চমুৱা, পূৰ্ণানন্দ গগৈ , পূৰ্ণ লাহন ,ভোলা নাথ গগৈ ,তুলসী প্ৰসাদ শইকীয়া আদি গৰিষ্ঠ সংখ্যক ব্যক্তি উপস্থিত থকা বৈঠকখন অনুষ্ঠিত হয় নিজা কাৰ্য্যালয়ত। বৈঠকত ঢকুৱাখনাৰ স্বাভিমানী শান্তিপূৰ্ণ আৰু সম্প্ৰীতিৰ ইতিহাসত কলিমা সনা এই জঘন্য ঘটনাৰ একেমুখে গৰিহণা দি ঘটনাৰ নিৰপেক্ষ আৰু ক্ষীপ্ৰ তদন্ত দাবী কৰিছে।

বৈঠকত অভিযুক্তই যাতে আইনৰ সুৰুঙা আৰু সঠিক তদন্তৰ অভাৱৰ অচিলাৰে সাৰি যাব নোৱাৰে তাৰ প্ৰতি তদন্তকাৰী বিষয়াক সতৰ্ক হোৱাৰ দাবী জনাই। তাৰোপৰি আইনৰ কঠোৰতম প্ৰক্ৰিয়াৰ প্ৰয়োগেৰে দোষীক দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰাৰ দাবীৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মালৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে মহকুমাধিপতিৰ জৰিয়তে।

মহকুমাধিপতিৰ কাৰ্য্যালয় কক্ষত সন্মিলনৰ বিষয়ববীয়াসকল উপস্থিত হৈ মহকুমাধিপতি কাৰ্তিক কলিতাক স্মাৰক পত্ৰ প্ৰদান কৰি এই সমস্ত নৃশংস ঘটনাৰ ন্যায়িক তদন্ত দাবীৰে মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ বিচাৰিবলৈ আহ্বান জনায়।

উল্লেখযোগ্য যে পত্নীহন্তা ঢকুৱাখনাৰ নাৰায়নপুৰ চাপৰি গাঁওৰ মৃদুল বৰুৱাৰ পুত্ৰ পৱন বৰুৱা সম্প্ৰতি ঢকুৱাখনা আৰক্ষীৰ জিম্মাত আছে। মহকুমা ন্যায়িক দণ্ডাধীশৰ আদালতত শুকুৰবাৰে হাজিৰ কৰাই ৬ দিনৰ জিম্মাত লৈছে ঢকুৱাখনা আৰক্ষীয়ে ।

আনহাতে এই নাৰকীয় ঘটনাৰ নিৰপেক্ষ তদন্ত আৰু ঘাটক স্বামীক ফাঁচীৰ দাবীত ইতিপূৰ্বে তিনিটা প্ৰতিবাদী কার্যসূচী গ্ৰহণ কৰি দেৱলীনা হত্যাকাণ্ডৰ উচিত বিচাৰ দাবী কৰি অহা ঢকুৱাখনা মহকুমা মহিলা সমিতি ,সোনাৰী চাপৰি আৰু কেঁকুৰী মহিলা সমাজে এই সমস্ত তদন্ত প্ৰক্ৰিয়া লখিমপুৰ জিলা আৰক্ষী অধীক্ষক অৰ্পনা নটৰাজনৰ প্ৰত্যক্ষ তদাৰকিত হোৱাটো কামনা কৰিছে । ক্ষুব্ধ মহিলা সমাজে সমগ্ৰ তদন্ত প্ৰক্ৰিয়াটো সূক্ষ্ম পৰ্যবেক্ষণ কৰি আছে বুলি জানিবলৈ দি ন্যায় প্ৰাপ্তিৰ প্ৰয়োজনত পুনৰ ঐক্যবদ্ধ গণতান্ত্ৰিক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰাৰ ইংগিত দি শীঘ্ৰে মহিলা সমাজ আলোচনাত মিলিত হব বুলি জানিবলৈ দিছে ।