লখিমপুৰ

ঢকুৱাখনাত ব্ৰহ্মপুত্ৰৰ খহনীয়া ৰোধৰ বাবে নাৱাৰ্ডৰ ১৭কোটি আবন্টন

Asomiya Pratidin

ডিজিটেল সংবাদ, ঢকুৱাখনা : ব্ৰহ্মপুত্ৰৰ ভয়াৱহ আৰু শিহৰণকাৰী গৰাখহনীয়াৰ স্থায়ী প্ৰতিৰোধৰ বাবে মুঠ ১৭কোটি ২০ লাখ টকা আবন্টন কৰা হৈছে । ঢকুৱাখনা মহকুমাৰ ভৌগলিক অস্তিত্বলৈ মহা সংকট মাতি অনা ব্ৰহ্মপুত্ৰৰ নিৰবিছিন্ন গৰাখহনীয়া সমস্যাৰ স্থায়ী প্ৰতিৰোধৰ বাবে নাবাৰ্ডৰ তৰফৰ পৰা এই বিশাল পুঁজি আবন্টন কৰা হৈছে ।

ঢকুৱাখনাৰ লগতে নদী দ্বীপ তথা সত্ৰ নগৰী মাজুলীৰ ভৌগলিক সুৰক্ষাৰ বাবে আবন্তিত এই বৃহৎ ধন ৰাশিৰ বিপৰীতে ইতিমধ্যে ৰাজ্য চৰকাৰৰ জলসম্পদ বিভাগে নিবিদা আহ্বান কৰিছে। অতি শীঘ্ৰেই অৰ্থাৎ ইংৰাজী নববর্ষৰ পহিলাতে এই খহনীয়া প্ৰতিৰোধ আঁচনিৰ কাম আৰম্ভ কৰাৰ প্ৰক্ৰিয়া চলাইছে।

জলসম্পদ বিভাগৰ শীর্ষ সূত্ৰই জানিবলৈ দিয়া মতে ব্ৰহ্মপুত্ৰৰ চিচি-টেকেলিফুটা মথাউৰীৰ বান্দেনা অংশৰ পৰা মাতমৰা পৰ্যন্ত বিস্তৃত এলেকাত প্ৰায় ৩৫ খন পৰ্কীউপাইন স্ক্ৰীন স্থাপন,মাতমৰা,বাঘচুক,বালি গাঁও আৰু মদাৰগুৰি অংশত মুঠ ৪টা চেক বান্ধৰ সমান্তৰালভাৱে সমগ্ৰ মথাউৰীটোৰ স্পৰ্শকাতৰ অংশত মাটিৰে সবলীকৰণ কৰি জিঅ টিউব,জিঅ বেগৰ জৰিয়তে আৱৰণ দিয়া আৰু পৰ্কীউপাইন সংস্থাপন কৰাৰ বাবে যাবতীয় প্ৰাককলন গ্ৰহণ কৰি তাক কাৰ্যকৰী কৰাৰ প্ৰক্ৰিয়া গ্ৰহণ কৰিছে।

ব্ৰহ্মপুত্ৰৰ ভয়াৱহ আগ্ৰাসন ৰোধৰ বাবে ক্ষীপ্ৰতাৰে গ্ৰহণ কৰা এই সময়োপযোগী আঁচনি বাস্তৱিক সফল ৰূপায়নৰ প্ৰাৰম্ভিক অৱস্থা আৰু পৰিস্থিতিৰ শুক্ৰবাৰে বুজ লয় ঢকুৱাখনাৰ বিধায়ক নৱ দলে আৰু মহকুমাধিপতি তথা অতিৰিক্ত উপায়ুক্ত কাৰ্ত্তিক কলিতাই । ঢকুৱাখনা জলসম্পদ সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তা পীতাম্বৰ ডেকা বড়োৰ সহযোগিতাত বিধায়ক আৰু মহকুমাধিপতি গৰাকীয়ে সমগ্ৰ খহনীয়া আক্ৰান্ত মথাউৰিটো পৰিদৰ্শন কৰে ।

ঢকুৱাখনা আৰু মাজুলীৰ সুৰক্ষা কৱচ স্বৰূপ এই চিচি টেকেলিফুটা মথাউৰীৰ স্থায়ী সুৰক্ষাৰ বাবে আবন্তিত বৃহৎ পুঁজিৰে ৰূপায়িত হ'ব লগা এই মেগা প্ৰকল্পৰ সফল আৰু নিখুঁত কাৰ্যকাৰীতাৰ বাবে ঢকুৱাখনা জলসম্পদ সংমণ্ডলৰ অভিজ্ঞ আৰু দক্ষ সহকাৰী অভিযন্তা সকলক স্বতন্ত্ৰ দায়িত্ব অৰ্পণ কৰাৰ প্ৰয়োজনীয়তা জৰুৰী হৈ পৰিছে। সংমণ্ডলটোত উপলব্ধ কাৰিকৰী ভাবে সুদক্ষ সহকাৰী অভিযন্তা সকলক এই আঁচনিৰ নিৰীক্ষণ আৰু তদাৰকীৰ দায়িত্ব অৰ্পণ কৰি চৰকাৰী পুঁজিৰ সদ ব্যৱহাৰ আৰু আঁচনিখনৰ প্ৰাককলন অনুসৰি ৰূপায়ণ নিশ্চিত কৰাটো জৰুৰী হৈ পৰিছে।

এই ক্ষেত্ৰত জলসম্পদ বিভাগৰ উত্তৰ অসম মণ্ডলৰ অতিৰিক্ত মুখ্য অভিযন্তা প্ৰবীণ ভূঞা, লখিমপুৰ জিলা জলসম্পদ সংমণ্ডলৰ অধীক্ষক অভিযন্তা ৰুদ্ৰেশ্বৰ লাংথাছা আৰু ঢকুৱাখনা সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তা পীতাম্বৰ ডেকা বড়োৰ সতৰ্ক দৃষ্টি আৰু সুস্পষ্ট নিৰ্দেশনা ঢকুৱাখনাবাসী ভুক্তভোগী নাগৰিকৰ লগতে মিচিং জাতীয় সংগঠন সমূহৰ কাম্য । উল্লেখযোগ্য যে সম্প্ৰতি সংমণ্ডলটোত তিনিগৰাকী সহকাৰী অভিযন্তা উপলব্ধ আৰু এইসকল কৰ্মদক্ষ সহকাৰী অভিযন্তাৰ জৰিয়তে আঁচনিখন ৰূপায়ন হ'লে আবন্তিত পুঁজিৰ সদ ব্যৱহাৰ হোৱাৰ আশা কৰিব পৰা যায় ।