নগাঁৱত বানাক্ৰান্ত এলেকাৰ বহু বিদ্যলয়লৈ যাব পৰা নাই শিক্ষাৰ্থী... 
লখিমপুৰ

নগাঁৱত বানাক্ৰান্ত এলেকাৰ বহু বিদ্যলয়লৈ যাব পৰা নাই শিক্ষাৰ্থী...

Asomiya Pratidin

ডিজিটেল সংবাদ কামপুৰঃ বছৰটোৰ প্ৰথমটো বানে তচনচ কৰা নগাঁও জিলাৰ কামপুৰ, নগাঁও সদৰ আৰু ৰহা ৰাজহ চক্ৰৰ বান পৰিস্থিতি ক্ৰমশ উন্নত হৈছে। কপিলী, বৰপানী, নিশাৰী নদীৰ বাঢ়নি পানীয়ে এই তিনিটা ৰাজহ চক্ৰৰ বিস্তৃত এলেকা ধ্বংসস্তূপত পৰিণত কৰে।

এইবাৰৰ বানত এই তিনিটা ৰাজহ চক্ৰৰ ১৭০ খনৰো অধিক গাঁও প্লাবিত হোৱাৰ লগতে তিনি লক্ষ্যাধিক লোক আক্ৰান্ত হয়। বান পৰিস্থিতি উন্নত হৈছে যদিও বানত ক্ষতিগ্ৰস্ত হয় কেবাটাও পথ। যাৰবাবে বানাক্ৰান্ত কেবাটাও অঞ্চলত যাতায়ত ব্যৱস্থা সম্পূৰ্ণ সূচল হৈ উঠা নাই।

এইবাৰৰ বানত সৰ্বাধিক ক্ষতি হয় কামপুৰ ৰাজহ চক্ৰত। প্ৰায় শতাধিক গাঁও বানৰ কবলত পৰে। বহু মঠাউৰি,পথ চিঙিল। বহু কৃষকৰ বড়ো ধানৰ খেতিৰ ব্যাপক ক্ষতিসাধন হয়।

বৰ্তমান পানী শুকাইছে যদিও নিজৰ আপোন ঘৰখনলৈ আহি বহু বানাক্ৰান্তৰ দুচকু সেমেকি উঠিছে। কাৰণ বানে বহুতৰ ঘৰ তচনছ কৰি পেলালে। জিলাখনৰ বহু বিদ্যালয়ৰ পৰা পানী ওলাই গৈছে যদিও পলস পৰাৰ বাবে কেবাখনো বিদ্যালয়ত পাঠদান হোৱা নাই।

বিশেষকৈ কঠিয়াতলি শিক্ষা খণ্ডৰ অন্তৰ্গত তেতেলীসৰাৰ ললিত নাথ মধ্য ইংৰাজী বিদ্যালয়, বামুণীজান প্ৰাথমিক বিদ্যালয় আৰু তেলীয়াআটি প্ৰাথমিক বিদ্যালয় অন্যতম। এই বিদ্যালয় কেইখন এতিয়া শিক্ষক, অভিভাৱকে মিলি চাফ -চিকুণ কৰাত ব্যস্ত হ'ব লগা হৈছে।

পানী ওলাই যোৱাৰ পিছত বিধ্বস্ত পথ দেখি ৰাইজে মূৰে কপালে হাত দিব লগা হৈছে। ৰাইজে শীঘ্ৰে বিধ্বস্ত পথ সমূহ মেৰামতি কৰি যাতায়ত সূচল কৰি তুলিবলৈ চৰকাৰক দাবী জনাইছে। ইপিনে নগাঁও জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ সূত্ৰই জনোৱা মতে আজিৰ তাৰিখত জিলাখনত প্ৰায় ১৫ খন গাঁও বানৰ কবলত আছে।

ইয়াৰ বিপৰীতে এটাহে বান সাহাৰ্য শিবিৰ সক্ৰিয় হৈ আছে। আন সুত্ৰই জনোৱা মতে এতিয়াও দুই সহস্ৰাধিক লোক ঘৰলৈ ওভতিব পৰা নাই। জিলা প্ৰশাসনে পৰ্যাপ্ত বানাক্ৰান্তক সাহাৰ্য দিয়াৰ কথা উল্লেখ কৰিলেও একাংশ বানাক্ৰান্তই উপযুক্ত সাহাৰ্য নোপোৱাৰ অভিযোগ উঠিছে।

জিলা জনসংযোগ বিভাগে জনোৱা তথ্য অনুসৰি ব্ৰহ্মপুত্ৰ নদী আজি শিলঘাটত বিপদসীমাৰ ২.৮১ মিটাৰ তলেৰে বৈ আছে। ইপিনে কপিলী নৈ কামপুৰত বিপদসীমাৰ ২.৭০ মিটাৰ তলেৰে ,কলং নৈ নগাঁও চহৰত বিপদসীমাৰ ১.৬৪ মিটাৰ আৰু ৰহাত বিপদসীমাৰ ১.৭০ মিটাৰ তলেৰে বৈ আছে।