লখিমপুৰত চকী লৰিল বহু আৰক্ষী বিষয়াৰ... 
লখিমপুৰ

লখিমপুৰত চকী লৰিল বহু আৰক্ষী বিষয়াৰ...

Asomiya Pratidin

ডিজিটেল সংবাদ ঢকুৱাখনা: ঢকুৱাখনা সদৰ থানাৰ নতুন প্ৰভাৰী হিচাবে নিযুক্তি দিয়া হৈছে পৰিদৰ্শক নৰেন্দ্ৰ পাল সিংক। লখিমপুৰ জিলা আৰক্ষী অধীক্ষক মিৰিজিৎ গায়নৰ এছ পি /এল এম পি/ আৰ/ টি এফ আৰ /২০২৪/২১৭৫ নম্বৰৰ নিৰ্দেশনা মতে এই নিযুক্তি দিয়া হৈছে ।

নিৰ্দেশনাটোত ঢকুৱাখনা সদৰ থানাৰ প্ৰভাৰী কুলদ্বীপ গগৈক লখিমপুৰৰ পি আই হিচাবে বদলি কৰা হৈছে। তাৰোপৰি ঢকুৱাখনা সদৰ থানাৰ উপ পৰিদৰ্শক অংকু শইকীয়াকো ঢকুৱাখনাৰ পৰা বদলি কৰি বিহপুৰীয়া থানাত নিযুক্তি দিয়া হৈছে।

শইকীয়াৰ স্থানত বগীনদী আৰক্ষী থানাৰ উপ-পৰিদৰ্শক জয় প্ৰকাশ শৰ্মাক ঢকুৱাখনা থানাত নিযুক্তি দিয়া হৈছে। উল্লেখযোগ্য যে, ঢকুৱাখনা সদৰ থানাৰ উপ-পৰিদৰ্শক অংকু শইকীয়াই এটা দুর্ঘটনাত পতিত গাড়ী থানাৰ পৰা নিশাই মুকলাই দিয়াৰ নামত নগদ ৩০ হাজাৰ টকা উপঢৌকণ লোৱাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছিল।

তাৰোপৰি সাধাৰণ নাগৰিকক সততে কৰ্কশ ব্যৱহাৰ কৰাৰো সীমাহীন অভিযোগ সহজলভ্য ঢকুৱাখনাত। এই সন্দৰ্ভত "অসমীয়া প্ৰতিদিন ডিজিটেল"ত বাতৰি প্ৰকাশ পোৱাৰ পাছতে জিলা আৰক্ষী অধীক্ষকগৰাকীয়ে শইকীয়াক বদলি কৰে।

নব নিযুক্ত ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সিং আৰু উপ পৰিদৰ্শকগৰাকীয়ে শীঘ্ৰে ঢকুৱাখনা থানাত যোগদান কৰিব বুলি জনা গৈছে। ইপিনে ঘিলামৰা আৰক্ষী থানাৰ বিতৰ্কিত উপ পৰিদৰ্শক ৰাজ কুমাৰ পেগুক ঘিলামৰা থানাৰ পৰা বদলি কৰা হৈছে।

যোৱা ২ ছেপ্টেম্বৰৰ নিশা ঘিলামৰাৰ ৰাজপথত এজন নিৰীহ বাইক চালকক ব্যক্তিগত বাহনলৈ আগভেটি ধৰি অভব্য ব্যৱহাৰ কৰি গোচৰ তৰাৰ ভাবুকি দিছিল এইজন দাম্ভিক বিষয়াই। এই সন্দৰ্ভত শীর্ষ আৰক্ষী পৰ্য্যায়ত ভুক্তভোগী ব্যক্তিগৰাকীয়ে অভিযোগ দাখিল কৰিছিল।

ইয়াৰ পাছতেই এইজন বিষয়াক ঘিলামৰা থানাৰ পৰা বদলি কৰি শিলনিবাৰী আৰক্ষী চকীত নিযুক্তি দিছে। বিপৰীতে ঘিলামৰা থানাত উপ-পৰিদৰ্শক সত্যজিৎ বৰাক ঘিলামৰা থানাত নিযুক্তি দিয়া হৈছে।

অন্যহাতে মহকুমাটোৰ সোণাৰী চাপৰি আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া বিষ্ণু দেউৰীক বঙ্গালমৰা আৰক্ষী চকীলৈ বদলি কৰি সোণাৰী চাপৰি আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া হিচাবে উপ-পৰিদৰ্শক (প্ৰবেচন) বিমান গগৈক নিযুক্তি দিয়া হৈছে।

স্মৰ্তব্য যে, লখিমপুৰ জিলা আৰক্ষীৰ মুঠ ৩১ গৰাকী আৰক্ষী বিষয়াৰ চকী সলনি কৰা হ'ল এই নিৰ্দেশনাৰ জৰিয়তে। লখিমপুৰ জিলা আৰক্ষীক অধিক গতিশীল আৰু জনমুখী কৰি তোলাৰ লক্ষ্যৰে এই ব্যাপক ৰদ বদল কৰা হৈছে।