লখিমপুৰ

ধলপুৰত প্ৰতিধ্বনি কাৰ্ণিভেল- ২০২৩ : পৰ্যটকক আদৰিবলৈ প্ৰস্তুত

Asomiya Pratidin

ডিজিটেল সংবাদ,বিহপুৰীয়া : লখিমপুৰৰ ধলপুৰত প্ৰথমবাৰৰ বাবে বুধবাৰৰ পৰা ৫দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব “প্ৰতিধ্বনি কাৰ্ণিভেল ২০২৩”। ধলপুৰ - নাৰায়ণপুৰৰ লগতে সমগ্ৰ লখিমপুৰ জিলাৰে ঐতিহ্য আৰু সাংস্কৃতিক ক্ষেত্ৰখনক আধুনিক পৰ্যটনস্থলীলৈ ৰূপান্তৰ কৰাৰ লক্ষ্যৰে পোনপ্ৰথমবাৰৰ বাবে অনুষ্ঠিত কৰা প্ৰতিধ্বনি কাৰ্ণিভেলক লৈ ব্যাপক প্ৰস্তুতি চলাইছে উদযাপন সমিতিয়ে ৷

ধলপুৰ নগৰৰ দাঁতিতে অৱস্থিত মেছমেৰাইজিং বেম্ব দ্যা ইক’ ৰিৰ্জটৰ বিশেষ উদ্যোগত আৰু বৃহত্তৰ অঞ্চলটোৰ ৰাইজৰ সহযোগত ২৭ ডিচেম্বৰৰ পৰা ৩১ ডিচেম্বৰলৈ অনুষ্ঠিত হ'ব এই অনুষ্ঠান। অনুষ্ঠানৰ কাৰ্যসূচীৰ দিনৰ ভাগত সাহিত্য, চিত্ৰাংকন, ভূপেন্দ্ৰ সংগীত, আধুনিক নৃত্য আদি প্ৰতিযোগিতা অনুষ্ঠিত হোৱাৰ লগতে নিশাৰ ভাগত অসমৰ সাংস্কৃতিক জগতৰ বহুকেইগৰাকী জনপ্ৰিয় কণ্ঠশিল্পী আৰু প্ৰতিষ্ঠিত অভিনেতা- অভিনেত্ৰীয়ে অংশগ্ৰহণ কৰিব।

অনুষ্ঠানত সাহিত্যালোচনা,জনজাতীয় সাজপাৰ আৰু সৌন্দৰ্য প্ৰতিযোগিতাও অনুষ্ঠিত হ’ব ৷ কাৰ্ণিভেলৰ প্ৰত্যেকটো নিশা সংগীতেৰে জীপাল কৰি তুলিব অসমৰ জনপ্ৰিয় কণ্ঠ শিল্পী অনুপম শইকীয়া,কুমাৰ ভৱেশ,দেৱজিৎ বড়া,মৌচম গগৈকে ধৰি বহু কেইগৰাকী জনপ্ৰিয় শিল্পীয়ে।

প্ৰতিধ্বনি কাৰ্ণিভেল-২৩ অনুষ্ঠিত কৰা আন এক মহান উদ্দেশ্য হ'ল, বানপীড়িত লোকলৈ সাহাৰ্য প্ৰদান, গ্ৰাম্য পৰ্যটনৰ সাম্ভাব্য সন্ধান,কৃষি আৰু কুটীৰ শিল্পৰ উদ্যোগ স্থাপনৰ ভেটি নিৰ্মাণ,বিশেষভাৱে সক্ষম ছাত্ৰ-ছাত্ৰীলৈ বাৰ্ষিক জলপানি আৰু শৈক্ষিক সুবিধা প্ৰদান,গ্ৰাম্য অঞ্চলৰ প্ৰতিভা বিকাশৰ ক্ষেত্ৰত অৰিহণা প্ৰদান কৰা।