লখিমপুৰ

ঢকুৱাখনা জিলা কৰ্মচাৰী পৰিষদৰ সাধাৰণ সভাৰ প্ৰস্তুতি

Asomiya Pratidin

ডিজিটেল সংবাদ, ঢকুৱাখনা : সদৌ অসম কৰ্মচাৰী পৰিষদৰ স্বীকৃতিপ্ৰাপ্ত শক্তিশালী শাখা ঢকুৱাখনা জিলা সমিতি। এই জিলা সমিতিখনৰ ৩০ সংখ্যক বাৰ্ষিক সাধাৰণ সভাখন অহা ১২ আগষ্ট শনিবাৰে অনুষ্ঠিত কৰাৰ বাবে আয়োজন কৰা হৈছে।

ঢকুৱাখনা জিলা সমিতিৰ অন্তৰ্গত সোনাৰী চাপৰি আঞ্চলিক সমিতিৰ আতিথ্যত সোনাৰী চাপৰি গাঁও পঞ্চায়তৰ কাৰ্যালয় প্ৰেক্ষাগৃহত দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিতব্য বাৰ্ষিক সাধাৰণ সভাত জিলা সমিতিৰ অন্তৰ্গত সকলো কৰ্মচাৰী সন্থা,সংগঠন আৰু সংঘৰ বিষয়ববীয়া আৰু কৰ্মকর্তাসকলক সভাত উপস্থিত থাকি সাফল্যমণ্ডিত কৰাৰ বাবে জিলা কৰ্মচাৰী পৰিষদৰ সভাপতি অতুল চুতীয়া আৰু সম্পাদক সুনীল কুমাৰ দত্তই অনুৰোধ জনাইছে ।

ইপিনে ডেৰ শতাধিক বিষয়-ববীয়া,শুভাকাংক্ষী আৰু কৰ্মকর্তাক আদৰিবলৈ সাজু হৈ উঠিছে সোনাৰী চাপৰি আঞ্চলিক কৰ্মচাৰী পৰিষদ । এই সভাত জিলা সমিতিৰ অন্তৰ্গত ৭খন আঞ্চলিকৰ ৮গৰাকীকৈ কৰ্মকর্তা আৰু জিলা সমিতিৰ ৩১গৰাকী বিষয়-ববীয়াসহ সহকৰ্মী আৰু অন্যান্য শুভাকাংক্ষী ৰাইজে অংশগ্ৰহণ কৰিব।

এই সভাখন সোনাৰী চাপৰিবাসীৰ সহযোগত শৃংখলাবদ্ধভাৱে অনুষ্ঠিত কৰাৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ হোৱা বুলি আয়োজন সমিতিয়ে জানিবলৈ দিয়ে।