ঢকুৱাখনা জিলা কৰ্মচাৰী পৰিষদৰ ৩১ সংখ্যক দ্বি-বাৰ্ষিক অধিবেশনৰ প্ৰস্তুতি... 
লখিমপুৰ

ঢকুৱাখনা জিলা কৰ্মচাৰী পৰিষদৰ ৩১ সংখ্যক দ্বি-বাৰ্ষিক অধিবেশনৰ প্ৰস্তুতি...

Asomiya Pratidin

ডিজিটেল সংবাদ ঢকুৱাখনা: সদৌ অসম কৰ্মচাৰী পৰিষদৰ স্বীকৃতি প্ৰাপ্ত জিলা শাখা ঢকুৱাখনা জিলা কৰ্মচাৰী পৰিষদ। এই জিলা পৰিষদৰ ৩১ সংখ্যক দ্বিবাৰ্ষিক অধিবেশনখন অনুষ্ঠিত কৰাৰ ব্যাপক প্ৰস্তুতি চলিছে।

জিলা পৰিষদৰ অন্তৰ্গত সোৱণশিৰি আঞ্চলিক কৰ্মচাৰী পৰিষদৰ আতিথ্যত ভাটি মেদক উচ্চ মাধ্যমিক বিদ্যালয়ত অধিবেশনখন অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। এই দ্বিবাৰ্ষিক অধিবেশনখন সফল উদযাপনৰ বাবে ইতিমধ্যে টুনিৰাম মেদকক সভাপতি, প্ৰফুনাথ মেদকক কাৰ্যকৰী সভাপতি, হোমেন কমানক সম্পাদক আৰু দীনেশ কুমাৰ কমানক কোষাধ্যক্ষ হিচাবে লৈ এখন উদযাপন সমিতি গঠন কৰা হৈছে।

প্ৰায় ২ শতাধিক প্ৰতিনিধি আৰু বিষয়ববীয়া উপস্থিত থাকিবলগীয়া এই অধিবেশনখন সফল কৰি তুলিবৰ বাবে অহা ৭ মে' মঙ্গলবাৰে উদযাপন সমিতি আৰু ঢকুৱাখনা জিলা কৰ্মচাৰী পৰিষদৰ কাৰ্য্যনিৰ্বাহক সমিতিৰ এখন যুটীয়া বৈঠক আহ্বান কৰা হৈছে। অদ্যপি সঠিক দিন নিৰ্ধাৰণ নোহোৱা অধিবেশনৰ সকলো দিশ আলোচনা কৰিবলৈ অৱনৰি জনজাতি উচ্চ মাধ্যমিক বিদ্যালয়ত দুপৰীয়া ১ বজাত অনুষ্ঠিত হ'ব উক্ত যৌথ সভা।

অতি গুৰুত্বপূৰ্ণ বিবেচিত বৈঠকত ঢকুৱাখনা জিলা কৰ্মচাৰী পৰিষদৰ উপদেষ্টা মণ্ডলী, ৰাজ্যিক সদস্য, জিলা কৰ্মচাৰী পৰিষদৰ বিষয়ববীয়া, সদস্য, সদস্যা আৰু আঞ্চলিক কৰ্মচাৰী পৰিষদৰ সভাপতি, সম্পাদক সমন্বিতে সকলো দায়িত্ববাহীৰ উপস্থিতি জৰুৰী ভাবে কামনা কৰিছে ঢকুৱাখনা জিলা কৰ্মচাৰী পৰিষদৰ সভাপতি অতুল চুতীয়া আৰু সাধাৰণ সম্পাদক সুনীল কুমাৰ দত্তই।