লখিমপুৰ

পশ্চিম মাছখোৱা সমবায়ৰ সভাপতি-সচিবক বান্ধি দিলে ২দিনৰ সময়সীমা

Asomiya Pratidin

ডিজিটেল সংবাদ, ঢকুৱাখনা : ৰাজহুৱা বিতৰণ ব্যৱস্থা তথা ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ বিপৰীতে আবণ্টিত চাউলৰ চোৰাং বেপাৰৰ ভুস্বৰ্গলৈ পৰিণত হৈছে ঢকুৱাখনা।পূব ঢকুৱাখনা সমবায় সমিতি ,পশ্চিম মাছখোৱা সমবায় সমিতি আৰু ঢকুৱাখনা সমবায় সমিতি সকলোতে চৰকাৰী আঁচনিৰ চাউলৰ বৃহৎ কেলেংকাৰী সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হৈছে।

ইতিমধ্যে দুখন সমবায় সমিতিৰ সভাপতি সচিবৰ বিৰূদ্ধে মহকুমা প্ৰশাসনৰ নিৰ্দেশত যোগান বিভাগে আৰক্ষী থানাত গোচৰ ৰুজু  কৰিছে।  অদ্যপি আৰক্ষীৰ গোচৰৰ পৰা পৰিত্ৰাণ পাই অহা পশ্চিম মাছখোৱা সমবায় সমিতিৰ এজেন্ট,সভাপতি,সচিব মহকুমা খাদ্য আৰু অসামৰিক যোগান ও গ্ৰাহক পৰিক্ৰমা বিভাগৰ বিষযাৰ উপস্থিতিত শনিবাৰে এখন বৈঠক অনুষ্ঠিত হয়।

মহকুমাধিপতিৰ সভাকক্ষত অনুষ্ঠিত উক্ত গুৰুত্বপূৰ্ণ বৈঠকত সমবায়খনৰ দুৰ্নীতিগ্ৰস্ত সভাপতি বগেন বৰুৱা (বাঘ) ,সচিব প্ৰদীপ চমুৱা, যোগান বিষয়া কবিন্দ্ৰ মেদক,শ্যাম কুটুমৰ লগতে গৰিষ্ঠসংখ্যক সমবায় এজেন্ট উপস্থিত থাকে। মহকুমাধিপতি কাৰ্ত্তিক কলিতাই আঁত ধৰা বৈঠকত সমবায় সমিতিখনক অদ্যপি  বিতৰণ নকৰাকৈ থকা ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আঁচনিৰ চাউল,সমবায় এজেন্টৰ প্ৰাপ্য বস্তা ওজনৰ বিপৰীতে আবণ্টিত চাউল,এজেন্টৰ প্ৰাপ্য কমিছনৰ পুঁজি,এছ এন পিৰ চাউল আদি অহা ২টা দিনৰ ভিতৰত বিতৰণ কৰি সম্পূৰ্ণ কৰাৰ নিৰ্দেশ দিয়ে মহকুমাধিপতি কলিতাই। 

এজেন্ট সকলকো প্রকৃত পৰিমানতকৈ কমকৈ চাউল নিয়া,চাউল মজুত নথকাকৈ কি দৰে চাউল সকলো গ্ৰাহকক বিতৰণ কৰে,ইমান দিনে কিয় এই অনিয়মৰ সন্দৰ্ভত মহকুমা প্ৰশাসনক কিয় অৱগত কৰা নাছিল আদি বিভিন্ন স্পৰ্শকাতৰ বিষয় সন্দৰ্ভত কৈফিয়ৎ কৰি  এজেন্টসকলৰ পৰা প্ৰত্যুত্তৰ সংগ্ৰহ কৰে। এই সমগ্ৰ অনিয়মৰ সন্দৰ্ভত যোগান বিষয়া কবিন্দ্ৰ মেদকক অৱগত কৰা হৈছে বুলি জানিবলৈ দিয়ে।

ইফালে এজেন্টসকলে প্ৰাপ্য পুঁজি আৰু চাউল তৎকালে আদায় দিয়াৰ আহ্বান জনাই মহকুমাধিপতিক গাঁঠিৰ ধন ভাঙি গ্ৰাহকক প্ৰাপ্য চাউল দি অহাৰ কথাও একাংশ এজেন্টে ব্যক্ত কৰে। সভাত মহকুমাধিপতি কলিতাই অহা দুটা দিনৰ ভিতৰত এই সম্পূৰ্ণ অনাদায় চাউল, এজেন্টৰ প্ৰাপ্য পুঁজি আদায় দিবলৈ সভাপতি বগেন বৰুৱা আৰু সচিব প্ৰদীপ চমুৱাক নিৰ্দেশ দি অন্যথাই কঠোৰ স্থিতি গ্ৰহণ কৰিব বুলি অন্তিমবাৰৰ বাবে সকীয়াই দিয়ে।

মহকুমা প্ৰশাসক কলিতাৰ এই কঠোৰ সকীয়নীত সমবায় সমিতিখনৰ সভাপতি, সচিবৰ লগতে দুৰ্নীতি পৰায়ন ষ্ট''ৰ ইনচাৰ্জ দুলাল চুতীয়াৰ থৰকাচুটি হেৰাইছে ।