লখিমপুৰত চেন্নাই এপল’ হাস্পতালৰ অস্থিৰোগ বিশেষজ্ঞৰ সংবাদমেল 
লখিমপুৰ

লখিমপুৰত চেন্নাই এপল’ হাস্পতালৰ অস্থিৰোগ বিশেষজ্ঞৰ সংবাদমেল

Asomiya Pratidin

ডিজিটেল সংবাদ,লখিমপুৰ : চেন্নাইৰ এপল’ হস্পিতেলৰ অস্থিৰোগ বিশেষজ্ঞ ডা° চেন্থিন কুমাৰ ডুৰাইয়ে শনিবাৰে নৰ্থ লখিমপুৰ প্ৰেছ ক্লাবত এক সংবাদমেল সম্বোধন কৰে ৷ ৰাজ্যৰ চুকে-কোণে এপল’ চেন্নাইৰ চিকিৎসা সেৱা উপলব্ধ কৰাৰ উপলক্ষত এই সংবাদমেল আয়োজন কৰে ৷

চিকিৎসকগৰাকীৰ মতে ৰাজ্যৰ প্ৰতিটো প্ৰান্ততে এপল’ চেন্নাইৰ ইনফৰমেচন চেন্টাৰ স্থাপন কৰা হৈছে। য’ত এপল’ৰ বিশেষজ্ঞ চিকিৎসকৰ দ্বাৰা চিকিৎসা বিষয়ক পৰামৰ্শ আগবঢ়োৱা হয় ।

এই কেন্দ্ৰসমূহে ৰোগীক এপল’ৰ চিকিৎসা লাভত পোনপটীয়াকৈ সহায় আগবঢ়াই আহিছে ৷ মধ্যভোগীৰ জৰিয়তে চিকিৎসা সেৱা নলৈ ৰোগীয়ে কম খৰচত চেন্নাই এপল’ৰ যথোচিত চিকিৎসা সেৱা লাভ কৰে তাৰে লক্ষ্য আগত ৰখা হৈছে ৷