লখিমপুৰ

বিধায়ক-সাংসদৰ ঘনিষ্ঠ ঠিকাদাৰ ৰাজীৱ চাহুৰ বিৰুদ্ধে সৰৱ মৰনৈবাসী

Asomiya Pratidin

ডিজিটেল সংবাদ,ঢকুৱাখনা : লোকনিৰ্মাণ বিভাগৰ এটা গুৰুত্বপূৰ্ণ পথে জ্বলাকলা খুৱাইছে নাগৰিকক। পথটোৰ নিৰ্মাণৰ নামত ঠিকাদাৰে চলোৱা দীৰ্ঘকালীন মইমতালিয়ে জনজীৱন কৰি তুলিছে বিপৰ্যস্ত ।

জানিব পৰামতে ঢকুৱাখনাৰ বিধায়ক নৱ দলে আৰু সাংসদ প্ৰদান বৰুৱাৰ অতি ঘনিষ্ঠ ঠিকাদাৰ ৰাজীৱ চাহুৱে সাংসদ-বিধায়কৰ সতে থকা মধুৰ সম্পৰ্কৰ যোগ্যতাৰে ঢকুৱাখনাত প্ৰায় ৭ কোটি ৯৬ লাখ টকাৰ এটা পথ নিৰ্মাণ আঁচনিৰ ঠিকা লাভ কৰিবলৈ সক্ষম হৈছিল। ঢকুৱাখনা ক্ষেত্ৰীয় লোকনিৰ্মান বিভাগৰ অন্তৰ্গত বৰদৈবামৰ পৰা মৰনৈ বেবেজীয়া সংযোগী পথ নিৰ্মাণত ঠিকা লৈ ঠিকাদাৰে চলাই আহিছে অতপালি।

লোকনিৰ্মাণ বিভাগৰ প্ৰায় ৭ কোটি ৯৬ লাখ টকা ব্যয় সাপেক্ষ পথটো ঠিকাদাৰ চাহুৱে বিগত প্ৰায় ৩ বছৰে নিৰ্মান কাৰ্য সম্পূৰ্ণ নকৰাত ৰাইজ সীমাহীন দুখ যন্ত্ৰণাৰ সন্মুখীন হৈ আহিছে । অতি নিম্নমানৰ আৰু শামুকীয়া গতিৰে পথ নিৰ্মান কৰি অহাত বৃহৎ পৰিমাণৰ চৰকাৰী পুঁজি অপচয় হোৱাৰ আশঙ্কা কৰা হৈছে।

অভিযোগ অনুসৰি,পথটো নিৰ্মাণৰ বেলিকা ঠিকাদাৰ ৰাজীৱ চাহুৱে এনেদৰে ৰাইজক পণবন্দী কৰি অব্যাহত ৰখা বেপৰোৱা কাণ্ড দেখি জানিও নিমাত বিধায়ক সাংসদ। ঢকুৱাখনা লোকনিৰ্মান বিভাগৰ কাৰ্যবাহী অভিযন্তা দণ্ডীধৰ মিলিকো কেৰেপ নকৰা দাম্ভিক ঠিকাদাৰজনে কাৰ্যবাহী অভিযন্তাগৰাকীৰ ফোন ব্লক লিষ্টত ভৰাই কামৰ তাগিদাৰ পৰা কৌশলেৰে বচাৰ অপচেষ্টা কৰি অহাৰো তথ্য পোৱা বুলিও জানিবলৈ দিয়ে।

প্ৰভাৱশালী স্বাৰ্থপৰ ৰাজনীতিকৰ ঘনিষ্ঠ হোৱাৰ বাবেই লোকনিৰ্মান বিভাগৰ এইজন দায়িত্বহীন ঠিকাদাৰৰ মইমতালি পূৰ্ণ স্থিতিৰ বিপৰীতে বৃহস্পতিবাৰে ৰাইজ ওলাই আহে উক্ত নিৰ্মীয়মান পথলৈ । সাংসদ বিধায়কৰ আশীষ ধন্য ঠিকাদাৰ চাহুৰ বিৰুদ্ধে কঠোৰ স্থিতি লোৱাৰ দাবী জনাই সকীয়নী প্ৰদান কৰিছে ভুক্তভোগী ৰাইজে।

বৃহস্পতিবাৰে ভুক্তভোগী ৰাইজে অকৰ্মণ্য ঠিকাদাৰজনক বান্ধি দিছে এসপ্তাহৰ সময় সীমা। এসপ্তাহৰ ভিতৰত পথটো সঠিকভাৱে নিৰ্মাণ নকৰিলে ৰাজহুৱা প্ৰতিবাদ সাব্যস্ত কৰিব বুলি সকীয়াই দিছে ভুক্তভোগী মৰনৈবাসীয়ে।

ৰাইজৰ দাবী- মৰটোপনি নামাৰি লোকনিৰ্মান বিভাগে ঠিকাদাৰজনৰ এই দুষ্কাৰ্যৰ সন্দৰ্ভত শীঘ্ৰে তদন্ত কৰি কঠোৰ ব্যৱস্থা গ্ৰহণ কৰক আৰু প্ৰয়োজন হ'লে ব্লেকলিষ্টেড কৰাৰ প্ৰক্ৰিয়া গ্ৰহণ কৰক বুলি হুংকাৰ প্ৰদান কৰে ।