হাৰ্হি জিলা পৰিষদৰ বিলুপ্তিকৰণৰ বিৰুদ্ধে প্ৰতিবাদী সভাঃ নিৰ্বাচন বর্জনৰ হুংকাৰ... 
লখিমপুৰ

হাৰ্হি জিলা পৰিষদৰ বিলুপ্তিকৰণৰ বিৰুদ্ধে প্ৰতিবাদী সভাঃ নিৰ্বাচন বর্জনৰ হুংকাৰ...

Asomiya Pratidin

ডিজিটেল সংবাদ ঢকুৱাখনা: ঢকুৱাখনা বিধানসভা সমষ্টিৰ অন্তৰ্গত বৃহত্তৰ পশ্চিম মাছখোৱা অঞ্চলৰ অস্তিত্ব বিপন্ন কৰাত নামি পৰিছে লখিমপুৰ জিলা প্ৰশাসন।বিধানসভা সমষ্টিৰ সীমা পুনৰ নিৰ্ধাৰণৰ পৰৱৰ্তী সময়ত পঞ্চায়ত সমষ্টিসমূহৰ সীমা নিৰ্ধাৰণৰ বেলিকা ঢকুৱাখনা মহকুমাৰ বৃহত্তৰ পশ্চিম মাছখোৱা অঞ্চলৰ ৪ খন গাঁও পঞ্চায়তক সামৰি গঠিত হাৰ্হি জিলা পৰিষদ সমষ্টিক বিলুপ্ত কৰি এই জিলা পৰিষদ সমষ্টিটোৰ চাৰিওখন পঞ্চায়ত ভাগ ভাগ কৰি দিয়া কাৰ্যত ক্ষুব্ধ হৈ বৃহস্পতিবাৰে অনুষ্ঠিত কৰা হয় এক প্ৰতিবাদী ৰাজহুৱা সভা। 

লখিমপুৰ জিলা পুনৰনিৰ্ধাৰণ আয়োগৰ এনে হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে বৃহত্তৰ পশ্চিম মাছখোৱাৰ সকলো দল সংগঠন একত্ৰিত হৈ বৃহস্পতিবাৰে অনুষ্ঠিত কৰে প্ৰতিবাদী সভা।ধেনুখনা বাটমাৰী পঞ্চায়তৰ ঘাৰমৰা বিজয়পুৰ ৰাজহুৱা প্ৰেক্ষাগৃহত অনুষ্ঠিত গুৰুত্বপূৰ্ণ বিবেচিত ৰাজহুৱা সভাত সভাপতিত্ব কৰে প্ৰবীণ নাগৰিক মিঠাৰাম চেতিয়াই।

ছাত্ৰ নেতা তথা স্থানীয় বাসিন্দা জ্ঞানদীপ বৰাই উদেশ্য ব্যাখ্যা কৰা সভাত পশ্চিম মাছখোৱাৰ সমাজ সচেতন ব্যক্তিসকলৰ লগতে চি পি আই দলৰ প্ৰবীণ নেতা মিঠাৰাম চেতিয়া, পশ্চিম মাছখোৱা সমবায় সমিতিৰ সভাপতি মহেন্দ্ৰ ফুকন, চুতীয়া জাতিৰ অগ্ৰণী নেতা দিলীপ বৰুৱা, সদৌ গোর্খা ছাত্র সন্থাৰ ঢকুৱাখনা মহকুমা সমিতিৰ সভাপতি বিজু ছেত্ৰী, ঢকুৱাখনা মহকুমা ছাত্র সন্থাৰ সভাপতি জ্ঞানদীপ বৰা, সদৌ অসম চাহ জনজাতি ছাত্র সন্থাৰ লখিমপুৰ জিলা সমিতিৰ সাংগঠনিক সম্পাদক মুকেশ কৰ্মকাৰ, টাই আহোম ছাত্র সন্থাৰ গন্ধীয়া আঞ্চলিক সমিতিৰ সভাপতি বসন্ত ফুকন আৰু সন্মিলিত গণশক্তি অসমৰ সক্ৰিয় কৰ্মী সুমিত্ৰ শইকীয়া আদি উপস্থিত থাকি স্পৰ্শকাতৰ সমস্যাটোৰ ওপৰত বিশ্লেষণাত্মক বক্তব্য আগবঢ়াই এনে চৰকাৰী সিদ্ধান্ত মানি নোলোৱাৰ মত ব্যক্ত কৰে।

ঐতিহাসিক ভাবে পৰিচিত পশ্চিম মাছখোৱা অঞ্চলৰ হাৰ্হি জিলা পৰিষদ সমষ্টিতো বিলুপ্তি কৰা আৰু এই সমষ্টিতোৰ ৪খন পঞ্চায়ত ক্ৰমে হাৰ্হি, গন্ধিয়া ,শিঙিয়া আৰু ধেনুখণা বাটমাৰীক দ্বিবিভক্ত কৰি দুটা জিলা পৰিষদ সমষ্টিত অন্তৰ্ভুক্ত কৰা কাৰ্যক বক্তাসকলে একেমুখে প্ৰতিবাদ কৰে। পশ্চিম মাছখোৱা অঞ্চলটোৰ ভৌগলিক পৰিচিতিলৈ প্ৰচণ্ড ভাবুকি নমাই অনা এই চৰকাৰী চক্ৰান্ত কোনো কাৰণতে মানি লোৱা নহ'ব বুলি উপস্থিত সকলো বক্তাই ঐক্যবদ্ধ মত পোষণ কৰি বিষয়টো পুনৰ বিবেচনা কৰাৰ দাবী জনায়।

সভাতেই এনে পশ্চিম মাছখোৱা বিদ্বেষী চৰকাৰী সিদ্ধান্তৰ সংঘবদ্ধ প্ৰতিবাদ কৰি শুকুৰবাৰে লখিমপুৰ জিলা আয়ুক্তক ৰাজহুৱা আপত্তি দাখিল কৰাৰো সৰ্বসন্মত সিদ্ধান্ত গ্ৰহণ কৰে। সভাত হাৰ্হি জিলা পৰিষদ সমষ্টিৰ নামাকৰণ বাহাল ৰখা, ৪ খন পঞ্চায়তক দ্বিবিভক্ত কৰা খচৰা সিদ্ধান্ত বাতিল কৰি একেখন জিলা পৰিষদ সমষ্টিৰ অন্তৰ্ভুক্ত কৰা আদি বহু কেইটা গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰা হয়।

সভাই ৰাজহুৱা সভাৰ প্ৰস্তাৱ জিলা প্ৰশাসন আৰু আয়োগে অগ্ৰাহ্য কৰিলে তাৎক্ষণিক ভাৱে ধাৰাবাহিক গণতান্ত্ৰিক আন্দোলনৰ সূত্ৰপাত ঘটাৰ সকীয়নী দি অনাগত পঞ্চায়ত নিৰ্বাচন ৪ খন পঞ্চায়তত বৰ্জন কৰা হ'ব বুলি ঐক্যমত পোষণ কৰি প্ৰস্তাৱ গ্ৰহণ কৰে।

সভাতেই এই ধাৰাবাহিক প্ৰক্ৰিয়াটো আগুৱাই নিবলৈ জ্যেষ্ঠ নাগৰিক মিঠাৰাম চেতিয়াক সভাপতি, মহেন্দ্ৰ ফুকন আৰু দীপেন বৰাক উপসভাপতি, জ্ঞানদীপ বৰা আৰু পল্লব বৰুৱাক যুটীয়া সম্পাদক, বসন্ত ফুকন, বিজু ছেত্ৰী আৰু মুকেশ কৰ্মকাৰক সহকাৰী সম্পাদক হিচাবে লৈ "হাৰ্হি জিলা পৰিষদ সমষ্টিৰ সুৰক্ষা সমিতি" নামৰ এখন সমিতি গঠন কৰা হয়।