লখিমপুৰ

ভোমাজাৰণি উঃ মাঃ বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ বিৰুদ্ধে ৰাইজৰ অভিযোগ

Asomiya Pratidin

ডিজিটেল সংবাদ, ঢকুৱাখনা : শিক্ষাৰ্থীৰ শৈক্ষিক ভৱিষ্যত সমুজ্জল কৰাৰ দায়িত্ব প্ৰাপ্ত এগৰাকী প্ৰধান শিক্ষকৰ চূড়ান্ত দায়িত্বহীন ভূমিকাৰ বাবে এগৰাকী ছাত্ৰৰ ভৱিষ্যতলৈ নামি আহিছে গভীৰ অনিশ্চয়তা । ঢকুৱাখনা সমজিলাৰ অন্তৰ্গত ভোমাজাৰণি উচ্চ মাধ্যমিক বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক গোবিন বৰুৱাই এই অবিবেচকী কাণ্ড সংঘটিত কৰাৰ ৰাজহুৱা অভিযোগ উত্থাপিত হৈছে।

উত্থাপিত  অভিযোগ অনুসৰি বিদ্যালয়খনৰ দশম শ্ৰেণীৰ নিয়মীয়া শিক্ষাৰ্থী মাধৱ দলেয়ে নিজৰ দশম শ্ৰেণীৰ নাম পঞ্জীয়নৰ বাবে প্ৰধান শিক্ষক গোবিন বৰুৱাক যাবতীয় নথিপত্ৰ প্ৰদান কৰিছিল । সেইমতে ছাত্ৰজন পঞ্জীয়নৰ আশাত আছিল যদিও শেহতীয়াকৈ ছাত্ৰজনৰ নাম বিদ্যালয়খনৰ পঞ্জীকৃত ছাত্ৰৰ তালিকাত অন্তৰ্ভুক্ত নহ'ল ।

ইতিমধ্যে নৱম শ্ৰেণীৰ নাম পঞ্জীয়নৰ সময়সীমা উকলি যোৱাৰ পৰিপ্ৰেক্ষিতত এতিয়া ছাত্ৰজনৰ শৈক্ষিক ভৱিষ্যত অন্ধকাৰাচন্ন হোৱাৰ আশঙ্কা প্ৰবল হৈছে । শিক্ষাৰ্থীজনৰ অভিভাৱক পুষ্পধৰ দলে আৰু আত্মীয়ই জনোৱা মতে  বিদ্যালয়খনৰ ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক বৰুৱা আৰু কম্পিউটাৰৰ কাম পৰিচালনা কৰা সহকাৰী শিক্ষক উৎপল চুতীয়াৰ চূড়ান্ত কাণ্ডজ্ঞানহীন আৰু বেপৰোৱা ভূমিকাৰ বাবে এটা মূল্যবান শিক্ষাবর্ষৰ লগতে শৈক্ষিক যাত্ৰা এবছৰৰ বাবে স্থবিৰ হৈ পৰিল ।

বিদ্যালয়খনৰ নিয়মীয়াকৈ শিক্ষা গ্ৰহণ কৰি কেৱল প্ৰধান শিক্ষক আৰু সহকাৰী শিক্ষকৰ দায়িত্বহীনতাৰ বাবে এগৰাকী ছাত্ৰৰ জীৱনলৈ নামি অহা এই  ভয়ংকৰ অনিশ্চয়তাই ছাত্ৰজনক মানসিকভাৱে চূড়ান্ত আঘাত হানিছে বুলি অভিভাৱকে আক্ষেপেৰে জনায় । এগৰাকী ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক আৰু সহকাৰী শিক্ষকৰ কাণ্ডজ্ঞানহীন ভূমিকাৰ বাবে দৰিদ্ৰ ছাত্ৰজন হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ পৰা বঞ্চিত হোৱাৰ অভিযোগ উত্থাপিত হোৱাৰ পৰিপ্ৰেক্ষিতত বৃহস্পতি বাৰে এখন ৰাজহুৱা সভা আহ্বান কৰাৰ কথা জানিবলৈ দিয়ে ।

বিদ্যালয় প্ৰাঙ্গনত ভোমাজাৰণি সচেতন নাগৰিক মঞ্চৰ লগতে ৰাইজ সংগঠন একত্ৰিত হৈ আহ্বান কৰা এই ৰাজহুৱা সভাত বিদ্যালয়খনৰ ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক নিযুক্তিকলৈ সৃষ্টি হোৱা ক্ষোভ অসন্তুষ্টিৰ লগতে জ্যেষ্ঠতাৰ নীতি উলংঘা কৰি কনিষ্ঠক দায়িত্ব দিয়াৰ চক্ৰান্তৰ বিষয়টো উত্থাপিত হ'ব বুলি আহ্বায়কসকলে জানিবলৈ দিছে । উল্লেখযোগ্য যে ১৯৮৮ চনত প্ৰতিষ্ঠা হোৱা বিদ্যালয়খনৰ বৰ্তমানৰ ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক গোবিন বৰুৱাই অহা ৩০ অক্টোবৰত চাকৰিৰ পৰা অৱসৰগ্ৰহণ কৰিব ।

পৰৱৰ্তী সময়ৰ বাবে ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত অনিয়ম আৰু জ্যেষ্ঠতাৰ নীতি উলংঘা হোৱাৰ অভিযোগ তুলি বৃহস্পতিবাৰে ৰাজহুৱা সভা আহ্বান কৰা বুলি আহ্বায়ক সমিতিয়ে জানিবলৈ দিছে ।