লখিমপুৰ

ঢকুৱাখনাত উপস্থিত ৰাহুল গান্ধী

Asomiya Pratidin

ডিজিটেল সংবাদ, ঢকুৱাখনাঃ বহু প্ৰতীক্ষাৰ অন্তত মাজুলীৰ পৰা স্থল পথেৰে ৰাহুল গান্ধী আহি শুক্ৰবাৰে উপস্থিত হয় ঢকুৱাখনাত। এটা বিশাল জন সমদলৰে পৰিবেষ্টিত হৈ উপস্থিত হয়  কংগ্ৰেছ দলৰ নেতা তথা সাংসদ ৰাহুল গান্ধী। অসম প্ৰদেশ কংগ্ৰেছ সমিতি , লখিমপুৰ জিলা কংগ্ৰেছ আৰু ঢকুৱাখনা ব্লক কংগ্ৰেছৰ কেইবা শতাধিক কৰ্মকর্তাই  এ আই চি চিৰ নেতা গান্ধীক ঢকুৱাখনা- মাজুলীৰ সীমা খেৰকটীয়া নদীৰ সীমাৰ পৰা আদৰি আনে ।

যাত্ৰা পথত কংগ্ৰেছ নেতা গান্ধীক অগণন ৰাইজ আৰু দলীয় নেতা কৰ্মীয়ে ফুলাম গামোচাৰে আদৰণি জনাই। অজস্ৰ ৰাইজৰ স্বতঃস্ফূৰ্ত সমাদৰ আৰু জয়ধ্বনিৰ মাজতে বিয়লি প্ৰায় ২-৫০ বজাত  উপস্থিত হয় ঢকুৱাখনা ব্লক চাৰিআলিত । হাজাৰ বিজাৰ দলীয় কৰ্মকর্তা , বিকল্প সন্ধানী সৰ্বসাধাৰণ  ৰাইজৰ উষ্ণ আদৰণি গ্ৰহণ কৰি কংগ্ৰেছ নেতাগৰাকী নিজৰ কনতেইনাৰ গাড়ীৰে অগ্ৰসৰ হয় ঢকুৱাখনা সদৰ চাৰিআলি অভিমুখে ।

দলীয় শ্লোগান , বিপুল হৰ্ষধ্বনিৰ মাজত নিজৰ কনতেইনাৰ বাহনেৰে আগুৱাই যোৱা গান্ধীক ওচৰৰ পৰা হাত মিলাই সম্ভাষণ জনোৱাৰ বাবে হেতা উপৰা লাগে ঢকুৱাখনাৰ অপেক্ষাৰত নাগৰিকৰ । সাংসদ গান্ধীয়েও কনতেইনাৰ বাহনৰ দুৱাৰৰ মুখলৈ ওলাই আহি উৎসুক ৰাইজৰ লগত হাত মিলাই প্ৰতি সম্ভাষণ জনাই।

ৰাইজৰ লগত নিজৰ বাহনৰ পৰাই হাত জোকাৰি অগ্ৰসৰ হোৱা গান্ধীক প্ৰশাসনে পদযাত্ৰা কৰিবলৈ অনুমতি নিদিয়াত দুপৰীয়াৰ পৰা আদৰৰ নেতাগৰাকীৰ সৈতে মত বিনিময় কৰিবলৈ অপেক্ষা কৰা ৰাইজ বিমুখ হ'ব লগা হয়। ঢকুৱাখনাৰ পৰা এই বিশাল মিচিল ঘিলামৰাত উপস্থিত হৈ বিকল্প সন্ধানী ৰাইজৰ বিপুল সমাদৰ লাভ কৰে । পাছত ৰাহুল গান্ধী গোগামুখলৈ ৰাওনা হয়। জনিবপৰা মতে গোগামুখত সাংসদ গৰাকীয়ে নিশা কটাব।