লখিমপুৰ

অৱসৰপ্ৰাপ্ত সহকাৰী অভিযন্তা প্ৰেম কুমাৰ টাইডৰ বিয়োগ

Asomiya Pratidin

ডিজিটেল সংবাদ, ঢকুৱাখনা : ঢকুৱাখনা নগৰ নিবাসী তথা যোৰহাট জলসম্পদ সংমণ্ডলৰ অৱসৰপ্ৰাপ্ত সহকাৰী অভিযন্তা প্ৰেম কুমাৰ টাইডৰ দেওবাৰে বিয়োগ ঘটে । অৱসৰপ্ৰাপ্ত অভিযন্তা টাইড শনিবাৰে উচ্চ ৰক্তচাপজনিত কাৰণত আক্ৰান্ত হৈ প্ৰথমে ঢকুৱাখনা মহকুমা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল।

ইয়াৰ পাছত প্ৰেমকুমাৰ টাইডক চিকিৎসকৰ পৰামৰ্শ মৰ্মে ডিব্ৰুগড়লৈ উন্নত চিকিৎসাৰ বাবে নিয়া হয় যদিও পৰৱৰ্তী সময়ত দেওবাৰে পুৱা ৯-০০ বজাত চিকিৎসাধীন অৱস্থাতে শেষ নিশ্বাস ত্যাগ কৰে । মৃত্যুৰ সময়ত টাইডৰ বয়স হৈছিল প্ৰায় ৬১ বছৰ ।

মৃত্যুৰ সময়ত টাইডে পত্নী, কন্যাসহ অজস্ৰ গুণমুগ্ধক ইহ সংসাৰত এৰি থৈ যায়। অমায়িক , সমাজপ্ৰাণ টাইডৰ মৃত্যুত সমগ্ৰ ঢকুৱাখনাতে শোকৰ ছাঁ পৰিছে ।