লখিমপুৰ

ঢকুৱাখনাত পুৱতি নিশা ভয়ংকৰ পথ দুৰ্ঘটনা

Asomiya Pratidin

ডিজিটেল সংবাদ, ঢকুৱাখনা : সোমবাৰে পুৱতি নিশাই এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় ঢকুৱাখনাত । আজি পুৱা প্ৰায় ৩-৪৩ বজাত ঢকুৱাখনা-ঘূণাসুঁতি লোকনিৰ্মান পথৰ ফাটবিহু বাকৰিৰ সম্মুখত এখন তীব্ৰবেগী মাৰুতি এলট' বাহনে পথৰ দাঁতিত থকা এজোপা কঠাল গছত প্ৰচণ্ড জোৰে খুন্দা মাৰে ।

ফলত গাড়ীখনৰ সন্মুখ ভাগ চূৰ্ণ-বিচূৰ্ণ হোৱাৰ লগতে  গাড়ীত থকা পৱন ফুকন(২৫) নামৰ এজন যুৱক গুৰুতৰভাৱে আহত হয় । গাড়ীৰ খুন্দাৰ শব্দত সাৰ পাই ওচৰৰ ৰাইজ ওলাই আহি ১০৮ সেৱাক যোগাযোগ কৰে।

লগতে স্থানীয় ৰাইজে ঘটনা সন্দৰ্ভত ঢকুৱাখনা আৰক্ষীকো অৱগত কৰে। আৰক্ষী তহলদাৰী গোটে আহি  সংকটজনক অৱস্থাত গাড়ীৰ ভিতৰত থকা যুৱকজনক উলিয়াই চিকিৎসালয়লৈ নিয়ে ।

যুৱকজনৰ আঘাতৰ পৰিমাণ জটিল হোৱাত প্ৰাথমিক চিকিৎসা আগবঢ়াই পৰৱৰ্তী সময়ত ক্ষীপ্ৰতাৰে ডিব্ৰুগড়লৈ  প্ৰেৰণ কৰা বুলি জানিব পৰা গৈছে। আহত যুৱকজন ঢকুৱাখনা সদৰ থানাৰ অন্তৰ্গত খজুৱা গাঁৱৰ ৰজনী ফুকনৰ পুত্ৰ বুলি চিনাক্ত কৰা হৈছে।

উল্লেখযোগ্য যে মূৰ আৰু মুখ মণ্ডলত বহু পৰিমাণে আঘাতপ্ৰাপ্ত হোৱা পৱনৰ সৈতে আৰু দুজন যুৱক গাড়ীখনত আছিল বুলি প্ৰত্যক্ষদৰ্শীয়ে জানিবলৈ দিয়ে। লগতে ঘটনা সংঘটিত হোৱাৰ পাছতে সামান্য পৰিমাণে আঘাতপ্ৰাপ্ত যুৱক কেইজন পলায়ন কৰা বুলি প্ৰত্যক্ষদৰ্শীয়ে মন্তব্য কৰে।

ইফালে দুৰ্ঘটনাত পতিত বাহনখন আৰক্ষীয়ে জব্দ কৰি থানালৈ নিছে । এ এছ ০৭-ইউ-২৯২৮ নম্বৰৰ গাড়ীখন পৱন ফুকনৰ পিতৃ ৰজনী ফুকনৰ নামত পঞ্জীভূত । আৰক্ষীয়ে এই সন্দৰ্ভত এটা গোচৰো ৰুজু কৰিছে ।