লখিমপুৰ

ঢকুৱাখনাত ৰাষ্ট্ৰীয় পথ সুৰক্ষা মাহ উপলক্ষত সজাগতা অভিযান

Asomiya Pratidin

ডিজিটেল সংবাদ, ঢকুৱাখনাঃ ৰাষ্ট্ৰীয় পথ সুৰক্ষা মাহ ২০২৪ উপলক্ষে বুধবাৰে লখিমপুৰ জিলা পৰিবহন বিভাগৰ উদ্যোগত ঢকুৱাখনা মহকুমাত দিনজোৰাকৈ এলানি সজাগতামূলক কাৰ্যসূচী গ্ৰহণ কৰা হয়।

যোৱা ১৫ জানুৱাৰীৰ পৰা জিলাখনত শুভাৰম্ভ হোৱা এই সুৰক্ষা মাহ উপলক্ষত জিলা পৰিবহন বিভাগৰ বিষয়া ৰাজীৱ ভূঞা আৰু নৰেন বৰঠাকুৰৰ নেতৃত্বত আৰু লখিমপুৰ মৈদমীয়াৰ স্বেচ্ছাসেৱী সংগঠন "বান্ধৈ"ৰ কমকৰ্তা হেমন্ত বনীয়া ,ধৃতি বনীয়া,পূজা দত্ত, লক্ষ্যহীৰা শইকীয়া, বৰ্ণালী শইকীয়াৰ সহযোগত দলটোৱে ঢকুৱাখনা নগৰৰ বিভিন্ন ৰাজপথ ,উপ পথত চলাচল কৰা ব্যক্তিগত আৰু বাণিজ্যিক যানবাহনৰ চালক আৰোহীক পথ সুৰক্ষাজনিত দিহা পৰামৰ্শ প্ৰদান কৰে।

তাৰোপৰি পথ দুৰ্ঘটনাৰ পৰা নিজক আৰু পথচাৰীক সুৰক্ষা দিবলৈ গ্ৰহণ কৰিব লগা সতৰ্কতা মূলক পদক্ষেপৰ সন্দৰ্ভত দিহা পৰামৰ্শ প্ৰদান কৰে আৰু পত্ৰিকা বিতৰণ কৰে । "পথ সুৰক্ষাই জীৱন ৰক্ষা" শীর্ষক বাণী বিলাই পৰিবহন বিভাগৰ বিষয়া সকলে ৰাজ্য চৰকাৰৰ পৰিবহন বিভাগে গ্ৰহণ কৰা পথ দুৰ্ঘটনাৰ পৰা হাত হাৰিবলৈ, পথ সুৰক্ষাৰ "পঞ্চসূত্ৰ" সন্দৰ্ভত বিস্তৃত অবলোকন কৰি ৰাইজৰ মাজত সজাগতা আৰু সচেতনতা বৃদ্ধিৰ চেষ্টা চলাই।