লখিমপুৰ

ঢকুৱাখনা শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়ত “বহাগী ৰং”অনুষ্ঠান...

Asomiya Pratidin

ডিজিটেল সংবাদ, ঢকুৱাখনাঃ ঢকুৱাখনাত গুণগত আৰু আত্মোৎসৰ্গী শিক্ষাগুৰু আৰু শিক্ষাব্ৰতী গঢ় দিযাৰ প্ৰধান উচ্চ শিক্ষানুষ্ঠান ঢকুৱাখনা শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়। উত্তৰ অসমৰ শৈক্ষিক জগতৰ এক সমুজ্জল নক্ষত্ৰ স্বৰূপ এই মহাবিদ্যালয়ত বৃহস্পতিবাৰে দিন জোৰা কাৰ্যসূচীৰে উদযাপিত কৰা হয় "বহাগীৰ ৰং" শীর্ষক এক বৰ্ণাঢ্য সাংস্কৃতিক অনুষ্ঠান।

মহাবিদ্যালয়খনৰ অধ্যক্ষ ড০ প্ৰদীপ চন্দ্ৰ বৰা ,সমূহ প্ৰশিক্ষক ,কৰ্মচাৰী, আৰু প্ৰশিক্ষাৰ্থীৰ যৌথ পৃষ্ঠপোষকতাত বৃহস্পতিবাৰে মহাবিদ্যালয়ৰ প্ৰাংগনত আয়োজন কৰা এই "বহাগী ৰং" অনুষ্ঠানৰ শুভাৰম্ভ কৰে প্ৰবীণ শিক্ষাবিদ তথা মহাবিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি পূৰ্ণানন্দ গগৈয়ে ৷

বৰ অসমৰ ভেঁটিত অসমীয়া জাতিৰ স্বকীয় লোক কৃষ্টি সংস্কৃতি,পৰম্পৰা কালৰ বুকুত নজহা নপমাকৈ প্ৰতিজন অসমীয়াই সুৰক্ষিত কৰি ৰাখিব লাগিব বুলি মন্তব্য কৰে শিক্ষাবিদ পূৰ্ণানন্দ গগৈয়ে। পৰিৱৰ্তন , বাণিজ্যিকিকৰণ আৰু পশ্চিমীয়া অপসংস্কৃতিৰ কৰাল গ্ৰাসৰ পৰা আমাৰ একক লোক সম্পদ স্বৰূপ জাতীয় কৃষ্টি, সংস্কৃতিক নিলগাই ৰাখিব নোৱাৰিলে অসমীয়া জাতিৰ ভৱিষ্যত সুৰক্ষিত নহয় বুলি কয় মন্তব্য কৰে। তেওঁ সমাজ সভ্যতাৰ অতন্দ্ৰ প্ৰহৰী স্বৰূপ শিক্ষক প্ৰশিক্ষাৰ্থীসকলৰ এই ক্ষেত্ৰত কৰণীয়তা অধিক বুলি মন্তব্য কৰি বিদ্যায়তনিক ব্যস্ততাৰ মাজতে জাতীয় লোক বাদ্য বাদন, লোক সংগীত চৰ্চা অব্যাহত ৰখাৰ বাবেও প্ৰশিক্ষাৰ্থীসকলৰ প্ৰতি আহ্বান জনায় ।

মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ প্ৰদীপ চন্দ্ৰ বৰাই উদ্ধোধন কৰা পৰম্পৰাগত লোক কৃষ্টি সংস্কৃতিৰ বৰ্ণিল কাৰ্যসূচীৰ পাছতে জাতীয় সাজপাৰেৰে উদ্ভাসিত হোৱা মহাবিদ্যালয়খনৰ প্ৰশিক্ষকসকলৰ জৰিয়তে শিক্ষানুষ্ঠানৰ চৌহদত কপৌফুল ৰোপণ কাৰ্যসূচী সম্পন্ন কৰা হয় ।

পৰৱৰ্তী সময়ত মহাবিদ্যালয়ৰ অধ্যক্ষ, প্ৰশিক্ষক, কৰ্মচাৰী, প্ৰশিক্ষাৰ্থী সকলো একত্ৰিত হৈ অনুষ্ঠিত কৰে মুকলি বিহু ৷ মহাবিদ্যালয়ৰ পৰিয়ালৰ এনে উৎসাহ পূৰ্ণ ৰঙালীৰ উদযাপনত প্ৰাক্তন প্ৰশিক্ষাৰ্থী, শিক্ষানুৰাগী ৰাইজেও একাত্ম হৈ স্বতঃস্ফূৰ্ত ভাবে অংশগ্ৰহণ কৰি ৰঙালীৰ ৰংত আত্মবিভোৰ হৈ অনুষ্ঠানতো অধিক প্ৰাণৱন্ত কৰি তোলে।