ঘিলামৰাত এছ এছ টি গোটৰ তালাচীত ৩.৮৮ লাখ টকা জব্দ... 
লখিমপুৰ

ঘিলামৰাত এছ এছ টি গোটৰ তালাচীত ৩.৮৮ লাখ টকা জব্দ...

Asomiya Pratidin

ডিজিটেল সংবাদ ঢকুৱাখনা: সমাগত লোকসভাৰ সাধাৰণ নিৰ্বাচন । ৰাজনৈতিক দলসমূহৰ নিৰ্বাচনী প্ৰচাৰৰ সমান্তৰালভাবে আগত নিৰ্বাচন যাতে শান্তিপূৰ্ণ আৰু নিকা ভাবেৰে পৰিচালিত হয় তাৰ প্ৰতি সতৰ্ক ৰাজ্যৰ নিৰ্বাচনী আয়োগ।

ঢকুৱাখনা বিধানসভা সমষ্টিটোৰ আগন্তুক নিৰ্বাচন সুচাৰোৰূপে পৰিচালনা কৰাৰ ক্ষেত্ৰত ঢকুৱাখনা জিলা নিৰ্বাচনী বিষয়াৰ কাৰ্য্যালয় সদাসস্তম হৈ পৰা পৰিলক্ষিত হৈছে। জিলা নিৰ্বাচনী বিষয়া কাৰ্ত্তিক কলিতাৰ নিজস্ব সূক্ষ্ম পৰ্যবেক্ষণত পৰিচালিত সমষ্টিটোৰ সকলো নিৰ্বাচনী কোষ।

বিশেষভাবে সমষ্টিটোত অতি সষ্টম কৰি ৰাখিছে এছ এছ টি গোট। দৈনিক এই গোটে নিয়মীয়া অভিযান চলাই আহিছে। দেওবাৰেও এই গোটৰ নিয়মীয়া কৰ্তব্যৰ সময়ত উদ্ধাৰ হয় ৩ লাখ ৮৮ হাজাৰ নগদ ধন। সমষ্টিটোৰ কদম চক্ৰৰ এছ এছ টি গোটৰ ডি শইকীয়াৰ নেতৃত্বত ঘিলামৰাত চলোৱা তালাচী কালত উদ্ধাৰ হয় এই ধন ৰাশি।

গোগামুখ -ঘিলামৰা লোকনিৰ্মান পথৰ ঘিলামৰা আৰক্ষী থানাৰ সন্মুখত এ এছ ০৭-আৰ-৮৭৩৮ নম্বৰৰ এখন বগা বলেৰ' গাড়ীৰ পৰা উদ্ধাৰ কৰে এই নগদ ধন। জনামতে লখিমপুৰ জিলাৰ পানী গাঁও আৰক্ষী থানাৰ অন্তৰ্গত বচাই গাঁৱৰ প্ৰয়াত বাচি দাসৰ পুত্ৰ ৰমেন দাস নামৰ এজন ব্যক্তিয়ে নিজৰ বলেৰ' গাড়ীত আনি থকা অৱস্থাতে উদ্ধাৰ হয় এই ধন । এছ এছ টি গোটটোৱে মুঠ ৩ লাখ ৮৮ হাজাৰ টকা জব্ধ কৰি "ডিষ্ট্ৰিক্ট গ্ৰীভেন্স চেল" ত বিধিগত নীতি নিয়মৰ অন্তত জমা কৰে।