জ্যেষ্ঠ সংবাদিক তথা সাংস্কৃতিক কৰ্মী সুৰজিত ভূঞা আৰু নাই... 
লখিমপুৰ

জ্যেষ্ঠ সংবাদিক তথা সাংস্কৃতিক কৰ্মী সুৰজিত ভূঞা আৰু নাই...

Asomiya Pratidin

ডিজিটেল সংবাদ লখিমপুৰঃ লখিমপুৰৰ জ্যেষ্ঠ সাংবাদিক, বিশিষ্ট সাংস্কৃতিক কৰ্মী সংগীত সত্ৰ অসমৰ উপ-পৰীক্ষা নিয়ন্ত্ৰক সুৰজিত ভূঞা আৰু নাই। বৃহস্পতিবাৰে তেওঁৰ হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ মৃত্যু হয়।

জানিব পৰা মতে অসুস্থ হৈ পৰা সুৰজিত ভূঞাক প্ৰথমে লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হৈছিল। পিছত দুপৰীয়া অসম মেডিকেল কলেজ হাস্পতাললৈ উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হয়।

পিছত ইয়াতেই তেওঁ দিনৰ ২-২৩ বজাত শেষ নিশ্বাস ত্যাগ কৰে। মৃত্যুৰ সময়ত সুৰজিত ভূঞাই পত্নী আৰু কন্যাৰ লগতে আত্মীয় স্বজনক ইহ সংসাৰত এৰি গৈছে। ভূঞাৰ মৃত্যুত লখিমপুৰ জিলা সাংবাদিক সন্থা আৰু নৰ্থ লখিমপুৰ প্ৰেছ ক্লাবৰ দীৰ্ঘ সময়ৰ সভাপতি আছিল ৷

১৯৬৭ চনৰ ৭ এপ্ৰিলত জন্মগ্ৰহণ কৰা ভূঞাই 'এদিনৰ সংবাদ' কাকতৰ জৰিয়তে সাংবাদিকতা আৰম্ভ কৰি পৰৱৰ্তী সময়ত সান্ধ্য বাতৰি, অসম সংবাদ, নতুন দৈনিক, ৰংপুৰ আদি কাকতত স্থানীয় সাংবাদিক হিচাপে সেৱা আগবঢ়াইছিল। ইয়াৰ পিছত তেওঁ অসমীয়া প্ৰতিদিন, আজিৰ দৈনিক বাতৰি, এদিনৰ সংবাদৰ ষ্টাফ ৰিপ'ৰ্টাৰৰ দায়িত্ব পালন কৰিছিল।

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা অসমীয়া বিষয়ত স্নাতকোত্তৰ ডিগ্ৰীধাৰী ভূঞাই সাদিনীয়া নতুন বাতৰি আৰু আজিৰ অসম কাকতৰ উপ-সম্পাদক হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল। ইয়াৰোপৰি তেওঁ নৰ্থ লখিমপুৰ প্ৰেছ ক্লাবৰ সম্পাদক, লখিমপুৰ জিলা সাংবাদিক সন্থাৰ সভাপতি, ইণ্ডিয়ান ফেডাৰেচন অৱ ৱৰ্কিং জাৰ্নেলিষ্টৰ ৰাষ্ট্ৰীয় পৰিষদৰ সদস্য, বাৰ্তাজীৱি সংঘৰ কেন্দ্ৰীয় সমিতিৰ সদস্য হিচাপে দায়িত্ব পালন কৰিছিল।