লখিমপুৰ

ঢকুৱাখনাৰ স্বয়ম্ভূ চিকিৎসকসহ ৩গৰাকী স্বাস্থ্যকৰ্মীক কাৰণ দৰ্শোৱাৰ জাননী

Asomiya Pratidin

ডিজিটেল সংবাদ,ঢকুৱাখনা : ঢকুৱাখনা স্বাস্থ্যখণ্ডৰ অন্তৰ্গত ভকতিয়াসোলা স্বাস্থ্য উপ কেন্দ্ৰৰ ৩গৰাকী স্বাস্থ্যকৰ্মী অৱশেষত বিভাগীয় অনুশাসনমূলক ব্যৱস্থাৰ সন্মুখীন হৈছে। ৰোগীৰ জীৱনকলৈ ভয়ংকৰ হেতালি খেলা স্বাস্থ্য উপ কেন্দ্ৰটোৰ স্বয়ম্ভূ বিশেষজ্ঞ চিকিৎসক তথা আশা কৰ্মী পুণ্যদা বৰগোঁহাইৰ লগতে এম পি ডব্লিউ  ইন্দিবৰ কোঁৱৰ আৰু নাৰ্ছ সুমিত্রা দাসক শনিবাৰে স্বাস্থ্য বিভাগে কাৰণ দৰ্শোৱা জাননী জাৰি কৰিছে।

ঢকুৱাখনাৰ  খণ্ড প্ৰাথমিক চিকিৎসা বিষয়া (মুখ্য কাৰ্যালয়) ডাঃ মনেশ্বৰ সোণোৱালে শনিবাৰে তিনিওগৰাকী স্বাস্থ্যকৰ্মীক কাৰণ দৰ্শোৱা জাননী প্ৰদান কৰিছে। ৩দিনৰ ভিতৰত এইসকল স্বাস্থ্যকৰ্মীয়ে স্বাস্থ্য বিভাগক নিজস্ব প্ৰত্যুত্তৰ দাখিল কৰিব লাগিব।

অন্যহাতে শুক্ৰবাৰে সংবাদ মাধ্যমৰ তৎপৰতাত পোহৰলৈ অহা এই জঘন্য কাণ্ড সন্দৰ্ভত ঢকুৱাখনা স্বাস্থ্য বিভাগৰ তৰফৰ পৰা এখন তদন্ত সমিতি গঠন কৰি দিয়া হৈছে। জানিব পৰামতে চিকিৎসা বিষয়া ডাঃ অভিজ্ঞান কাকতি,ফাৰ্মাচিষ্ট আফজালুৰ ৰহমান,সামূহিক স্বাস্থ্য বিষয়া ভাগ্যশ্ৰী গগৈৰ নেতৃত্বত খণ্ড প্ৰাথমিক চিকিৎসা বিষয়া ডাঃ সোনোৱালে এখন তদন্ত সমিতি গঠন কৰি দিছে।

স্মৰ্তব্য যে, ঢকুৱাখনা স্বাস্থ্য খণ্ডৰ অন্তৰ্গত ভকতিয়া সোলা স্বাস্থ্য উপ কেন্দ্ৰলৈ পেটৰ গেছৰ সমস্যাত ভোগা ৰোগী স্বাস্থ্য পৰীক্ষাৰ বাবে অহাত স্বাস্থ্য কেন্দ্ৰটোৰ পুণ্যদা বৰগোঁহাই নামৰ আশা কৰ্মীগৰাকীয়ে গেছৰ দৰব দিয়াৰ পৰিৱৰ্তে খাবলৈ দিছিল মাৰাত্মক খজুৱতিৰ লোচন । ভকতিয়া সোলা গাঁৱৰ নিতুমনি সন্দিকৈ আৰু তেওঁৰ ১২ বছৰীয়া পুত্ৰৰ লগতে অন্য গঞাক স্বাস্থ্য কৰ্মীৰ জ্ঞাতে এই স্বাস্থ্য হানিকৰ ঔষধ প্ৰদান কৰিছিল স্বয়ম্ভূ চিকিৎসক পুণ্যদা বৰগোঁহায়ে।

আশা কৰ্মীগৰাকীয়ে দিয়া মাৰাত্মক ঔষধ খাই অদ্যপি পাৰ্শ্বক্ৰিয়াত ভোগী আছে দুৰ্ভগীয়া কিশোৰগৰাকী। ৰোগীৰ প্ৰতি গ্ৰহণ কৰা এনে প্ৰাণনাশী বেপৰোৱা ভূমিকা সন্দৰ্ভত শুক্ৰবাৰ আৰু শনিবাৰে সবিশেষ বাতৰি প্ৰকাশ হৈছিল।

প্ৰকাশিত বাতৰিৰ পাছতেই ঢকুৱাখনা স্বাস্থ্য খণ্ডই তৎপৰতা গ্ৰহণ কৰিছে । ঘোষণা কৰিছে বিভাগীয় তদন্ত। স্বাস্থ্য কেন্দ্ৰটোত দুগৰাকী দায়িত্বশীল স্বাস্থ্য কৰ্মী থকাৰ পাছতো দৰব প্ৰদানৰ সম্যক জ্ঞান নথকা আশা কৰ্মীগৰাকীয়ে কি যোগ্যতাৰে শৰীৰত সনা বিষাক্ত দৰব ৰোগীক খাবলৈ দি ৰোগীৰ জীৱনকলৈ ভয়ংকৰ হেতালি খেলিলে সেয়া জটিল প্ৰশ্ন হিচাপে ধৰা দিছে।

স্বাস্থ্য বিভাগে গ্ৰহণ কৰা তদন্তৰ অন্তত এই সন্দৰ্ভত এক পৰিষ্কাৰ ছবি পোহৰলৈ অহাৰ সম্ভাৱনা আছে। এইক্ষেত্ৰত মহকুমাধিপতি কাৰ্ত্তিক কলিতাৰ হস্তক্ষেপ বৃহত্তৰ অঞ্চলটোৰ ৰাইজে কামনা কৰিছে।