লখিমপুৰ

লখিমপুৰত 'স্মৃতিৰ সোণোৱালী ক্ষণ' অনুষ্ঠান

Asomiya Pratidin

ডিজিটেল সংবাদ,লখিমপুৰ : লখিমপুৰ জিলাৰ পানীগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বুধবাৰে স্মৃতিৰ সোণোৱালী ক্ষণ শীৰ্ষক অভিনৱ অনুষ্ঠান অনুষ্ঠিত হয় ৷ প্ৰতিষ্ঠাকালৰ পৰা বিদ্যালয়খনত শিক্ষকতা কৰি বিদ্যায়তনিক দিশত উল্লেখযোগ্য ভূমিকা লোৱা বিদ্যালয়খনৰ ৫৩ গৰাকী অৱসৰপ্ৰাপ্ত শিক্ষক-শিক্ষয়ত্ৰীক সম্বৰ্ধনা জ্ঞাপন কৰা হয়।

বিদ্যালয়খনৰ শিক্ষকসকলৰ প্ৰচেষ্ট আয়োজন কৰা হয় অনুষ্ঠানটি। প্ৰতিষ্ঠাপক অধ্যক্ষ তথা বিশিষ্ট শিক্ষাবিদ পৰেশ বৰাৰ লগতে উপাধ্যক্ষ ৰোষেশ্বৰ ভূঞাক জীৱনজোৰা শিক্ষকতাৰ বঁটা প্ৰদান কৰে বৰ্তমানৰ শিক্ষকসকলে ৷

ইয়াৰোপৰি বিদ্যালয়ৰ অধ্যক্ষ জিনা ভূঞাৰ উদ্যোগত অনুষ্ঠিত অনুষ্ঠানত প্ৰাক্তন শিক্ষকসকলক লৈ এক অন্তৰংগ আলাপ অনুষ্ঠানৰো আয়োজন কৰা হয় ।