লখিমপুৰ

ঢকুৱাখনাত ড্ৰাগছসহ সৰবৰাহকাৰী গ্ৰেপ্তাৰ

Asomiya Pratidin

ডিজিটেল সংবাদ,ঢকুৱাখনা : ঢকুৱাখনা সদৰ আৰক্ষীৰ নিৰ্বিচাৰ অভিযান আৰু সতৰ্কতাৰ মাজতো মহকুমাটোৰ বিভিন্ন গ্ৰামাঞ্চলত নিষিদ্ধ মাৰাত্মক ড্ৰাগছৰ গোপন বেহা অব্যাহত থকা দেখা গৈছে। অভিভাৱকৰ দায়িত্বহীনতা আৰু উদাসীনতাৰ সুযোগ লৈ এচাম বিপথগামী যুৱকৰ পৃষ্ঠপোষকতাত মহকুমাটোত চলি আহিছে এই নিষিদ্ধ ড্ৰাগছৰ ৰমৰমীয়া বেহা।

ঢকুৱাখনা সদৰ থানাৰ অন্তৰ্গত ডিমৰুগুৰি ডাংধৰা গাঁৱত বুধবাৰে বিয়লি এনে এক ড্ৰাগছৰ সৰবৰাহকাৰীক ঢকুৱাখনা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। জানিব পৰামতে সদৰ থানাৰ অন্তৰ্গত ডিমৰুগুৰি ডাংধৰা গাঁৱৰ দেৱজিৎ পেগু (৩৫)ই এই নিষিদ্ধ ড্ৰাগছ লৈ অজ্ঞাত স্থানলৈ যোৱাৰ তথ্য লাভ কৰে ঢকুৱাখনা আৰক্ষীয়ে । এই খবৰৰ ভিত্তিত সদৰ থানাৰ উপ পৰিদৰ্শক উমা বৰুৱাৰ নেতৃত্বত যোৱা আৰক্ষী-অৰ্ধ সামৰিক বাহিনীৰ দলে নাৰায়ণপুৰ চাপৰি অঞ্চলৰ পৰা বিয়লি প্ৰায় ৪-০০বজাত এ এছ ০৫ পি ৫৮৩৪ পালচাৰ বাইকত অহা ড্ৰাগছৰ সৰবৰাহকাৰীতোক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

গ্ৰেপ্তাৰ কৰি ৰাইজৰ উপস্থিতিত চলোৱা তালাচী কালত প্ৰায় ০'৫৮ মিলিগ্রাম ড্ৰাগছৰ কন্টেইনাৰ উদ্ধাৰ কৰিবলৈ সক্ষম হয়। এই সন্দৰ্ভত সদৰ থানাত এন টি পি এছ আইনৰ ২১(ক)/২৯ ধাৰাত এক গোচৰ (নম্বৰ ৪/২০২৪ ) পঞ্জীয়ন কৰি ড্ৰাগছৰ সৰবৰাহকাৰীটোক ঢকুৱাখনা মহকুমা ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰি লখিমপুৰ ন্যায়িক জিম্মালৈ বৃহস্পতিবাৰে প্ৰেৰণ কৰে। সৰবৰাহকাৰীটোৱে ব্যৱহাৰ কৰা পালচাৰ বাহনখন জব্দ কৰি থানাত ৰাখিছে।