লখিমপুৰ

সোনাৰি চাপৰিত দেৱলীনাৰ ৰাজহুৱা আদ্যশ্ৰাদ্ধঃ অজস্ৰজনে জনালে শ্ৰদ্ধাঞ্জলী

Asomiya Pratidin

ডিজিটেল সংবাদ, ঢকুৱাখনাঃ এক শোকাকূল পৰিৱেশত অশ্ৰুসিক্ত নয়নেৰে অজস্ৰজনে শ্ৰদ্ধাঞ্জলি জনালে ঢকুৱাখনাৰ দেৱলীনা সোণোৱালক। ঢকুৱাখনা মহকুমা মহিলা সমিতিৰ উদ্যোগত আৰু সোনাৰী চাপৰি আঞ্চলিক মহিলা সমিতিৰ সহযোগত বৃহস্পতিবাৰে দেৱলীনাৰ ৰাজহুৱা আদ্যশ্ৰাদ্ধ অনুষ্ঠান অনুষ্ঠিত হয়। সোনাৰী চাপৰি আঞ্চলিক কৃষ্টি ভৱন প্ৰাঙ্গনত আজি পুৱা দেৱলীনাৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন আৰু পুষ্প মাল্য অৰ্পণ কৰে আয়োজক মহিলা সমিতিৰ নেতৃবৰ্গই। 

বন্তি প্ৰজ্বলনেৰে শ্রদ্ধা অৰ্পণ কৰি মহিলা সমিতিয়ে দেৱলীনাৰ মৃত্যুৰ ঘাই অভিযুক্ত ঘাটক স্বামী পৱন বৰুৱাই উচিত শাস্তি লাভ নকৰা পৰ্যন্ত ঐক্যবদ্ধ সংগ্ৰাম চলাই যোৱাৰ সংকল্প  গ্ৰহণ কৰে। ইয়াৰ পাছতে ১৪ প্ৰসংগ নাম কীৰ্তন কৰা হয় আদ্যশ্ৰাদ্ধ থলীত। মহকুমাটোৰ কেইবা শতাধিক পুৰুষ মহিলাই দেৱলীনাৰ পবিত্ৰ আত্মাৰ সদগতিৰ কামনাৰে ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা কৰে।

ইয়াৰোপৰি আদ্যশ্ৰাদ্ধথলীত অনুষ্ঠিত হয় এখন প্ৰতিবাদী সভা। মহকুমা মহিলা সমিতি , আঞ্চলিক মহিলা সমিতিৰসমূহ নেত্ৰী কৰ্মকর্তা উপস্থিত থকা সভাত ঢকুৱাখনা জ্যেষ্ঠ নাগৰিক সন্মিলনৰ সভাপতি হৰি নাৰায়ণ গগৈ, সম্পাদক গন্ধেশ্বৰ গগৈ, সোনাৰী চাপৰি মিলন নগৰ উন্নয়ন পৰিষদৰ সম্পাদক ৰাজু চুতীয়া, সোনাৰী চাপৰি কেঁকুৰী আঞ্চলিক  চুতীয়া জাতি সন্মিলনৰ সম্পাদক নিতুল খনিকৰ, পৰাগ প্ৰতীম শইকীয়া, ঢকুৱাখনা গণতান্ত্ৰিক মহিলা সমিতি, অসম মহিলা সংঘৰ ঢকুৱাখনা শাখাৰ বিষয়ববীয়া, নাৰায়নপুৰ চাপৰি মহিলা সমিতিৰ নেতৃবৰ্গ, মৃতকৰ আত্মীয় স্বজন উপস্থিত থাকে।  এনে অমানুষিক ঘটনাৰ একেমুখে নিন্দা কৰি দেৱলীনাৰ হত্যাকাৰীৰ উচিত বিচাৰ নোহোৱা পৰ্যন্ত , দোষীক দৃষ্টান্তমূলক শাস্তি প্ৰদান নকৰা পৰ্যন্ত সকলো সংগঠন একত্ৰিত হৈ ন্যায় প্ৰাপ্তিৰ সতে গণতান্ত্ৰিকভাৱে যুঁজ দিয়াৰ সপক্ষে সকলোৱে মতামত আগবঢ়াই। 

তাৰোপৰি সভাতেই সোনাৰী চাপৰি সদৰৰ এগৰাকী নিঃস্ব বিদুষী মহিলা নিবেদিতা বুঢ়াগোহাঁইযে যোৱা ২৮ মে'ৰ পুৱতি নিশা আত্মহত্যা কৰিব লগা মৰ্মান্তিক ঘটনাৰো সমজুৱাভাৱে গৰিহণা দিয়া হয়।  মৃতক নিবেদিতাৰ বাসগৃহৰ সমীপৰে উন্নাসিক মহিলা কফু ভদ্ৰৰ পত্নী পুতলী ভদ্ৰই নিবেদিতাৰ সৈতে  বিজেপি দলৰ প্ৰাক্তন  ৱাৰ্ড  সদস্য ৰাহুল দলে ওৰফে পুতপুতৰ অবৈধ  সম্পৰ্ক থকা বুলি সৰ্বত্ৰতে চলোৱা অপপ্ৰচাৰৰ বাবেই সামাজিক গ্লানি সহ্য কৰিব নোৱাৰি আত্মহনন কৰিছিল ।

উল্লেখযোগ্য যে মৃতকৰ টোকাত স্পষ্টকৈ নাম উল্লেখ থকা তিনিওজন অভিযুক্তৰ ক্ৰমে গেৰুৱা দলৰ সদস্য ৰাহুল দলে আৰু ভদ্ৰ দম্পত্তিক আৰক্ষীয়ে  সাময়িক ভাৱে আটক কৰি তদন্ত অব্যাহত ৰাখিছে। ন্যায়কামী ৰাইজে ধৃত তিনি অভিযুক্তক যাতে আৰক্ষীয়ে কৌশলেৰে আৰক্ষীৰ হেফাজতৰ পৰা এৰি নিদিয়ে আৰু আইনগত শাস্তি প্ৰদান কৰে তাৰবাবে আৰক্ষী অধীক্ষকৰ ওচৰত দাবী জনাইছে।