লখিমপুৰ

শিলৰ স্পাৰেৰে বানবিধ্বস্ত দক্ষিণ-বাংক্লেং সংযোগী পথ প্ৰতিৰোধৰ পদক্ষেপ...

Asomiya Pratidin

ডিজিটেল সংবাদ,ঘিলামৰাঃ ঘিলামৰা উন্নয়ন খণ্ডৰ অন্তৰ্গত চামপৰা দলঙৰ সমীপৰ পৰা দক্ষিণ দিশেৰে দক্ষিণ-বাংক্লে অঞ্চললৈ যোৱা পথটোৰ বহু অংশ ২০২২ আৰু ২০২৩ বৰ্ষৰ বাঢ়নী পানীয়ে তীব্ৰ খহনীয়াৰ সৃষ্টি কৰিছিল। ফলত অঞ্চলটোৰ ৰাইজৰ লগতে দক্ষিণ গাঁও,বাংক্লেং, কেছেৰুগুড়ি, শিয়ালমাৰি, বালিয়নী, কঁঠালগুৰি, বিলমুখ, কোঁৱৰবাৰী, আলতিয়াগৰা আদি বিভিন্ন গাঁৱৰ জনসাধাৰণে জীয়াতু ভূগি আহিছে।

শেহতীয়াভাৱে বিধায়ক নৱ কুমাৰ দলেৰ হস্তক্ষেপত জলসম্পদ বিভাগৰ জৰিয়তে চামপৰা নদীৰ গতিপথ সলনি কৰি দক্ষিণ -বাংক্লেং সংযোগী পথটো ৰক্ষা কৰিবলৈ শিলৰ স্পাৰ দিয়া পৰিলক্ষিত হৈছে। চামপৰা নদীত দুটাকৈ চেনেল কাটিং কৰাৰ লগতে নদীৰ পাৰত পকী স্পাৰ আৰু ভগ্ন পথৰ দাঁতিত শিলৰ স্পাৰ দি পথটো বানপানীৰ পৰা ৰক্ষা কৰাৰ পদক্ষেপ গ্ৰহণ কৰিছে।

অৱশ্যে বানপানীয়ে বিধ্বস্ত কৰা পথটোত বহু ওখকৈ শিলৰ স্পাৰ আৰু মাটি উঠালেহে বানপানীৰ পৰা পথছোৱা ৰক্ষা পৰাৰ সম্ভাৱনা আছে বুলি ৰাইজে মন্তব্য কৰিছে। এইক্ষেত্ৰত জলসম্পদ বিভাগ আৰু বিধায়ক নৱ কুমাৰ দলেক নজৰ দিবলৈ সচেতন ৰাইজে আহ্বান জনাইছে।