বিহপুৰীয়াত পথ দুৰ্ঘটনাত আহত ছাত্ৰৰ মৃত্যু: শোকস্তব্ধ নেহৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়... 
লখিমপুৰ

বিহপুৰীয়াত পথ দুৰ্ঘটনাত আহত ছাত্ৰৰ মৃত্যু: শোকস্তব্ধ নেহৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়...

Asomiya Pratidin

ডিজিটেল সংবাদ, বিহপুৰীয়া: যোৱা ২১ অক্টোবৰত বিহপুৰীয়াৰ জাপজুপ হমাৰ সংযোগী পথত সংঘটিত এক পথ দুৰ্ঘটনাত আহত সুমন্ত বৰা নামৰ এজন ছাত্ৰৰ আজি পুৱা ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়স্থিত চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাতে মৃত্যু ঘটে ৷ নেহৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ দ্বাদশ শ্ৰেণীৰ ছাত্ৰ সুমন্তই একেলগৰ ভাৰ্গৱ শইকীয়াৰ সৈতে স্কুটিৰে ফুৰিবলৈ যাওঁতে পথৰ কাষত ৰৈ থকা এজনী গাই গৰুক খুন্দা মৰাৰ ফলতেই দুৰ্ঘটনাতো সংঘটিত হৈছিল।

দুৰ্ঘটনাত গুৰুতৰভাৱে আহত সুমন্তৰ লগতে স্কুটি চালক ভাৰ্গৱক লগে লগে পৰিয়ালৰ লোকে ততাতৈয়াকৈ লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰে যদিও চিকিৎসকে উন্নত চিকিৎসাৰ বাবে সুমন্তক ডিব্ৰুগড়লৈ প্ৰেৰণ কৰিছিল। ইপিনে সুমন্তৰ মৃত্যুৰ বাতৰি বিয়পি পৰাৰ লগে লগে নেহৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ত শোকাকুল পৰিৱেশৰ সৃষ্টি হয়।

অমায়িক তথা মৰমীয়াল স্বভাৱৰ সুমন্ত নোহোৱা হৈ যোৱা বিষয়টো সহজে ল’ব পৰা নাই বিদ্যালয়খনৰ শিক্ষক আৰু ছাত্ৰ-ছাত্ৰীসকলে। শোকাকুল পৰিৱেশৰ মাজতে বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলে আজি এখন শোক সভা অনুষ্ঠিত কৰি সুমন্তৰ আত্মাৰ সদ্‌গতি কামনা কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে।

বিহপুৰীয়াৰ হমৰা গাঁৱৰ নিবাসী ললিত বৰাৰ পুত্ৰ সুমন্ত বৰাৰ শৈক্ষিক দিশৰ লগতে অভিনয় জগতখনতো যথেষ্ট দখল আছিল। নাট ভাওনাত বলিষ্ঠ অভিনয়েৰে সকলোৰে মন জয় কৰিবলৈ সক্ষম হোৱা সুমন্ত বিদ্যালয়খনৰ শিক্ষকসকলৰো অতি প্ৰিয় ছাত্ৰ আছিল ৷

সুমন্তৰ মৃত্যুৰ খবৰে হমৰা গাঁওখনতো গভীৰ শোকৰ ছাঁ পৰিছে। মৃত্যুৰ সময়ত সুমন্তই পিতৃ-মাতৃসহ একমাত্ৰ কাকায়েকক এৰি থৈ গৈছে।