শিশু যুৱ আৰু মহিলা সমাৰোহ সামৰণি 
লখিমপুৰ

অসম বৈদিক বৈষ্ণৱ মহাসভাৰ শিশু যুৱ আৰু মহিলা সমাৰোহ সামৰণি...

Asomiya Pratidin

ডিজিটেল সংবাদ বান্দৰদেৱাঃ শনিবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে মহাপুৰুষ মাধৱদেৱৰ জন্মস্থান লেতেকুপুখুৰীত অনুষ্ঠিত হৈছে অসম বৈদিক বৈষ্ণৱ মহাসভাৰ শিশু যুৱ আৰু মহিলা সমাৰোহ । ৮ ৰ পৰা ৯ এপ্ৰিললৈ অনুষ্ঠিত হোৱা সমাৰোৰ আজি সামৰণি পৰে । অসম বৈদিক বৈষ্ণৱ মহাসভাৰ লখিমপুৰ জিলা সমিতিৰ সহযোগ আৰু লেতেকুপুখুৰী আঞ্চলিক সমিতিৰ সৌজন্যত অনুষ্ঠিত এই সমাৰোহত কেইবা হাজাৰ লোকে অংশ গ্ৰহণ কৰে ।

কালি অনুষ্ঠিত সকলো কাৰ্যসূচীৰ সফল পৰিসমাপ্তিৰ পিছত আজি পুৱা ধৰ্ম ধ্বজ্জা উত্তোলন কৰে অসম বৈদিক বৈষ্ণৱ মহাসভাৰ ৰাজ্যিক সভাপতি ৰামেশ্বৰ বৰাই । স্মৃতি তৰ্পন কৰে ভোগেশ্বৰী হাজৰিকাই । ইয়াৰ পিছত অনুষ্ঠিত হয় নাম প্ৰসংগ‌ । দুপৰীয়া বাৰ বজাৰ পৰা অনুষ্ঠিত হোৱা মুকলি সভাৰ বন্তি প্ৰজ্বলন কৰে জন্মস্থানৰ আতৈ বলো শইকীয়াই । মুকলি সভাখন আঁত ধৰে সংগীতা পূজাৰীয়ে ।

মুকলি সভা

মুকলি সভাখন উদ্ধোধন কৰে ড:বিপুল ভূঞাই । ৰাজ্যিক সভাপতি ৰামেশ্বৰ বৰাৰ সঞ্চালনাত অনুষ্ঠিত সভাখনৰ আৰম্ভনিতে ধীৰেন চেকনিধৰা আৰু মহেশ বৰুৱাৰ পৰিচালনাত এটি বৰগীত পৰিবেশন কৰা হয় । সভাত আদৰণি ভাষণ দিয়ে ধুৱাহাট বেলগুৰি সত্ৰৰ সত্ৰাধিকাৰ মুনিন্দ্ৰ নাৰায়ন দেৱ গোস্বামীয়ে ।

সভাত মুখ্য অতিথি হিচাপে উত্তৰ কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ জনাৰ্দন দেৱ গোস্বামী, নিৰ্দিষ্ট বক্তা হিচাপে দেৱানন্দ দেৱ গোস্বামী, বিশিষ্ট অতিথি হিচাপে খগেন গোস্বামী আৰু মহেন্দ্ৰ কোঁৱৰ আমন্ত্ৰিত অতিথি হিচাপে বিনীতা গাড়োডিয়া মিংকু কলিতা উপস্থিত থাকে । সন্ধিয়া বন্তি প্ৰজ্বলন কৰে মুনিন্দ্ৰ নাৰায়ণ দেৱ গোস্বামীয়ে । সন্ধিয়া জিলা ভিত্তিত দিহা নাম প্ৰতিযোগিতা অনুষ্ঠিত হয় ।