ঢকুৱাখনাত এছ ইউ চি আইৰ পল্লব পেগুৰ নিৰ্বাচনী প্ৰচাৰ... 
লখিমপুৰ

ঢকুৱাখনাত এছ ইউ চি আইৰ পল্লব পেগুৰ নিৰ্বাচনী প্ৰচাৰ...

Asomiya Pratidin

ডিজিটেল সংবাদ ঢকুৱাখনা: সমাগত লোকসভা নিৰ্বাচন। লোকসভা নিৰ্বাচনত ১২ নং লক্ষীমপুৰ সমষ্টিত এছ ইউ চি আই (কমিউনিষ্ট) দলৰ মনোনীত প্ৰাৰ্থী পল্লৱ পেগুৰ সমৰ্থনত দুই দিন ধৰি ঢকুৱাখনা বিধানসভা সমষ্টিৰ অঞ্চলৰ মৌখুৱা মৃৰং ঘৰ, সোণাৰি চাপৰি বজাৰ,বাঘচুক মৃৰং ঘৰ প্ৰাংগনত, খজুৱা পাতিৰ গাঁৱত, ঢকুৱাখনাৰ গান্ধী পাৰ্কৰ সমীপত আৰু ঘিলামৰাত একাধিক নিৰ্বাচনী পথসভা অনুষ্ঠিত হয়। 

সভাত ৰাইজৰ উপস্থিতিত প্ৰথমে বক্তব্য ৰাখে দলৰ লখিমপুৰ জিলা সমিতিৰ সদস্য কমৰেড যুতিকা দলেয়ে। সভাসমূহত দলৰ প্ৰাৰ্থী পল্লৱ পেগু উপস্থিত থাকি নিৰ্বাচনী বক্তব্যত সমাগত নিৰ্বাচনৰ প্ৰধান প্ৰতিদ্বন্দি "এন ডি এ" আৰু "ইণ্ডিয়া "জোটে, প্ৰতিশ্ৰুতি বন্যা বোৱাই কৌটি কৌটি টকা ব্যয়ৰে নিৰ্বাচনত অৱতীৰ্ণ হৈছে।

যোৱা দহ বছৰত দেশৰ অভূতপূৰ্ব, বিকাশ হোৱা বুলি ইতিমধ্যে প্ৰচাৰ আৰম্ভ কৰা বিজেপি নেতৃত্ব‌ই "ৰাম ৰাজ্য' প্ৰতিষ্ঠা কৰাৰ সপোন দেখুৱাই যোৱা দহ বছৰে দেশৰ একচেটিয়া পুঁজিপতি আৰু বহুজাতিক কোম্পানীৰ মাৰাত্মক বিকাশ ঘটাইছে। বিজেপিৰ এই অপশাসনৰ কৱলত হাজাৰ বিজাৰ শ্ৰমিক কৃষকে আত্মহত্যা কৰিছে।

বিজেপিৰ চৰকাৰৰ তিনিটা ক'লা কৃষি নীতিৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ গৈ দিল্লীত ৭০০ ৰো অধিক শ্ৰমিক ছহিদ হ'বলগীয়া হৈছে। অথচ ৰাইজক বিপথে পৰিচালিত কৰাৰ ষড়যন্ত্ৰত বিজেপি চৰকাৰ নিৰ্বাচনক কেন্দ্ৰ কৰি জনসাধাৰণক টকা -পইচা আগবঢ়ায় নিৰ্বাচনত জপিয়াই পৰিছে।

আজি গণতান্ত্ৰিক প্ৰমূল্যবোধক ভৰিৰে মোহাৰি পেলাইছে বিজেপি চৰকাৰে। শিক্ষা ব্যৱস্থাক ধ্বংস কৰি ৰাষ্ট্ৰীয় শিক্ষা নীতি -২০২০ আমাৰ ৰাজ্যত প্ৰয়োগ কৰিবলৈ গৈ মেট্ৰিক পৰীক্ষাৰ দৰে গুৰুত্বপূৰ্ণ পৰীক্ষা উঠাই দিয়াৰ বাবে উঠিপৰি লাগিছে। ৰাজ্যখনৰ ১২ হাজৰৰ অধিক অধিক মাতৃভাষা মাধ্যমৰ চৰকাৰী স্কুল বন্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

সকলো ৰাজহুৱা খণ্ডৰ উদ্যোগ বন্ধ কৰি টাটা গোষ্ঠীক বিক্ৰী কৰিছে চৰকাৰে। ভাৰতবৰ্ষত ১৯৫২ চনৰ পৰা এতিয়ালৈকে জনগণে বহু নিৰ্বাচনত বহুবাৰ ভোট দিছে যদিও অভিজ্ঞতাৰ পৰাই তেওঁলোকে বুজি উঠিছে, নিৰ্বাচনৰ যোগেদি ৰাইজৰ ভাগ্যৰ পৰিবৰ্তন নহয় আৰু জ্বালা যন্ত্ৰণাৰো অৱসান নহয়।

অৰ্থাৎ পুঁজিবাদী শোষণ ব্যৱস্থাৰ কোনো পৰিবৰ্তন নহয়। সেয়ে বিজেপি দলৰ বিকল্প কেতিয়াও কংগ্ৰেছ দল বা অন্যান্য ৰাজনৈতিক দল হ'ব নোৱাৰে। এক মাত্ৰ বিকল্প পথ হৈছে পুঁজিবাদ বিৰোধী সমাজতান্ত্ৰিক বিপ্লৱ।

এই গণ আন্দোলন ত্বৰান্বিত কৰিবলৈ এছ ইউ চি আই (কমিউনিষ্ট )দলৰ পতাকা তলত সমবেত হৈ শ্ৰমিক কৃষকৰ নায্য দাবীক বলিষ্ঠ কণ্ঠে চৰকাৰৰ ওচৰত উত্থাপন কৰা আৰু সমাজতান্ত্ৰিক বিপ্লৱ সম্পন্ন কৰিবলৈ টৰ্চৰ ছবিত ভোটাধিকাৰ সাব্যস্ত কৰাৰ আহ্বান জনায়।