লখিমপুৰ

গ্ৰীষ্ম প্ৰবাহ : পুৱা ৭-৩০ বজাৰ পৰা আৰম্ভ হ'ব বিদ্যালয়ৰ পাঠদান

Asomiya Pratidin

ডিজিটেল ডেস্ক : ৰাজ্যৰ কেইবাখনো জিলাত বৃদ্ধি পাইছে তাপমাত্ৰা। এপ্ৰিল-মে' মাহতে পাৰাস্তম্ভ চুইছেগৈ ৩২ৰ পৰা ৩৫ ডিগ্ৰী চেলছিয়াছ।

ৰাজ্যৰ অন্য জিলাৰ লগতে গ্ৰীষ্ম প্ৰবাহৰ বাবে লখিমপুৰ জিলা প্ৰশাসনে বিদ্যালয়সমূহত পাঠদানৰ নতুন সময়সূচী জাৰি কৰিছে। জিলা আয়ুক্ত গায়ত্ৰী দেৱী দাস হায়ালিংগে স্বাক্ষৰিত নিৰ্দেশনাপত্ৰযোগে জিলাখনৰ অন্তৰ্গত বিদ্যালয়সমূহত পুৱা ৭-৩০ বজাৰ পৰা শ্ৰেণী আৰম্ভ কৰাৰ বাবে নিৰ্দেশ জাৰি কৰিছে।

নিৰ্দেশনা পত্ৰখনত উল্লেখ কৰা অনুসৰি প্ৰাথমিক বিদ্যালয়সমূহৰ পাঠদান কাৰ্য পুৱা ৭-৩০ বজাৰ পৰা ১২-০০ বজালৈ। একেদৰে মাধ্যমিক স্তৰৰ বিদ্যালয়ৰ পুৱা ৭-৩০ বজাৰ পৰা দুপৰীয়া ১২-৩০ বজালৈ। ইয়াৰোপৰি হাইস্কুলসমূহৰো পাঠদান ৭-৩০ বজাৰ পৰা ১-০০ বজালৈকে হ'ব বুলি নিৰ্দেশনাত উল্লেখ কৰে।

উল্লেখ্য যে এই নিৰ্দেশনা ২৩মে' তথা বৃহস্পতিবাৰৰ পৰা কাৰ্যকৰী কৰা হ'ব। জিলাখনৰ অন্তৰ্গত বিদ্যালয়সমূহক এই নিৰ্দেশনা মানিবলৈ জিলা আয়ুক্তগৰাকী আহ্বান জনায়।