চুমনিত উদ্ধাৰ হোৱা মৃতদেহ যদি জাহাঙ্গীৰৰ তেন্তে সুনীল গগৈ ক'ত?- মুখ্যমন্ত্ৰীলৈ প্ৰশ্ন পুষ্পা গগৈৰ 
লখিমপুৰ

চুমনিত উদ্ধাৰ হোৱা মৃতদেহ যদি জাহাঙ্গীৰৰ তেন্তে সুনীল গগৈ ক'ত?- মুখ্যমন্ত্ৰীলৈ প্ৰশ্ন পুষ্পা গগৈৰ

জীৱন্তে বা মৃত অৱস্থাত হলেও স্বামীৰ সন্ধানৰ দাবী দুৰ্ভগীয়া পত্নীৰ

Asomiya Pratidin

ডিজিটেল সংবাদ ঢকুৱাখনা: ''ঢকুৱাখনা মহকুমাৰ সাপতিয়া চেতিয়া গাঁৱত উদ্ধাৰ হোৱা অৰ্ধদগ্ধ মৃতদেহটো যদি ৰাজমিস্ত্ৰী জাহাঙ্গীৰ হুছেইনৰে হয় তেন্তে সুনীল গগৈ ক'ত? মৃতদেহৰ সৈতে উদ্ধাৰ হোৱা সাজ পোছাক সুনীলৰ হোৱাৰ পাছতো কি তথ্যৰ ভিত্তিত এইটো জাহাঙ্গীৰৰ মৃতদেহ হোৱাৰ ৯০ শতাংশ নিশ্চয়তা প্ৰদান কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই?''

এই প্ৰশ্ন ঘিলামৰা সংমণ্ডলৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ ঠিকাদাৰ, নিখোজ বিজেপি নেতা সুনীল গগৈৰ পত্নী পুষ্পা গগৈৰ। সোমবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যোৱা ১ জুনৰ নিশা সংঘটিত ঢকুৱাখনাৰ পাশবিক হত্যাকাণ্ডৰ সন্দৰ্ভত দিয়া মন্তব্যত এই প্ৰাথমিক প্ৰতিক্ৰিয়া প্ৰকাশ সুনীল গগৈৰ পত্নীৰ। সোমবাৰে সংবাদ মাধ্যমৰ আগত দিয়া প্ৰতিক্ৰিয়াত দুৰ্ভগীয়া পত্নীগৰাকীয়ে দলৰ এগৰাকী নেতা তথা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ ঠিকাদাৰ সুনীল গগৈৰ ঘটনা সন্দৰ্ভত ইমানদিনে নীৰৱ হৈ থকা মুখ্যমন্ত্ৰীগৰাকীয়ে আজি উক্ত মৃতদেহ ৯০শতাংশ সুনীল গগৈৰ নহয় বুলি মন্তব্য কৰাত আশ্চৰ্য প্ৰকাশ কৰে স্বামী হাৰা পুষ্পা গগৈয়ে।

তেওঁ কয়- মৃতদেহটো যদি সুনীলৰ নহয় তেন্তে ঘটনাস্থলীত নিজৰ সাজ পোছাক খুলি যোৱা উলংগ সুনীল ক'ত আছে বিচাৰি দিয়ক। জীৱিত বা মৃত যি অৱস্থাতেই নহওঁক সুনীলক উদ্ধাৰ কৰি আনি দিব লাগে মোক। দলৰ এগৰাকী নেতাৰ আকস্মিক ভাবে নোহোৱা হোৱাৰ এপষেক পাছত এবাৰ সুনীল গগৈৰ ঘৰৰ পৰিয়ালৰ দুখ দুৰ্দশাৰ খবৰ ল'বলৈ আগ্ৰহ প্ৰকাশ নকৰা মুখ্যমন্ত্ৰীগৰাকীয়ে এটা পষেকৰ পাছত প্ৰকাশ কৰা এনে আকস্মিক আৰু অবিশ্বাস্য মন্তব্যত স্তম্ভিত হোৱা বুলি মন্তব্য কৰি জলজীৱন মিছনৰ দুৰ্নীতি কেলেংকাৰীৰ সমস্ত ক'লা অধ্যায় গাপ দি সমস্ত তদন্ত বেলেগ দিশলৈ ধাবিত কৰাৰ এক কৌশল ৰচনা কৰাৰো সন্দেহ প্ৰকাশ কৰে তেওঁ।

এটা পষেক ধৰি স্বামীৰ অৱস্থিতি সন্দৰ্ভত এক অনিশ্চয়তাত ভোগী অহা, অৰ্ধ দগ্ধ মৃতদেহৰ কাষত সুনীলৰ সাজপাৰ চেণ্ডল, টৰ্চ উদ্ধাৰ হোৱাৰ পাছতো যদি এই মৃতদেহ সুনীলৰ নহয় তেন্তে সুনীলৰ জীৱিত অথবা মৃতদেহ উলিয়াই দিবলৈ মুখ্যমন্ত্ৰীলৈ আহ্বান জনায় পত্নীয়ে।

তেওঁ কয় -আমি সৰু সাধাৰণ মানুহ। স্বাভাৱিক জীৱন বুজি পাওঁ। জটিলতা আমাৰ জ্ঞাত নহয়।কিন্তু আমাৰ জীৱনলৈ নামি অহা মৰ্মান্তিক দুখ শোকৰ ভাষা বুজি নাপায় মুখ্যমন্ত্ৰী বা দলৰ শীর্ষ নেতা আৰু চৰকাৰী আমোলাই। কিদৰে অনিশ্চিত বৈধৱ্য জীৱন কটাইছোঁ সেয়া কেৱল মই উপলব্ধি কৰিব পাৰো। আমাৰ দুখ দুৰ্দশা বুজি নাপালেও আৰক্ষী মুখ্যমন্ত্ৰীয়ে আমাক ন্যায় দিবই লাগিব। মোক মোৰ স্বামীৰ প্ৰকৃত অৱস্থিতি লাগে। এয়া মোৰ অধিকাৰ আৰু দাবী।

দুৰ্ভগীয়া পত্নী গগৈয়ে এই সমস্ত তদন্ত প্ৰক্ৰিয়া আৰু প্ৰতিবেদনকলৈ সন্দেহ ব্যক্ত কৰি বিশেষ কিবা এটা ঢাকিবলৈ অন্য কিবা এটা সৃষ্টি কৰাৰ পৰিকল্পনা কৰাৰো আশংকা কৰি এই গভীৰ চক্ৰান্তত এক বিশেষ শক্তি সক্ৰিয় হৈ থকাৰো সম্ভৱনা ব্যক্ত কৰে। এই হত্যাকাণ্ডৰ সৈতে জলজীৱন মিছনৰ দুৰ্নীতিগ্ৰস্ত অৰ্থলোভী চক্ৰটো জড়িত থকা, ঘিলামৰা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ সংমণ্ডলৰ পৰা বাঘা বাঘা ৰাজনৈতিক নেতা, আমোলা ঠিকাদাৰ সম্পৰ্কিত হোৱাৰ বাবেই এই দুৰ্নীতিৰ ক'লা পৃষ্ঠা ঢাকিবলৈ বৰ্বৰ হত্যাকাণ্ডত মৃতকৰ পৰিচয় সলনি কৰি এক পৰিকল্পিত ৰূপ দিয়াৰো সন্দেহ ব্যক্ত কৰে তেওঁ ।

ইপিনে উদ্ধাৰ হোৱা মাংসপিণ্ড জাহাঙ্গীৰ হুছেইনৰ মৃতদেহৰ বুলি অপপ্ৰচাৰ (?) চলাই এক চক্ৰই জাহাঙ্গীৰৰ পৰিয়ালক উচতনি দি বহু মিছা অপবাদ জাপি সুনীল গগৈক হত্যাকাৰী সজোৱাৰো অভিযোগ তোলে সুনীল গগৈৰ পত্নীয়ে । জাহাঙ্গীৰৰ পত্নীয়ে প্ৰদান কৰা ভাষ্যত সুনীল গগৈৰ সৈতে ৫ বছৰ কাম কৰি থকা আৰু ৫ লাখ টকা পাবলৈ বাকী থকা বুলি কৈছে।

কিন্তু এই কথাৰ সত্যতা অস্বীকাৰ কৰি মাত্ৰ এবছৰ কাম কৰি থকা বুলি কৈ অভিযোগ কৰাৰ দৰে কোনো বৃহৎ পুঁজি পাবলৈ নথকা বুলি স্পষ্টভাৱে কৈ এই সন্দৰ্ভত জাহাঙ্গীৰৰ সহযোগী মিস্ত্ৰী তথা ভাতৃক সুধিলে সকলো স্পষ্ট হ'ব বুলি কয়। জাহাঙ্গীৰৰ মাছখোৱা থানাৰ অন্তৰ্গত এগৰাকী হিন্দু মহিলাৰ সৈতে থকা অবৈধ সম্পৰ্কৰ কথা অনুকীয়াই তেওঁ যদি মুখ্যমন্ত্ৰীৰ ভাষ্য ১০০শতাংশ শুদ্ধ তেন্তে মোৰ স্বামীক শীঘ্ৰেই মোৰ সন্মুখত উলিয়াই দি অসম আৰক্ষীয়ে নিজৰ কৰ্ম দক্ষতাৰ পৰিচয় দাঙি ধৰক বুলি কৈ এই ক্ষেত্ৰত মুখ্যমন্ত্ৰীক পদক্ষেপ গ্ৰহণৰ আহ্বান জনাই।

উল্লেখযোগ্য যে, যোৱা ১ জুনৰ নিশা ঢকুৱাখনা আৰক্ষী থানাৰ অন্তৰ্গত সাপতিয়া চেতিয়া গাঁৱৰ বাসিন্দা সুনীল গগৈৰ চুমনিত এক পাশবিক হত্যাকাণ্ড সংঘটিত হৈছিল । য'ত ঘাটকে নিষ্ঠুৰ ভাবে শৰীৰ কাটি শিৰচ্ছেদ কৰি লৈ গৈছিল মুণ্ড।

উচ্চ প্ৰজ্বলক দি নিমিষতে জ্বলাই দিছিল সমগ্ৰ শৰীৰ। যাৰ বাবে তথাকথিত স্মাৰ্ট আৰক্ষীযে তদন্ত কৰিবলৈ গৈ উজুটি খাইছিল। আজি১৫ টা দিন অতিক্ৰম কৰাৰ পাছতো মৃতকৰ ছিন্ন মুণ্ড উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই স্মাৰ্ট আৰক্ষী।

যাৰ বাবে এক ধূসৰ পৰিস্থিতিৰ উদ্ভৱ হৈ পৰিছিল আৰু অসম আৰক্ষীৰ কাৰ্যদক্ষতা আৰু সক্ৰিয়তাকলৈ সন্দেহৰ আঙুলি উঠিছিল। অৱশেষত আশংকা কৰা মতেই পুনৰ এই অমানৱীয় আৰু জঘন্য হত্যাকাণ্ডই নতুন মূৰ লোৱাত অন্য এক প্ৰশ্নবোধক চিহ্নৰ উদ্ৰেক ঘটাইছে ন্যায়কামী ৰাইজৰ মনত।

উল্লেখ্য যে এই নৃশংশ হত্যাকাণ্ডৰ ফৰেণ্সিক ৰিপ'ৰ্ট অদ্যপি অসম আহি পোৱা নাই। হায়দৰাবাদৰ পৰা মঙলবাৰে দুপৰীয়া এই ৰিপ'ৰ্ট গুৱাহাটী পাবহি এক বিশেষ বিষয়াৰ জৰিয়তে। তেতিয়াই সকলো দিশ পৰিষ্কাৰ হোৱাৰ ধাৰণা কৰা হৈছে।