লখিমপুৰ

তথ্যচিত্ৰত উদ্ভাসিত হ’ব শতিকা অতিক্ৰমা ঢকুৱাখনাৰ ফাটবিহু

Asomiya Pratidin

ডিজিটেল সংবাদ, ঢকুৱাখনা: ঢকুৱাখনাবাসীৰ এক স্বাভিমানী লোক সম্পদ হৈছে ফাটবিহু । শতিকা গৰকা এই গৰিমামণ্ডিত সাংস্কৃতিক বৈভৱৰ স্বৰ্ণিল ইতিহাস আৰু সাম্প্ৰতিক প্ৰেক্ষাপটক সামৰি অচিৰেই প্ৰকাশ কৰা হ’ব এখন তথ্যচিত্ৰ ।

অসমীয়াৰ জাতীয় সম্পদ ফাটবিহুৰ স্বৰ্ণউজ্জ্বল ইতিহাস সমৃদ্ধ বাঙ্ময়তা উদ্ভাসিত হোৱাকৈ আগন্তুক ফাটবিহু উৎসৱৰ মাজতে এই তথ্যচিত্ৰখন উন্মোচিত কৰাৰ প্ৰস্তুতি ইতিমধ্যে সম্পূৰ্ণ হৈছে । এই বিষয়ে বুধবাৰে "অসমীয়া প্ৰতিদিন ডিজিটেল"ক ফাটবিহু সমিতিৰ সভাপতি বসন্ত শইকীয়াই জনায়।

এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে ফাটবিহু সমিতিৰ প্ৰযোজনাত, গণ মাধ্যম আৰু পৰিৱেশ্য কলা বিভাগৰ উদীয়মান গৱেষক নৱ কুমাৰ ভৰালীৰ পৰিচালনা ,চিত্ৰনাট্য, দৃশ্য-শ্ৰব্য নিৰ্দেশনা আৰু সম্পাদনাত নিৰ্মিত হৈছে "ফাটবিহু" শীর্ষক তথ্যচিত্ৰখন । প্ৰায় ২০ মিনিট দৈৰ্ঘৰ এই তথ্যচিত্ৰখনৰ ফাটবিহু তথ্যচিত্ৰ প্ৰস্তুতি উপ সমিতিৰ উপদেষ্টা বসন্ত শইকীয়া আৰু ভাস্কৰ দাস সভাপতি কেশৱ গগৈ প্ৰমুখ্যে বিষয়ববীয়াসকলৰ তত্বাৱধানত টি পি চি এ ফটো গ্ৰাফিক্স ষ্টুডিঅ'ত সম্পাদনা কৰা হৈছে ।

প্ৰবীণ ঘোষক, ভাষ্যকাৰ চৈয়দ ছাদুল্লাৰ ধাৰাভাষ্যৰে নিৰ্মিত তথ্য চিত্ৰখনৰ পাণ্ডুলিপি প্ৰস্তুত কৰিছে বিশিষ্ট শিক্ষাবিদ পূৰ্ণানন্দ গগৈয়ে । ঢকুৱাখনাৰ ঐতিহ্যমণ্ডিত লোক উৎসৱ ফাটবিহুৰ পৰম্পৰা আৰু ইতিহাসৰ চমু আভাস দাঙি ধৰিবলৈ ফাটবিহুৰ ইতিহাসত পোন প্ৰথমবাৰলৈ সূক্ষ্ম প্ৰয়াস কৰা এই তথ্যচিত্ৰখন সম্পূৰ্ণ জনশ্ৰুতি বা মৌখিক বুৰঞ্জীক উপজীৱ্য কৰি ৰচনা কৰা হৈছে।

শতিকা অতিক্ৰমা এই বিশাল পৰিসৰৰ লোক-সাংস্কৃতিক উৎসৱৰ ইতিহাস বৰ্ণনাৰে প্ৰাৰম্ভিক পৰ্য্যায়ত ফাটবিহু সম্পৰ্কে এক সূক্ষ্ম ধাৰণা উপস্থাপন কৰিবলৈ তথ্যচিত্ৰখনৰ জৰিয়তে প্ৰয়াস কৰা হৈছে। এক সুপৰিকল্পিত আৰু দীৰ্ঘম্যাদী প্ৰকল্পৰ দ্বাৰা প্ৰণালীবদ্ধ অধ্যয়ন ,কৰ্ষণ , চিন্তন আৰু গৱেষণাৰ মাধ্যমেৰে এই লোক সম্পদৰ ঐতিহ্য বিচাৰ কৰি অনাগত সময়ত অধিক পৰিশুদ্ধ ৰূপত উপস্থাপন কৰাৰ লক্ষ্যৰে গ্ৰহণ কৰা এই প্ৰাৰম্ভিক পদক্ষেপৰ বাবে ফাটবিহু সমিতি সমন্বিতে সংশ্লিষ্ট পক্ষ নিশ্চিতভাৱে প্ৰশংসাৰ যোগ্য ।

স্মৰ্তব্য যে অহা ১০মে' ৰ পৰা ম’হঘুলি চাপৰিৰ বিহু বাকৰিত অনুষ্ঠিত হ’ব ২০২৪বর্ষৰ ফাটবিহু । এই লোক উৎসৱৰ মাজতে উন্মোচিত হ’ব এই তথ্যচিত্ৰখন । লগতে বিহু বাকৰিত দৰ্শকৰ বাবে মুকলি প্ৰদৰ্শনীৰো ব্যৱস্থা গ্ৰহণ কৰিব বুলি সভাপতি বসন্ত শইকীয়াই জানিবলৈ দিয়ে।