অবৈধ বেদখল উচ্ছেদৰ বাবে মুখ্যমন্ত্ৰীলৈ অভিনন্দন জনাই জনজাতি সংঘৰ সমদল 
লখিমপুৰ

অবৈধ বেদখল উচ্ছেদৰ বাবে মুখ্যমন্ত্ৰীলৈ অভিনন্দন জনাই জনজাতি সংঘৰ সমদল

Asomiya Pratidin

ডিজিটেল সংবাদ ঢকুৱাখনা: গুৱাহাটীৰ দক্ষিণ কামৰূপ ট্ৰাইবেল বেল্টৰ অন্তৰ্গত সোণাপুৰ কচুতলি ট্ৰাইবেল ভূমিৰ পৰা অবৈধ বেদখলকাৰী সন্দেহযুক্ত নাগৰিকক উচ্ছেদ কৰাৰ বাবে মুখ্যমন্ত্ৰীক ধন্যবাদ আৰু অভিনন্দন জনাইছে মিচিং জনজাতি সংঘই। ঢকুৱাখনা জিলা জনজাতি সংঘ, সদৌ ঢকুৱাখনা ট্ৰাইবেল য়ুথ লীগৰ উদ্যোগত আৰু মিচিং ছাত্ৰ সন্থা, মিচিং মহিলা সমিতি আৰু মিচিং সংগ্ৰাম সমিতিৰ ঢকুৱাখনা জিলা সমিতিৰ সহযোগত সোমবাৰে বিয়লি এই সন্দৰ্ভত উলিওৱা হয় এক ধন্যবাদসূচক সমদল।

ঢকুৱাখনা জিলা জনজাতি সংঘৰ চৌহদৰ পৰা জনজাতি সংঘৰ সভাপতি যতীন পেগু , সম্পাদক হেমন্ত টাইড, ট্ৰাইবেল য়ুথ লীগৰ সভাপতি নাথুৰাম পেগু, সম্পাদক মুকুল লাগাচু, জিলা মিচিং ছাত্ৰ সন্থাৰ সভাপতি সঞ্জীৱ দলে, সম্পাদক অমৰজিত দলে, কেন্দ্ৰীয় নেতৃত্ব ক্ৰমে খনিন্দ্ৰ মেদক, ক্ষীৰোদ পেগু, বৃগেন দলে, দীপেন দলে, ভূপেন দলে আদিৰ নেতৃত্বত উলিওৱা সমদলটো জনজাতি সংঘৰ পৰা বাহিৰ হৈ ব্লক চাৰি আলিত সামৰণি মাৰে।

ৰাজপথ মুখৰ কৰি সমদলকাৰীসকলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ, জনজাতিৰ সুৰক্ষক মুখ্যমন্ত্ৰী দীৰ্ঘজীৱী হওক, জনজাতিৰ ত্ৰানকর্তা মুখ্যমন্ত্ৰী জিন্দাবাদ, ট্ৰাইবেল সংঘ জিন্দাবাদ, চিচিটোৱা লং লিভ, খিলঞ্জীয়াৰ ত্ৰাণকৰ্তা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ আদি শ্লোগান দি ৰাজপথ মুখৰ কৰি সমদলকাৰীসকলে পুনৰ জনজাতি সংঘ প্ৰাঙ্গনত উপস্থিত হৈ সমদলৰ সামৰণি মাৰে।

ঢকুৱাখনা জিলা জনজাতি সংঘৰ সভাপতি যতীন পেগুৱে অসমৰসকলো ট্ৰাইবেল আবেষ্টনীৰ ভূমিত সুদীর্ঘ দিন ধৰি অব্যাহত থকা সন্দেহযুক্ত নাগৰিকৰ অবৈধ বেদখল উচ্ছেদ কৰাৰ দাবী জনাই এনে সাহসী পদক্ষেপৰ জৰিয়তে খিলঞ্জীয়াৰ ভৱিষ্যত সুৰক্ষিত কৰাৰ বাবে মুখ্যমন্ত্ৰীক অনুৰোধ জনায়। য়ুথ লীগৰ সভাপতি নাথুৰাম পেগুৱে ভূমিপুত্ৰ জনজাতিৰ ভূখণ্ডত বেদখল কৰি থকা সন্দেহযুক্ত নাগৰিক সকলক উচ্ছেদ কৰা সাহসী মুখ্যমন্ত্ৰী শৰ্মাক ধন্যবাদ জনাই এই ক্ষেত্ৰত বিৰোধী ক্ষমতালুভী ৰাজনৈতিক দল সমূহৰ খিলঞ্জীয়া বিৰোধীস্থিতিৰ তীব্ৰ সমালোচনা কৰে। বিৰোধী ৰাজনৈতিক শক্তিসমূহক এনে থলুৱা বিৰোধী ভূমিকা নলবলৈ সকীয়াই দিযে ।