ঢকুৱাখনা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত দুখন হাতেলিখা প্ৰাচীৰ প্ৰতিকা উন্মোচন... 
লখিমপুৰ

ঢকুৱাখনা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত দুখন হাতেলিখা প্ৰাচীৰ প্ৰতিকা উন্মোচন...

Asomiya Pratidin

ডিজিটেল সংবাদ ঢকুৱাখনা:  ঢকুৱাখনাৰ শৈক্ষিক ক্ষেত্ৰখন গৰিমামণ্ডিত কৰি তোলা শৈক্ষিক অনুষ্ঠান ঢকুৱাখনা উচ্চতৰ মাধ্যমিক বিদ্যালয়। ১৯৩৬ চনতে প্ৰতিষ্ঠা লাভ কৰা এই অগ্ৰণী শিক্ষানুষ্ঠানখনত বুধবাৰে দুখন প্ৰাচীৰ পত্ৰিকা উন্মোচন কৰা হয়।

বিদ্যালয়ৰ গৰিষ্ঠসংখ্যক শিক্ষক কৰ্মচাৰী,শিক্ষাৰ্থী আৰু শিক্ষাসদীৰ উপস্থিতিত "কিশলয়" আৰু "উত্তৰণ" নামৰ দুখন হাতে লিখা প্ৰাচীৰ পত্ৰিকা উন্মোচন কৰে বিদ্যালয়খনৰ সহকাৰী  শিক্ষক তথা প্ৰকৃতি সংৰক্ষক মানস প্ৰতীম দত্তই। বিদ্যালয়খনৰ অধ্যক্ষ কল্পনা গগৈৰ লগতে অভ্যাগতসকলৰ উপস্থিতিত বিদ্যালয়খনৰ প্ৰাচীৰ পত্ৰিকা দুখন উন্মোচন কৰি উন্মোচক দত্তই অসমীয়া ভাষা আৰু সাহিত্যৰ ভঁৰাললৈ মেটমৰা সম্ভাৰ আগবঢ়াই যোৱা ঢকুৱাখনাৰ প্ৰাতঃস্মৰণীয় কথা সাহিত্যিকসকলৰ আদৰ্শেৰে অনুপ্ৰাণিত হৈ বিদ্যালয়ৰ শিক্ষাৰ্থীসকলৰ লেখনিৰে প্ৰকাশ কৰা পত্ৰিকা দুখনৰ জৰিয়তে গুণগত সাহিত্য সৃষ্টিৰ শলাগ লয়।

হিমাংশু টাইদৰ সম্পাদনাত প্ৰকাশিত এই  প্ৰাচীৰ পত্ৰিকাখন প্ৰথমবাৰলৈ কিউ আৰ ক'ডৰ জৰিয়তে পাঠকসকলে পত্ৰিকাখন পঢ়াৰ এক নতুন সোৱাদ লাভ কৰিব । উল্লেখ্য যে, বিদ্যালয়খনৰ ছাত্ৰ একতা সভাৰ ৮৬ সংখ্যক যুৱ মহোৎসৱ আৰু অভিভাৱক সমাৰোহ বুধবাৰৰ পৰা আৰম্ভ হৈছে ।

অহা ১১ নৱেম্বৰ পৰ্যন্ত চলিব লগীয়া এই সমাৰোহৰ সতে সংগতি ৰাখি এই প্ৰাচীৰ পত্ৰিকা দুখন শুভ উন্মোচন কৰা হয়। ইয়াৰোপৰি যুৱ মহোৎসৱৰ প্ৰথম দিনটোত বিদ্যাৰ্থীসকলৰ মাজত অনুষ্ঠিত সাহিত্য প্ৰতিযোগিতা উদ্বোধন কৰে শিক্ষয়িত্ৰী মাজুন দেৱী আৰু সঞ্চালনা কৰে বিষয় শিক্ষক প্ৰণৱ বৰুৱাই।

পৰৱৰ্তী সময়ত অনুষ্ঠিত কুইজ আৰু তৰ্ক প্ৰতিযোগিতা উদ্বোধন কৰে স্নাতকোত্তৰ শিক্ষক শ্যাম কুমাৰ ঢাকালে। মহোৎসৱৰ পুৱাই ছাত্ৰ একতা সভাৰ পতাকা উত্তোলন কৰে অধ্যক্ষ কল্পনা গগৈয়ে।

ইয়াৰ পাছতে বিদ্যাৰ্থীসকলৰ মাজত অনুষ্ঠিত হয় ক্ৰীড়া প্ৰতিযোগিতা। ঐতিহ্য মণ্ডিত বিদ্যালয়খনৰ যুৱ মহোৎসৱৰ বিভিন্ন কাৰ্যসূচীত অভিভাৱক আৰু শিক্ষানুৰাগী ৰাইজৰ উপস্থিতি আৰু সহযোগিতা ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক ঋষি হাজৰিকা আৰু সহকাৰী সাধাৰণ সম্পাদক ৰূপজ্যোতি বৰুৱাই আন্তৰিকতাৰে কামনা কৰিছে ।