লখিমপুৰ

নাৰায়ণপুৰত দুটা মানৱ সৰবৰাহকাৰী আটক...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ নাৰায়ণপুৰত সংঘটিত হৈছে চাঞ্চল্যকৰ ঘটনা। নাৰায়ণপুৰৰ ভোগপুৰত আটক কৰা হৈছে দুই মানৱ সৰবৰাহকাৰী। ধৃত সৰবৰাহকাৰী দুটা হৈছে ফকৰ উদ্দিন আৰু মিজানুৰ ৰহমান।

কেইজনমান কিশোৰক অৰুণাচললৈ নিয়াৰ চেষ্টা চলাইছিল দুই সৰবৰাহকাৰীয়ে। তেনে সময়তে ৰাইজে আটক কৰে সৰবৰাহকাৰী দুটাক। আমিৰ আলী নামৰ এজন ঠিকাদাৰৰ নিৰ্দেশত কিশোৰকেইজনক নিয়াৰ চেষ্টা কৰিছিল সৰবৰাহকাৰীকেইটাই।ইতিমধ্যে ৰাইজে সৰবৰাহকাৰী দুটাক নাৰায়ণপুৰ আৰক্ষীক চমজাই দিয়ে।