লখিমপুৰ

ঠিকাদাৰৰ জৰিয়তে সৰকালে ঢকুৱাখনা পৌৰ সভাৰ ৫ লাখ টকা...

মহকুমাধিপতিক ৱাৰ্ড কমিছনাৰৰ অভিযোগ

Asomiya Pratidin

ডিজিটেল সংবাদ, ঢকুৱাখনা : নিজৰ বৈধ আয়েৰে সন্তুষ্ট নোহোৱা ঢকুৱাখনাৰ দুজন অৰ্থলোভী বিভাগীয় মুৰব্বীয়ে উদৰ পূৰাবলৈ লক্ষ্য কৰি ল'লে চৰকাৰী পুঁজি। চৰকাৰী পুঁজি মাত্ৰেই নিজস্ব সম্পত্তি গণ্য কৰি গোগ্ৰাসে উদৰস্থ কৰাৰ অভিযোগ উঠা এই দুই ব্যক্তিৰ নাম হৈছে ৰাজীৱ দাস আৰু নয়ন জ্যোতি নাথ ।

পেছাত ৰাজীৱ দাস ঢকুৱাখনা পৌৰসভাৰ পৌৰপতি আৰু নয়নজ্যোতি নাথ ঢকুৱাখনা পৌৰ সভাৰ নৱনিযুক্ত কাৰ্যবাহী বিষয়া । অভিযোগ অনুসৰি এই দুই শীর্ষ দায়িত্ববাহীয়ে সংঘটিত কৰিছে ভয়ানক বিত্তীয় অনিয়ম ।

ঢকুৱাখনা পৌৰ সভাত মজুত থকা প্ৰায় ৪ লাখ ৭৯ হাজাৰ ৮৮০ লাখ টকা অলপতে বক্ৰপথেৰে সৰকাই নিয়ে এই দুই মুৰব্বীয়ে । নাগৰিকৰ উন্নয়নমূলক পুঁজি অপচয় কৰাৰ পাং পাতি এই দুই অবিবেচক ব্যক্তিয়ে যুটীয়া স্বাক্ষৰ কৰি নগৰখনৰ ৮ ৱাৰ্ডৰ ব্ৰজেন ভৰালী নামৰ এজন পঞ্জীভূত ঠিকাদাৰৰ ব্যক্তিগত একাউণ্টলৈ উক্ত বৃহৎ ধনৰাশি ট্ৰেন্সফাৰ কৰে ।

সংগৃহীত তথ্য মতে  পৌৰ সভাৰ নিজা বেংকৰ একাউণ্ট নম্বৰৰ পৰা প্ৰায় এসপ্তাহৰ পূৰ্বে এই দুই শীর্ষ বিষয়ববীয়াই  কোনো কাৰণ নোহোৱাকৈ উক্ত পুঁজি প্ৰদান কৰে ঠিকাদাৰ ভৰালীক। পৌৰসভাৰ পঞ্জীভূত ঠিকাদাৰ ভঁৰালীৰ একাউন্টত উক্ত পুঁজি সোমোৱাৰ পাছত পৌৰ সভাৰ এগৰাকী কৰ্মচাৰীৰ জৰিয়তে উক্ত পুঁজি ঠিকাদাৰগৰাকীৰ পৰা নগদৰূপে উলিয়াই আনে পৌৰপতিয়ে ।

এই তথ্য সদৰী কৰি ঠিকাদাৰ ভঁৰালীয়ে ব্যক্ত কৰা মতে, কোনো কামৰ ঠিকা নকৰা স্বত্বেও উক্ত বৃহৎ পুঁজি তেওঁৰ একাউন্টত সোমোৱাৰ পাছত পৌৰ সভাৰ আহ্বান মতে উক্ত পুঁজি নগদভাৱে উভতাই দিয়ে । কিন্তু উক্ত বৃহৎ পৰিমাণৰ ৰাজহুৱা পুঁজি কিয় গোপনে পৌৰসভাৰ একাউন্টৰ পৰা নীতি বহিৰ্ভূত প্ৰক্ৰিয়াৰে উলিয়াই নিলে দুই মুৰব্বীৰ যুটীয়া স্বাক্ষৰত সেয়া আজিও সাঁথৰ হৈ আছে ।

বিভাগীয় নীতি নিয়ম ধোঁৱাচাঙত তুলি অনিয়মকেই নিয়ম কৰি মইমতালি পূৰ্ণভাৱে পৌৰসভাখন পৰিচালনা কৰি অহাৰ বহু অভিযোগ পৌৰসভাৰ মজিয়াতে সুদীর্ঘ দিন উথাপিত হৈ আহিছে । এনে সময়তে বিভাগৰ ৫ লাখ টকা কোনো বৈধ কাৰণ নোহোৱাকৈ সৰকাই নিয়া কাণ্ডই তোলপাৰ লগাইছে পৌৰ সভাৰ মজিয়াত ।

এই সন্দৰ্ভত সোমবাৰে বিয়লি পৌৰসভাৰ গৰিষ্ঠ সংখ্যক ৱাৰ্ড কমিছনাৰে ঢকুৱাখনা মহকুমাৰ মহকুমাধিপতি কাৰ্ত্তিক কলিতাক এক অভিযোগ পত্ৰ প্ৰদান কৰি এই বিত্তীয় কেলেংকাৰীৰ নিৰপেক্ষ তদন্ত কামনা কৰিছে । স্বচ্ছ আৰু নিকা প্ৰশাসনৰ দম্ভালি মৰা গেৰুৱা দলৰ চৰকাৰৰ কাৰ্যকালত বিজেপি বিধায়ক নৱ দলেৰ অতি ঘনিষ্ঠ পৌৰপতি ৰাজীৱ দাস আৰু কাৰ্যবাহী বিষয়া নাথৰ এনে কাণ্ডৰ সন্দৰ্ভত মহকুমাধিপতি , পৌৰসভাৰ পদেন সদস্য বিধায়ক নৱ দলে আৰু সাংসদ প্ৰদান বৰুৱাই কি কঠোৰ স্থিতি গ্ৰহণ কৰে তাৰ ওপৰতে নিৰ্ভৰ কৰিব ঢকুৱাখনা পৌৰ সভাৰ ভৱিষ্যত ।

উল্লেখযোগ্য যে সীমাহীন দুৰ্নীতি ,অনিয়ম আৰু স্বেচ্ছাচাৰীৰাজৰ ভূস্বর্গলৈ পতিত কৰা পৌৰ সভাখনৰ পৌৰপতি দাসৰ প্ৰতি বিধায়ক দলেৰ বিশেষ দৰদৰ বিষয়টোৱে সাম্প্ৰতিক সময়ত প্ৰধান চৰ্চাৰ বিষয় হিচাপে ধৰা দিছে ।