লখিমপুৰ

ঢকুৱাখনাত আলি আয়ে লৃগাংৰ আদৰণি অনুষ্ঠান

Asomiya Pratidin

ডিজিটেল সংবাদ,ঢকুৱাখনা : ফাগুন মানেই লৃগাং। লৃগাং মানেই ৰঙা শিমলুৰ সুবাস আৰু গুমৰাগ,চ:মানৰ ছন্দোময় ধ্বনিত বিধৌত হোৱাৰ সময়। মিচিং জনগোষ্ঠীৰ কৃষি ভিত্তিত এই পৰম্পৰাগত লোক উৎসৱৰ  আগমনক লৈ মতলীয়া মিচিং ডেকা-গাভৰুৰ লগতে নৃ-গোষ্ঠীয় ৰাইজ।

ৰাজ্যখনৰ চহা প্ৰাণ জনগোষ্ঠীয় ৰাইজৰ লগতে অহা বুধবাৰে পালিত হ'বলগীয়া এই জাতীয় লোক উৎসৱকলৈ অন্তহীন আয়োজন চলিছে জনগোষ্ঠীটোৰ মাজত। লোক কৃষ্টি সংস্কৃতিৰ ক্ষেত্ৰত আগৰণুৱা ঢকুৱাখনাৰ চহা মিচিং জনগোষ্ঠীয় ৰাইজো পাছপৰি থকা নাই সমাগত আলি আয়ে লৃগাংকলৈ।

তাৰেই অংশ হিচাপে দেওবাৰে মিচিং স্বায়ত্ব শাসিত পৰিষদৰ পূব ঢকুৱাখনা-মাতমৰা পৰিষদীয় সমষ্টিৰ মাতমৰাৰ লয়িদ কম্প্লেক্স প্ৰাঙ্গনত লৃগাংৰ আদৰণি পৰ্ব অনুষ্ঠিত কৰা হয়। লুইতৰ পাৰৰ মাতমৰাৰ কিকিৰি দৃৰবৃ অপেৰ উদ্যোগত লয়িদ কম্প্লেক্সত অনুষ্ঠিত এই লৃগাং আদৰণি অনুষ্ঠানত মিচিং ডেকা গাভৰুৰ ঢোল তাল আৰু ঐনিতম,গুমৰাগ, ছ:মানৰ অন্তহীন ছন্দোময়তাত বিধৌত হয় বৰ লুইতৰ পাৰ।

সমষ্টিটোৰ জনগোষ্ঠীয় ৰাইজ, জাতীয় সংগঠনৰ কৰ্মকর্তা, নেতৃত্বই স্বকীয় দৃষ্টিনন্দন জাতীয় সাজেৰে আজি দুপৰীয়া সজ্জিত হৈ উপস্থিত হয় লয়িদ কম্প্লেক্সত । জনগোষ্ঠীটোৰ স্বকীয় পৰম্পৰাগত খাদ্য সম্ভাৰ পৰ: আপং, এগ' আদিন বা:নাম, জছাগ,পুৰাং আপিন ,পেৰেড আদিৰে অভ্যাগত সকলক আপ্যায়ন কৰাৰ লগতে ঐক্যতাৰ এনাজৰীৰে সম্পৃক্ত হৈ পৰম্পৰাগতভাৱে প্ৰস্তুত কৰা এসাঁজ খাই জাতীয় লোক উৎসবটোৰ আদৰণি জনায় ।

জাতীয় সংগঠন এম এম কেৰ কেন্দ্ৰীয় সমিতিৰ সদস্য সুৰেশ দলে, ঢকুৱাখনা জিলা দৃৰবৃ কেবাংৰ সভাপতি অমিয় লাগাছু ,টি এম পি কেৰ ঢকুৱাখনা জিলা সমিতিৰ সম্পাদক অমৰজিত দলে,সদস্য জীতেন পেগু, এম এম কেৰ জিলা সমিতি দেনী পেগু,উলেন পেগু,নলিনী কুটুম আদি উপস্থিত থকা আদৰণি অনুষ্ঠানতে ফাগুন মাহৰ প্ৰথমটো বুধবাৰে স্বকীয় লোক পৰম্পৰাৰ মৰ্যদা অক্ষুন্ন ৰাখি কৃষিভিত্তিক উৎসৱ আলি আয়ে লৃগাং উদযাপন কৰাৰ আহ্বান জনায়।