লখিমপুৰ

ঢকুৱাখনাত বিশ্ব পৰিৱেশ দিৱস উদযাপন...

Asomiya Pratidin

ডিজিটেল সংবাদ, ঢকুৱাখনাঃ প্ৰাকৃতিকভাৱে সৃষ্ট জলসংকট মোচনৰ বাবে প্ৰাকৃতিক সম্বলৰ আশ্ৰয় গ্ৰহণৰ নতুন কৌশল। বিজ্ঞানমনস্কতাৰ বিপৰীতে এক থলুৱা পৰম্পৰাৰে বান খহনীয়া প্ৰতিৰোধৰ এক মিত্যব্যয়ী পদক্ষেপ বিশ্ব পৰিৱেশ দিৱসৰ দিনা গ্ৰহণ কৰিছে মিচিং স্বায়ত্ব শাসিত পৰিষদ আৰু মিচিং জাতীয় সংগঠনে ।

ঢকুৱাখনা মহকুমাৰ চিচি টেকেলিফুটা মথাউৰিৰ ব্ৰহ্মপুত্ৰৰ অৱবাহিকাৰ ভয়ংকৰ খহনীয়াগ্ৰস্ত মুঠ ৩০০বিঘা ভূমিত ২লাখ কাঞ্চন আৰু অৰ্জুন গছ ৰূপনৰ লক্ষ্যৰে হাতে কামে লাগিছে পৰিষদ আৰু জাতীয় সংগঠন ।

এই ব্যতিক্ৰমী আৰু মিত্যব্যয়ী স্বেচ্ছাসেৱী আঁচনি ব্ৰহ্মপুত্ৰৰ বান গৰাখহনীয়া সমস্যাৰ স্থায়ী সমাধানৰ বাবে ঢকুৱাখনাত এই পদক্ষেপ গ্ৰহণ কৰা হৈছে। যুগ যুগ ধৰি ব্ৰহ্মপুত্ৰৰ শিহৰণকাৰী বান খহনীয়াৰ গ্ৰাসত পৰি সৰ্বশ্ৰান্ত হৈ অহা নদীপৰিয়া ঢকুৱাখনাবাসীৰ জীৱন সম্পত্তিৰ স্থায়ী সুৰক্ষাৰ বাবে মিচিং স্বায়ত্ব শাসিত পৰিষদে গ্ৰহণ কৰিছে এই আঁচনি।

মিচিং জাতীয় সংগঠন টি এম পি কে, এম এম কে  আৰু টি এম এম কেৰ কেন্দ্ৰীয় সমিতিৰ ক্ষীৰোদ পেগু, দীপাঞ্জল পেগু, সুৰেশ দলে, বৃগেন দলে , মোহন পেগু , ঢকুৱাখনা জিলা সমিতিৰ অমৰজিত দলে, খেৰকটা ,মাতমৰা ,পূব ঢকুৱাখনা আঞ্চলিক সমিতিৰ কৰ্মকর্তাৰ সহযোগত ব্ৰহ্মপুত্ৰৰ বান খহনীয়া ৰোধিবলৈ লোটাচুৰ বান্দেনাৰ পৰা মাতমৰা হৈ জাঁজী পৰ্যন্ত এই বিশাল এলেকাত কাঞ্চন আৰু অৰ্জুন গছৰ ডাল ৰোপণত ব্ৰতী হৈছে পৰিষদৰ অধ্যক্ষ সুনীল কুমাৰ পেগুৰ নেতৃত্বত জাতীয় সংগঠনৰ কৰ্মকর্তা সকল ।

পৰিষদৰ মুহি চন্দ্ৰ সামাজিক বনানিকৰণ অভিযানৰ অধীনত বিশ্ব পৰিৱেশ দিৱসৰ দিনা পুৱা এই কাৰ্যসূচী আৰম্ভ কৰি বিয়লি পৰ্যন্ত প্ৰণালীবদ্ধ ভাবে ব্ৰহ্মপুত্ৰৰ খহনীয়াগ্ৰস্ত এলেকাত ৰোপণ কৰা হল কাঞ্চন ,অৰ্জুন আদি গছৰ কেইবা শতাধিক ডাল। মিচিং জাতীয় সংগঠনৰ শতাধিক কৰ্মীযে হাতে কামে লাগি ৰূপায়ন কৰা এই বনানীকৰণৰ পদক্ষেপৰ লগতে বেৰা মাৰি ডাল সমূহৰ সুৰক্ষাগত দিশটো নিশ্চিত কৰা কাৰ্যসূচীৰ নেতৃত্ব প্ৰদান কৰিছে পৰিষদৰ অধ্যক্ষ সুনীল কুমাৰ পেগুৱে ।

তথাকথিত বিজ্ঞানসন্মত বান খহনীয়া প্ৰতিৰোধ আঁচনিৰ জৰিয়তে আশাব্যঞ্জক সফলতাৰ মুখ নেদেখি পৰিষদে প্ৰকৃতিগত ভাবে প্ৰাকৃতিক দুৰ্যোগ প্ৰশমনৰ এই ব্যৱস্থা গ্ৰহণ কৰিছে বুলি স্বায়ত্ব শাসিত পৰিষদৰ অধ্যক্ষ সুনীল কুমাৰ পেগুৱে কৈ এনে স্বেচ্ছামূলক কাৰ্যসূচীৰ জৰিয়তে এহাতে পৰিবেশ সুৰক্ষিত হোৱাৰ লগতে অন্যহাতে এই গছৰ শিপা ডাল পাতৰ জৰিয়তে ব্ৰহ্মপুত্ৰৰ জল প্ৰকোপৰ গতি নিয়ন্ত্ৰিত হৈ বালিচৰ সৃষ্টিৰে খহনীয়া স্থায়ী প্ৰতিৰোধ কৰিব। অধ্যক্ষ পেগুৱে এই ক্ষেত্ৰত নদীপৰিয়া ভূমি স্বত্বাধিকাৰী সকলৰ ভূমিস্বত্ব অক্ষত থাকিব বুলিও কৈ অঞ্চলবাসীয়ে যিকোনো সময়ত আহি সংৰক্ষিত এলেকাত এডালকৈ গছৰ ডাল ৰুই প্ৰকৃতিলৈ মহৎ অৱদান আগবঢ়োৱাৰ আহ্বান জনায় ।