ছাগলী চোৰ কৰিবলৈ আহি নৃশংস ভাৱে হত্যা কৰিলে এজন যুৱকক... 
লখিমপুৰ

ছাগলী চোৰ কৰিবলৈ আহি নৃশংস ভাৱে হত্যা কৰিলে এজন যুৱকক...

Asomiya Pratidin

ডিজিটেল সংবাদ লখিমপুৰঃ ৰাজ্যত পুনৰ সংঘটিত হৈছে এক হত্যাকাণ্ড। ছাগলী চোৰ কৰিবলৈ আহি এজন যুৱকক হানি খুঁচি হত্যা কৰিলে চোৰৰ দলে। এই ঘটনা সংঘটিত হৈছে লখিমপুৰ জিলাৰ চাংমাই গাঁৱৰ গোবৰীশালীত।

জানিব পৰা মতে শুকুৰবাৰে নিশা গাওঁখনত আছিল ভাওনা। সেই উপলক্ষে গাওঁঁখনৰ অধিকাংশ লোকেই ভাওনা উপভোগ কৰিবলৈ গৈছিল। সেই সুৱৰ্ণ সুযোগ গ্ৰহণ কৰিলে চোৰৰ এটা দলে।

ইফালে প্ৰণৱ নামৰ গাওঁখনৰে এজন যুৱকে তেওঁৰ বৰদেউতাকৰ ঘৰৰ ছাগলী চোৰ হোৱাৰ খবৰৰ পোৱাৰ পাছতে চোৰৰ দলটোক খেদি আহিছিল। প্ৰৱল বৃষ্টিপাত আৰু এন্ধাৰৰ সুযোগ গ্ৰহণ কৰি এই চোৰৰ দলটোৱে প্ৰণৱ নামৰ যুৱকজনক অতি নৃশংসভাৱে হানি খুঁচি হত্যা কৰি পলায়ন কৰে।

ঘৰৰ পৰা কিছু নিলগত এটা মথাউৰীৰ কাষৰ এঘৰ মানুহৰ পদূলিত উদ্ধাৰ হৈছে প্ৰণৱৰ নিথৰ দেহ। তেওঁৰ কাষতে উদ্ধাৰ হৈছে এখন গ্লেমাৰ বাইক। বাইকখনৰ নম্বৰ এ এছ ০৭ এছ ৭২৯৩।

ইফালে এই গ্লেমাৰ বাইকখনৰ গৰাকী লখিমপুৰৰ ১২ নং ৱাৰ্ডৰ আমিনা খাতুন বুলি জানিব পৰা গৈছে। ঘটনা সন্দৰ্ভত স্থানীয় আৰক্ষীক অৱগত কৰাৰ পাছতে আৰক্ষী আহি ঘটনাস্থলীত উপস্থিত হোৱাৰ লগতে সমগ্ৰ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে।