অসম

"মই চুটি-চাপৰ মানুহ। মোৰ বাক্যবোৰো চুটি..." আজি লক্ষ্যধৰ চৌধুৰীৰ মৃত্যু তিথি

Asomiya Pratidin

ডিজিটেল ডেস্ক : 'মই চুটি-চাপৰ মানুহ। মোৰ বাক্যবোৰো চুটি। মোৰ লেখাত কল্পনাৰ প্ৰয়োগ নাই, অনৰ্থক জটিলতা নাই। আচলতে যিমানে সহজ-সৰলকৈ লিখিব পাৰি সিমানে পাঠকৰ মনলৈ সোমাই যাব পাৰি। সৰু সৰু বাক্যৰে সহজ-সৰলকৈ লিখা মোৰ ৰচনাৰীতিয়ে যদি আন দহজনকো আকৰ্ষিত কৰিব পাৰে, তেনেহ'লে মই ভাবিবলৈ বাধ্য হ'ম যে জীৱনৰ শেষভাগত কলম ধৰি মই ভুল কৰা নাই।' আজি লক্ষ্যধৰ চৌধুৰীৰ মৃত্যু তিথি। সেয়ে ওপৰোক্ত কথাফাঁকিৰে তেওঁৰ প্ৰতি শ্ৰদ্ধা জনাই এই লেখা-

জীৱনৰ শেষ সময়ত ঘূৰি চালেই দেখা যায় যে, তেওঁক বেয়া পোৱা লোক হয়তো এজনো নোলাব ! প্ৰায়বোৰ গুণৰ বাবে তেওঁ সকলোৰে প্ৰিয়পাত্ৰ হ'ব পাৰিছিল। কি নাছিল তেওঁ; একেধাৰে মুক্তিযুঁজাৰুৰ উপৰি নাট্যকাৰ,পৰিচালক,শিক্ষাবিদ,সাহিত্যিক তথা ৰাজনীতিবিদকে ধৰি বিভিন্ন আকৰৰে পৰিপূৰ্ণ এগৰাকী সম্পূৰ্ণ ব্যক্তিত্বৰ এটি সত্তাৰগৰাকী আছিল প্ৰয়াত লক্ষ্যধৰ চৌধুৰী। ১৯১৪ চনৰ ১৪ অক্টোবৰত উত্তৰ গুৱাহাটীত জন্মগ্ৰহণ কৰা পুৰোধা অসমীয়াগৰাকীৰ আজি মৃত্যু তিথি।

আজিৰ এই দিনটোতেই তেওঁ সংসাৰৰ মায়া এৰি গুচি গৈছিল অজান দেশলৈ। এৰি থৈ গৈছিল এটি সম্ভ্ৰান্ত পৰিয়াল। কোনোগৰাকী যদি সাহিত্যিক-শিল্পী-শিক্ষাবিদ আন কোনোগৰাকীয়ে ৰাইজক চিকিৎসা সেৱা প্ৰদান কৰাৰ উপৰি সাহিত্য তথা সংস্কৃতিৰ পথাৰত চৰি-ফুৰি সামাজৰ মাজত নিজকে সপি দিছে।

অসমান্য প্ৰেৰণাৰে জাতিক জগাব বিচৰা এটি 'চৌধুৰী' পৰিয়ালৰ বাটকটীয়া লক্ষ্যধৰ চৌধুৰী। মহামানৱ মহাত্মা গান্ধীৰ নেতৃত্বত ৪২ৰ স্বাধীনতা সংগ্ৰামত জপিয়াই পৰা লক্ষ্যধৰ চৌধুৰী নানা ঘাট-প্ৰতিঘাট নেওচি পৰিয়ালটোৰো গুৰিব'ঠা ধৰাত অকণো কৃৃপণালি কৰা নাছিল।

অমৰজ্যোতি,অঞ্জনজ্যোতি,অৰূপজ্যোতি,অনুপজ্যোতি চৌধুৰী নামে ৪গৰাকী পুত্ৰ সন্তানৰ উপৰি অনুৰাধা দাস নামৰ কন্যা সন্তানৰ পিতৃ লক্ষ্যধৰ চৌধুৰীৰ কষ্ট-অধ্যৱসায় আৰু সততাৰ ফচল কেউগৰাকী সন্তান। পিতৃৰ আদৰ্শৰ পৰা তিলমানো বিচলিত নহৈ তেওঁলোক নিজ নিজ কৰ্মক্ষেত্ৰত উজলি আছে।

দেশে স্বাধীনতা লাভ কৰাৰ পিচতে লক্ষ্যধৰ চৌধুৰী সক্ৰিয় ৰাজনীতিত সোমাই পৰে। ১৯৫২চনৰ অসম বিধানসভা নিৰ্বাচনত সমাবাদী দলৰ হৈ তেওঁ প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল। অৱশ্যে সেই নিৰ্বাচনত তেওঁ পৰাস্ত হৈছিল। ইয়াৰ পিচতে ১৯৬৭ চনৰ নিৰ্বাচনত তেওঁ অসম বিধানসভালৈ বিধায়ক হিচাপে নিৰ্বাচিত হয়।

আনহাতে ১৯৭৭ৰ নিৰ্বাচনত তেওঁ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰিত্ব লাভ কৰি অসমৰ সাংস্কৃতিক জগতৰ বাবে বিশেষ ভূমিকা পালন কৰি নতুন দিগন্তৰ সূচনা কৰে। উল্লেখিত অনুসৰি জীৱনৰ অপৰাহ্ণ সময়ত লক্ষ্যধৰ চৌধুৰীয়ে সাহিত্য চৰ্চা কৰি অসমীয়া সাহিত্যৰ ক্ষেত্ৰতো উল্লেখনীয় অৱদান আগবঢ়াইছিল।

তেওঁৰ দুখন উল্লেখযোগ্য গল্প সংকলন হ'ল 'মানুহ বিছাৰি' আৰু 'মইনামতি'। প্ৰকাশিত অন্যান্য পুথিসমূহ হ’ল 'ৰাজনীতিৰ অ আ ক খ', 'মোৰ অভিনেতা জীৱনৰ কাহিনী' ইত্যাদি। সাহিত্যিক হিচাপে তেওঁ ১৯৯১ চনৰ অসম সাহিত্য সভাৰ ৫৮তম গোৰেশ্বৰ অধিবেশনৰ সভাপতিৰ দায়িত্ব গ্ৰহণ কৰে। কবিতাৰ মাধ্যমেৰে শিশুৰ মনত আদৰ্শৰ বীজ ৰোপন কৰাত সাৰ্থক হৈছিল লক্ষ্যধৰ চৌধুৰী। 'মই গান্ধীজীৰ দৰে হ'ম...' তেওঁৰ উল্লেখনীয় কবিতা।

আনহাতে কুমাৰ ভাস্কৰ নাট্য মন্দিৰৰ সৈতে সুদীৰ্ঘ সময় ধৰি জড়িত থকা লক্ষ্যধৰ চৌধুৰী নাট্যকাৰ হিচাপে 'ৰক্ষা কুমাৰ', 'আলিবাবা', 'ওমলা ঘৰ', 'নিমিলা অংক', 'যৱনিকাৰ আঁৰে আঁৰে' ইত্যাদি অন্যতম সৃষ্টি। অভিনেতা হিচাপে লক্ষ্যধৰ চৌধুৰীয়ে অসমীয়া কথাছবি 'নিমিলা অংক' আৰু 'বদন বৰফুকন'ত অভিনয়ৰ চানেকী দাঙি ধৰিছিল।

'নিমিলা অংক'ত অভিনয় কৰাৰ উপৰি তেওঁ ছবিখন পৰিচালনাও কৰিছিল। এনেবোৰ গুণৰ আকৰ লক্ষ্যধৰ চৌধুৰীয়ে অসমৰ সামাজিক-সংস্কৃতিক আৰু ৰাজনৈতিক পথাৰ উকা কৰি ২০০০ চনৰ আজিৰ এই দিনটোতেই মেলানি মাগিছিল।