অসম

কাজলগাঁৱত ১২ দিনীয়া কাৰ্যসূচীৰে ৬৪সংখ্যক লক্ষ্মী পূজা ও মেলা

Asomiya Pratidin

ডিজিটেল সংবাদ,চিৰাং: প্ৰতি বছৰৰ দৰে এইবেলিও কাজলগাঁৱত ১৬ অক্টোবৰৰ পৰা ১২ দিনীয়া বিস্তৃত কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব ৬৪ সংখ্যক শ্ৰী শ্ৰী লক্ষ্মী পূজা ও মেলা। এই সন্দৰ্ভত আজি বিয়লি ৪:৩০ বজাত এক সংবাদমেল সম্বোধন কৰে পূজা সমিতিয়ে।

কাজলগাঁও শ্ৰী শ্ৰী লক্ষ্মী পূজা ও মেলা সমিতিৰ সভাপতি হিতেশ বসুমতাৰী, সাধাৰণ সম্পাদক দিলীপ বসুমতাৰী, যুটীয়া সম্পাদক সঞ্জয় ছেত্ৰী আৰু কাজলগাঁও ব্ৰহ্ম যজ্ঞালয়া ও শ্ৰী শ্ৰী লক্ষ্মী মন্দিৰ নিৰ্মাণ সমিতিৰ সভাপতি প্ৰদীপ বসুমতাৰীয়ে কয় যে, বৃহত্তৰ কাজলগাঁও অঞ্চলৰ জনসাধাৰণৰ মাজত ঐক্য,শান্তি-সম্প্ৰীতি আৰু ভাতৃত্ববোধ গঢ়ি তোলাৰ উদ্দেশ্যৰে ১৯৬১ চনৰ পৰাই জাতি,ধৰ্ম,বৰ্ণ,ভাষা নিৰ্বিশেষে বিভিন্ন কাৰ্যক্ৰমনিকাৰে পালন কৰি অহা এই পূজা ও মেলা ১৯৯০ চনৰ পৰাই আধুনিক মেলাৰ প্ৰতিটো উপকৰণেৰে উদযাপিত হৈ আহিছে।

চৰকাৰী পঞ্জীয়নভুক্ত এই পূজা ও মেলা সমিতিয়ে ইতিমধ্যে কাজলগাঁও বজাৰ প্ৰাংগনত স্থায়ী লক্ষ্মী মন্দিৰ, ব্ৰক্ষ্ম মন্দিৰ ও শিৱ মন্দিৰৰ নিৰ্মাণ কাৰ্য আৰম্ভ কৰিছে। এক কোটি পঞ্চাছ লাখ টকা বাজেটৰ এই মন্দিৰৰ নিৰ্মাণ কাৰ্য যোৱা পাঁচ বছৰত ত্বৰাণ্বিত কৰি ইতিমধ্যে প্ৰায় ৭০ শতাংশ কাম সম্পন্ন হৈছে। বিশিষ্ট ব্যক্তিৰ উপস্থিতিত এইবাৰৰ পূজা ও মেলা আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব বিটিচি প্ৰমুখ প্ৰমোদ বড়োই।

বৃহত্তৰ কাজলগাঁও অঞ্চলৰ জনসাধাৰণৰ মাজত একতা আৰু ভাতৃত্ববোধ মজবুত কৰাৰ স্বাৰ্থত কাইলৈৰ আৰম্ভণিৰ দিনাখন বিভিন্ন জাতি জনগোষ্ঠীৰ বাৰেৰহনীয়া সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হ'ব বুলিও সংবাদমেল সম্বোধন কৰি লক্ষ্মী পূজা উদযাপন সমিতিৰ বিষয়ববীয়াই লগতে সদৰি কৰে। আজিৰ এই সংবাদমেলত বিটিচিৰ প্ৰাক্তন কাৰ্যবাহী সদস্য তথা লক্ষ্মী পূজা উদযাপন সমিতিৰ উপদেষ্টা নীৰেন ৰায়ৰ উপৰিও নন্দ দুলাল সৰকাৰ আৰু ধৰ্মেশ্বৰ ৰায়ৰ লগতে কাজলগাঁও শ্ৰী শ্ৰী লক্ষ্মী মন্দিৰ নিৰ্মাণ সমিতিৰ সাধাৰণ সম্পাদক ছবিন্দ্ৰ নাৰ্জাৰীও উপস্থিত থাকে।

এইবাৰৰ পূজা ও মেলাত বিশেষ আকৰ্ষণ হিচাপে থাকিব মিনা বজাৰ, ৰাষ্ট্ৰীয় বাণিজ্য মেলা, চাৰ্কাচ, বড়ো ভিডিঅ', নাগৰদলা, ব্ৰেক ডাঞ্চ আদি । লক্ষ্মী পূজা ও মেলা সমিতিয়ে এইবেলি পূজা ও মেলা চলাকালীন সময়ত নিৰ্ধাৰিত এলেকাৰ ভিতৰত যি কোনো ধৰণৰ জুৱা খেল আৰু মাদক দ্ৰব্য বিক্ৰী ও সেৱন নিষিদ্ধ ঘোষণা কৰিছে।

উল্লেখ্য যে, কাজলগাঁৱৰ এই ঐতিহ্যমণ্ডিত পূজা ও মেলা সুচাৰুৰূপে পৰিচালনা কৰিবলৈ এইবেলি সাংসদ জয়ন্ত বসুমতাৰীক মুখ্য পৃষ্ঠপোষক, ৰাজ্যসভাৰ সাংসদ ৰণগৌৰা নাৰ্জাৰী আৰু ১৫ নং কাজলগাঁও বিটিচি পৰিষদীয় সমষ্টিৰ এম চি এল এ পানীৰাম ব্ৰহ্মক পৃষ্ঠপোষক, ৰাজ্য চৰকাৰৰ প্ৰাক্তন কেবিনেট মন্ত্ৰী চন্দন ব্ৰহ্মক মুখ্য উপদেষ্টাৰ দায়িত্ব অৰ্পন কৰে।

বৃহত্তৰ কাজলগাঁও অঞ্চলৰ পাৰ্শ্বৱৰ্তী ১০ খনকৈ গাঁৱৰ শতাধিক প্ৰতিনিধিৰ অন্তৰ্ভুক্তিৰে মূৰ্তি পূজা, যজ্ঞাহুতি, বিত্ত, খাদ্য, ভলন্টাৰ, বিদ্যুৎ, স্বাস্থ্য, প্ৰচাৰকে ধৰি মুঠ ১২ খন উপ সমিতি গঠন কৰি পূজা ও মেলাৰ কাম দ্ৰুত গতিত আগবঢ়াই নিয়া হৈছে।