অসম

আজিৰে পৰা আৰম্ভ হ'ল লামডিং শ্ৰী শ্ৰী শীতলা মা মহোৎসৱ...

Asomiya Pratidin

ডিজিটেল সংবাদ, লামডিং: বিগত বৰ্ষসমূহৰ দৰে পৰম্পৰা ৰক্ষা কৰি ৰে'লনগৰী লামডিঙত মঙ্গলবাৰৰে পৰা উল্লহ-মালহেৰ আৰম্ভ হ'ল শ্ৰী শ্ৰী শীতলা মা পূজা ৷ অহা ১১ এপ্ৰিললৈকে অনুষ্ঠিত হ'ব এই পূজা ৷ পৰম্পৰাগত ভাৱে প্ৰথম দিনাই শীতলা দেৱীক নতুন সাজ-পোচাক পিন্ধাই সোনৰ আ-অলংকাৰ পৰিধান কৰাই অধিবাস কৰি শীতলা মাক ন-ৰূপত প্ৰতিষ্ঠা কৰা হয় ৷

মাৰ শ্ৰীচৰনত তেল, সেন্দুৰ, পানী আদি অৰ্পন কৰি ধূপ-ধূনাৰে পূজা অৰ্চনা কৰিবলৈ পুৱতিনিশাৰ পৰাই ভক্ত সকলে দীঘলীয়া শাৰী পাতে ৷ ইয়াৰোপৰি এই আঠদিনীয়া পূজাত ৰাজ্যৰ লগতে বহি:ৰাজ্যৰ পৰাও অগনন ভক্তই ভীৰ কৰে পূজাস্থলীৰ চৌহদত ৷ হাজাৰ হাজাৰ লোকে লোকাৰণ্য হৈ পৰিছে লামডিং হৰুলংফাৰ শীতলা বাড়ী ৷

ভক্তসকলে নিজৰ মনোকামনা পূৰণ হোৱাৰ আশাৰে সোণ-ৰূপৰ অলংকাৰ দান কৰাৰ লগতে জীৱ জন্তুও দান কৰি আহিছে ৷ এই পূজা স্থলীত নিত্য নৈমিত্তিক পূজা পৰ্বৰ লগতে বসন্ত মেলাৰো আয়োজন কৰে পূজা সমিতিয়ে ৷ উল্লেখ্য যে, ৭০ বছৰৰো অধিক বছৰ অতিক্ৰম কৰিছে এই মা-শীতলা পূজাই ৷ আনফালে শীতলা পূজাৰ লগত সংগতি ৰাখি এইবাৰ লামডিং ৰে'লৱে মাণ্ডলিক প্ৰৱন্ধক গৰাকীয়ে ভক্তসকলৰ বাবে ৰে'লৰ সুবিধাও কৰিছে ৷

যিহেতু ৰাজ্যৰ বিভিন্ন স্থানৰ পৰা ভক্ত সকলৰ আগমন হয়, গতিকে তাৰ প্ৰতি লক্ষ্য ৰাখি কেইবাখনো ৰে'লত নতুনকৈ ৰে'লৰ ডবা সংযোগ কৰিছে ৷ লামডিং তিনিচুকীয়া এক্সপ্ৰেছ, ৰঙীয়া ডিব্ৰুগড় এক্সপ্ৰেছ, লিডু ইন্টাৰচিটি এক্সপ্ৰেছ, গুৱাহাটী শিলচৰ এক্সপ্ৰেছকে ধৰি বহু কেইখন যাত্ৰীবাহী ৰে'লত মাণ্ডলিক প্ৰৱন্ধক গৰাকীয়ে ডবা সংযোগ কৰাৰ কথা অৱগত কৰে ৷

ইয়াৰোপৰি এই আঠদিনীয়া পূজাত কোনো লোকে যাতে অসুবিধাৰ সন্মুখীন নহয় তাৰ বাবেও পূৰ্বৰ তুলনাত আৰু অধীক কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা কৰিছে অসম পুলিচৰ লগতে ৰে'লবিভাগে।