অসম

লামডিং বজাৰৰ মাজমজিয়াত সন্ধিয়াতে চোৰে চলালে চাফাই অভিযান...

Asomiya Pratidin

ডিজিটেল সংবাদ, লামডিংঃ লামডিং বজাৰৰ মাজমজিয়াত সন্ধিয়াতে চোৰে চলালে চাফাই অভিযান। এক প্ৰকাৰে লামডিং আৰক্ষীক অপেন চেলেঞ্জ দিলে চোৰে ৷ লামডিঙৰ প্ৰখ্যাত জুইৱেলাৰী ব্যৱসায়ীৰ ঘৰত চোৰে সংঘটিত কৰিলে চুৰি কাণ্ড ৷

ঘৰত কোনো নথকাৰ সুযোগ গ্ৰহণ কৰি সুবীৰ ধৰ নামৰ জুইৱেলাৰী গৰাকীৰ ঘৰত চোৰে লুটিলে নগদ ধন সহ সোণৰ আ অলংকাৰ ৷ ব্যৱসায়ী গৰাকীৰ ঘৰত চোৰে নগদ ৪ লাখ টকা সহ বহু লাখ টকাৰ সোণৰ আ অলংকাৰ লৈ উধাও হয় ৷ 

বৰ্তমান ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে। আনফালে লামডিং আৰক্ষী থানাৰ পৰা এশ মিটাৰ দূৰত্বত চোৰে সংঘটিত কৰা এই ঘটনাই আশ্বৰ্য্যজনক কৰি তুলিছে ব্যৱসায়ী সকলক।