অসম

লাম্পী ৰোগত আক্ৰান্ত  নামৰূপৰ বহুতো গো-ধন

Asomiya Pratidin

ডিজিটেল সংবাদ,নামৰূপঃ নাহৰকটীয়া সমষ্টিৰ অন্তৰ্গত বিভিন্ন অঞ্চলত লাম্পী নামৰ ছালত গোটা বান্ধি হোৱা এবিধ ৰোগত বহুতো গো ধন আক্ৰান্ত হোৱাৰ তথ্য পোৱা গৈছে। উল্লেখযোগ্য যে নামৰূপৰ হাপজান চাৰিআলি হিন্দু গাঁওৰ ঈশ্বৰ দাসৰ ঘৰত এই লাম্পী ৰোগত  আক্ৰান্ত হৈছে এজনী গাভিনী গৰু। 

ৰোগটোৰ সন্দৰ্ভত বিভাগীয় বিষয়াৰ পৰা প্ৰাপ্য তথ্য মতে ই জীৱ-জন্তুৰ বাবে এক মাৰাত্মক ভাইৰাছ। এই ৰোগবিধ গৰু-ম'হ আদিৰ ছালত গোটেই গাতে টেমুনা বান্ধি উখহি  উঠে।  ইয়াৰ লগে লগে পশুধন জ্বৰত আক্ৰান্ত হয়, খোৱা বোৱা ত্যাগ কৰি অৱশ হৈ পৰে আৰু  অৱশেষত পশুধন মৃত্যু মুখত পৰে। 

হিন্দু গাঁৱৰ ঈশ্বৰ দাসৰ  ঘৰটো শনি বাৰৰ পৰা গাভিনী গাই জনীৰ দেহত এনে লক্ষণ প্ৰত্যক্ষ কৰে।  গৃহস্থই গাই জনীৰ অৱস্থা সংকটজনক হোৱাত জয়পুৰ ব্লকৰ অন্তৰ্গত নাহৰণী পশু চিকিৎসালয় দায়িত্বত থকা পশু চিকিৎসক দৃষ্টি সিংহাৰ লগত যোগাযোগ কৰে।

আশ্বৰ্যকৰ যে চিকিৎসক গৰাকীয়ে গৃহস্থক কোনো সদোত্তৰ দিয়াৰ বিপৰীতে নাহৰণী চিকিৎসালয়ত ৰেজিষ্টেচন কৰাকে আদি জটিল পদ্ধতি অৱলম্বনৰ বৰ্ণনা দি বিষয়টোৰ সন্দৰ্ভত কোনো সহায় নকৰিলে।অৱশেষত উপায়ন্তৰ হৈ  দাসে জিলা পৰ্যায়ত  যোগাযোগ কৰে । জিলা পৰ্যায়ৰ সঁহাৰি মৰ্মে নাহৰকটীয়া পশু চিকিৎসালয়ৰ চিকিৎসক ৰুবুল শইকীয়া আৰু বিভাগীয় মৈত্ৰী কৰ্মী -যুগকান্ত গগৈ হিন্দু গাঁৱৰ ঈশ্বৰ দাসৰ গৃহত উপস্থিত হৈ ক্ষিপ্ৰতাৰে চিকিৎসা আগবঢ়ায়।

তাৰপাছত  গাইজনী আজি কিছু সুস্থ হোৱাপৰিলক্ষিতহয়। ডাঃ শইকীয়াৰ  পৰা জানিব পৰা মতে ই এক মাৰাত্মক সোঁচৰা ৰোগ।  এটা পশুধনৰ গাত এইবিধ ৰোগ দেখা দিয়াৰ পিছত অতি খৰটকীয়া ভাবে অঞ্চলটোলৈ এই ৰোগ বিয়পি পৰে আৰু অতি কমসময়ৰ ভিতৰতে পশু ধন নিধন হয়।

সেয়ে  চিকিৎসক গৰাকীয়ে অঞ্চলটোৰ ৰাইজক সজাগতা অৱলম্বন কৰিবলৈ আহ্বান জনায়।  শেহতীয়াকৈ অসমত এই ৰোগৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি হোৱাত  চৰকাৰৰ তৰফৰ পৰাও বিভিন্ন সজাগতামূলক কাৰ্যসূচী গ্ৰহণ কৰিছে।  আনহাতে আজি  নামৰূপৰ কেইবঠাইটো মৃত গৰু পৰি থকা প্ৰত্যক্ষ কৰা হৈছে। 

লক্ষণীয় যে নামৰূপৰ দিনে-নিশাই বাটে-পথে থকা গৰাকীবিহীন গৰুসমূহৰ ক্ষেত্ৰতো বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ স্থানীয় প্ৰশাসন আৰু সংশ্লিষ্ট বিভাগক আহ্বান জনাইছে নামৰূপৰ সচেতন মহলে।