নামনি সোৱণশিৰী জলবিদ্যুৎ প্ৰকল্পত ভূমিস্খলনঃ এজন নিহতৰ খবৰ... 
অসম

নামনি সোৱণশিৰী জলবিদ্যুৎ প্ৰকল্পত ভূমিস্খলনঃ এজন নিহতৰ খবৰ...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ ৰাজ্যজুৰি বৃষ্টিপাত অব্যাহত থকাৰ মাজতে সোমবাৰে গোগামুখৰ নামনি সোৱণশিৰী জলবিদ্যুৎ প্ৰকল্পত অঘটন। পাহাৰ খহি এজন শ্ৰমিকৰ মৃত্যুৰ হোৱা বুলি জানিব পৰা গৈছে।

ফলত প্ৰলকল্পৰ কামত নিয়োজিত হৈ থকা শ্ৰমিকসকল শংকিত হৈ পৰিছে। জানিব পৰা মতে নেৰানেপেৰা বৰষুণৰ বাবে এন এইছ পি চিৰ নামনি সোৱণশিৰী জলবিদ্যুৎ প্ৰকল্পত ভূমিস্খলন হৈছে।

এনে ভূমিস্খলনত পাহাৰৰ মাটিত আৱদ্ধ হৈ এজন শ্ৰমিকৰ মৃত্যু হৈছে। এই ভূমিস্খলন প্ৰকল্পটোৰ সোঁ ফালে সংঘটিত হৈছে। পাহাৰৰ প্ৰায় ২০০ ফুট উচ্চতাৰ পৰা খহি পৰিছে প্ৰকাণ্ড শিলাখণ্ড।

নিহত শ্ৰমিকজনৰ নাম পুতুল গগৈ। তেওঁৰ ঘৰ গোগামুখৰ মিংমাং মদনপুৰত।