অসম

আৰম্ভ হৈছে দীপালী বৰঠাকুৰৰ অন্তিম যাত্ৰা

asomiyapratidin
  • বেলতলা বাসগৃহৰ পৰা উলিয়াই অনা হৈছে তেওঁৰ নশ্বৰ দেহ৷
  • বিশাল সমদলেৰে পুৱা ১১ বজাত আৰম্ভ হয় এই শেষ যাত্ৰা৷
  • তেওঁ নশ্বৰ দেহ প্ৰথমে নিয়া হ'ব আকাশবাণী গুৱাহাটী কেন্দ্ৰলৈ৷
  • তাত জনোৱা হ'ব দীপালী বৰঠাকুৰক শেষ শ্ৰদ্ধাঞ্জলী৷
  • তাৰ পৰা তেওঁৰ নশ্বৰ দেহ নিয়া হ'ব ৰবীন্দ্ৰ ভৱনলৈ৷
  • ৰবীন্দ্ৰ ভৱনৰ পৰাই সাহিত্য সভালৈ নিয়া হ'ব দীপালী বৰঠাকুৰৰ নশ্বৰ দেহ৷
  • শেষত শ্ৰদ্ধাঞ্জলী জনোৱা হ'ব শ্বহীদ ন্যাসত৷
  • শ্বহীদ ন্যাসৰ পৰা নৱগ্ৰহলৈ নি তাতেই সম্পন্ন কৰা হ'ব অন্ত্যেষ্টিক্ৰিয়া৷
  • ৰাজ্যিক মৰ্যাদাৰে সম্পন্ন কৰা হ'ব দীপালী বৰঠাকুৰৰ অন্ত্যেষ্টিক্ৰিয়া৷