অসম

ঢকুৱাখনাত বৃহৎ পৰিমাণৰ অৰুণাচলী সুৰা জব্দ

Asomiya Pratidin

ডিজিটেল সংবাদ, ঢকুৱাখনা: এখন বিলাসী বাহন। বাহনখনৰ ভিতৰৰ পৰা কাৰ্টনে কাৰ্টনে ওলাইছে বিলাতী সুৰা । বিলাতী সুৰাৰ কাৰ্টন কঢ়িয়াই কঢ়িয়াই ভাগৰি পৰিছে আৰক্ষী জোৱান সকল । ঘটনা দেওবাৰৰ । ঢকুৱাখনাত থানা ভৰি পৰিছে এই বিলাতী সুৰাৰে ।

আক্ষৰিক অৰ্থত মাজুলী জিলা ড্ৰাই জিলা হিচাপে ঘোষিত যদিও চুবুৰীয়া ৰাজ্য অৰুণাচলৰ পৰা মুকলি ভাবেই এই জিলালৈ অবৈ সুৰাৰ সৰবৰাহ কৰি আহিছে বিভিন্ন চক্ৰই । এনে এক চোৰাং বেহা দেওবাৰে পোহৰলৈ আনে ঢকুৱাখনা আৰক্ষীয়ে । ঢকুৱাখনা আৰক্ষীয়ে ঢকুৱাখনা- ঘিলামৰা ৰাজ্যিক ঘাই পথত তালাচী চলাই এই ভয়ংকৰ বেহা পোহৰলৈ আনে ।

ঢকুৱাখনা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া কুলদ্বীপ গগৈযে গোপন সুত্ৰৰ ভিত্তিত বৃহৎ পৰিমাণৰ অৰুণাচলী বিলাতী খবৰ লাভ কৰে। সদৰ থানাৰ এটা সশস্ত্ৰ আৰক্ষীৰ দল লৈ ঘিলামৰা- ঢকুৱাখনা ৰাজ্যিক ঘাই পথৰ হিলৈদাৰী অংশত তালাচী চলাই বৃহৎ অৰুণাচলী সুৰাখিনি জব্দ কৰিবলৈ সক্ষম হয়।

আৰক্ষীয়ে ধেমাজি জিলাৰ গোগামুখ থানাৰ অন্তৰ্গত লটাক বালিগাঁৱৰ গণেশ্বৰ পাতিৰৰ পুত্ৰ মনোজ পাতিৰ ওৰফে ৰাকেশ পাতিৰে চলাই অহা এ এছ ০৭ ডব্লিউ ৩৮২০ নম্বৰৰ মাৰুটি এলট্ৰ গাড়ীখন জব্দ কৰি চলোৱা তালাচী কালত বৃহৎ পৰিমাণৰ অৰুণাচলী সুৰা উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

গাড়ীখনৰ পাছত আসন খুলি মুঠ ২৭ কাৰ্টন অৰুণাচলী বিলাতী সুৰা আৰু ১৬ টা বিয়েৰ লৈ মাজুলী অভিমুখে বিদেশী সুৰাখিনি আনি থকা অৱস্থাত উদ্ধাৰ কৰে । পাছত ঢকুৱাখনা থানাত বৃহৎ পৰিমানৰ অবৈধ ভাবে সৰবৰাহ কৰা সুৰাখিনি জব্দ কৰি থানাত ৰাখে । এই সন্দৰ্ভত আৰক্ষীয়ে যাবতীয় ব্যৱস্থা গ্ৰহণ কৰি ঢকুৱাখনা আৱকাৰী বিভাগৰ হাতত চমজাই দিয়ে ।

ধৃত অৰুণাচলী সুৰা বেপাৰীটোৱে গোগামুখৰ পৰা বৃহৎ পৰিমানৰ অৰুণাচলী সুৰাখিনি মাজুলীলৈ সৰবৰাহ কৰা বুলি সংবাদ মাধ্যমক জনাইছে । ইপিনে আৰক্ষীয়ে এ এছ ০৭ ইউ ৮৫৮৪ নম্বৰৰ এখন মাৰুটি ৱাগণ আৰত বৃহৎ পৰিমাণৰ অৰুণাচলী সুৰা একেলগে সৰবৰাহ কৰি অনা বুলি কৈ আৰক্ষীৰ দল দেখি গাড়ী ঘিলামৰা দিশে ঘূৰাই তীব্ৰ বেগত উভতি যায় বুলি গোপন সূত্ৰৰ তথ্যৰ ভিত্তিত অৱগত কৰে । ঢকুৱাখনা আৰক্ষীয়ে এই সন্দৰ্ভত তদন্ত কৰি আবকাৰী বিভাগক এক এজাহাৰ দাখিল কৰিছে।