আপৰ ৩ প্ৰাৰ্থী ঘোষণাঃ অসহায় ভূপেন বৰা, কি হ'ব লুৰিণৰ অৱস্থা ? 
অসম

আপৰ ৩ প্ৰাৰ্থী ঘোষণাঃ অসহায় ভূপেন বৰা, কি হ'ব লুৰিণৰ অৱস্থা ?

Asomiya Pratidin

ডিজিটেল ডেস্কঃ লোকসভা নিৰ্বাচনক কেন্দ্ৰ কৰি ৰাষ্ট্ৰীয় পৰ্যায়ত বিৰোধীয়ে গঠন কৰা ইণ্ডিয়া গোটৰ মাজত নিৰ্বাচন চমু চাপি অহাৰ সময়তে বিভাজন হোৱাৰ দৰেই অসমতো ঐক্যবদ্ধ বিৰোধীৰ মাজত বিভাজন স্পষ্ট হৈছে। বৃহস্পতিবাৰে দিল্লীত আম আদমি পাৰ্টীৰ ৰাষ্ট্ৰীয় নেতৃত্বই অসমৰ তিনিটা সমষ্টিৰ বাবে ঘোষণা কৰিলে ৩ জন প্ৰাৰ্থীৰ নাম।

গুৱাহাটী সমষ্টিৰ বাবে আপ অসমৰ সভাপতি ভৱেন চৌধুৰী, ডিব্ৰুগড় সমষ্টিৰ বাবে মনোজ ধানোৱাৰ আৰু তেজপুৰ সমষ্টিৰ বাবে ঋষিৰাজ কৌণ্ডিণ্যৰ নাম ঘোষণা কৰে। ইয়াৰ পাছতে অসমত গঠন হোৱা বিজেপি বিৰোধী মিত্ৰজোটক কেন্দ্ৰ কৰি বিভিন্ন প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

এনে প্ৰতিক্ৰিয়াৰ মাজতে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই সংবাদ মাধ্যমৰ আগত তেওঁৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। ভূপেন বৰাই কয় -এয়া যিহেতু সাধাৰণ নিৰ্বাচন ইয়াত ৰাষ্ট্ৰীয় দলৰ, ৰাষ্ট্ৰীয় নেতৃত্বৰ ওপৰত ৰাজ্যিক নেতৃত্বসকল নিৰ্ভৰশীল। ৰাজ্যিক আপৰ সভাপতি ভৱেন চৌধুীৰৰ লগত আমাৰ কথা বতৰা চলি আছিল। ৰাষ্ট্ৰীয় নেতৃত্বই আপৰ ফালৰ পৰা যি ৩ জন প্ৰাৰ্থী ঘোষণা কৰিছে এইয়া তেওঁলোকৰ দলৰ নিজা সিদ্ধান্ত। ইয়াত আমাৰ ক'বলগীয়া নাই।

ইয়াৰোপৰি তেওঁ কয়, অসমৰ চাৰিসীমাৰ ভিতৰত আমাৰ ফালৰ পৰা আমি মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম সময়লৈকে চেষ্টা কৰিম যাতে আমি বুজাবুজিৰে নিৰ্বাচন খেলিব পাৰো। সেয়ে মই আশা নেৰো, আশা পুহি ৰাখিম। বিজেপিক পৰাভূত কৰাৰ স্বাৰ্থত আমি ঐক্যবদ্ধ হ'ব লাগিব। বিজেপি বিৰোধী ভোটৰ যাতে বিভাজন ৰোধ কৰিব পাৰো তাৰ কাৰণে মই মোৰ ফালৰ পৰা মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম মুহূৰ্তলৈকে বুজাবুজি কৰিব পাৰোঁ নেকি চেষ্টা কৰিম।

উল্লেখ্য যে, আসন বুজাবুজিৰে অসমত বিৰোধীয়ে বিজেপিৰ বিৰুদ্ধে নিৰ্বাচন খেলাৰ বাবে সকলো প্ৰস্তুতি অব্যাহত ৰাখিছিল। এনে পৰিস্থিতিৰ মাজতে চৰ্চালৈ আহিছিল গুৱাহাটী আৰু তেজপুৰ লোকসভা সমষ্টি আপক এৰি দিব।

ইয়াৰে গুৱাহাটীৰ বাবে পূৰ্বৰে পৰা ভৱেন চৌধুৰীৰ নাম চৰ্চাত আছিল। তেজপুৰ সমষ্টিও আপক এৰি দিব বুলি চৰ্চা চলিছিল। কিন্তু ডিব্ৰুগড় সমষ্টিত চৰ্চাত আছিল অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণ জ্যোতি গগৈৰ নাম।

এই সমষ্টিৰ বাবে বিৰোধী মিত্ৰজোটে লুৰিণ জ্যোতিৰ নাম ঘোষণা নকৰিলেও সেয়া একপ্ৰকাৰে নিশ্চিত হৈ আছিল। কিন্তু আপ নেতৃত্বই এই সমষ্টিত মনোজ ধানোৱাৰৰ নাম ঘোষণা কৰাত এতিয়া চিন্তিত হৈ পৰিছে অসম জাতীয় পৰিষদো।

লুৰিণ জ্যোতি গগৈয়ে পূৰ্বৰে পৰা এটা সমষ্টিত বিৰোধীৰ এজন প্ৰাৰ্থীৰ বিষয়ে উল্লেখ কৰি আহিছিল। আপে এই সমষ্টিত প্ৰাৰ্থী ঘোষণা কৰাত এতিয়া লুৰিণ জ্যোতিৰ ভূমিকা কি হ'ব অথবা তেওঁ ডিব্ৰুগড় সমষ্টি এৰি ক'লৈ যাব সেয়াও হ'ব লক্ষ্যণীয়।