নগাঁৱতে থাকিব প্ৰদ্যুৎ বৰদলৈঃ গৌৰৱ গগৈ যাব উজনিলৈ ! 
অসম

নগাঁৱতে থাকিব প্ৰদ্যুৎ বৰদলৈঃ গৌৰৱ গগৈ যাব উজনিলৈ !

Asomiya Pratidin

ডিজিটেল ডেস্কঃ লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে দেশৰ লগতে ৰাজ্যৰ ৰাজনীতিৰো পৰিৱেশ বহু সলনি হৈছে। প্ৰায় ১৪ টাকৈ বিৰোধী ৰাজনৈতিক দলে ঐক্যবদ্ধভাৱে নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰাৰ অংগীকাৰেৰে যোৱা কিছুদিন ধৰি কেইবাখনো বৈঠকত মিলিত হয় যদিও অৱশেষত সমষ্টি ভাগ বতোৱাৰ হোৱাৰ পূৰ্বেই আম আদমি পাৰ্টীয়ে গুৱাহাটী, তেজপুৰ আৰু ডিব্ৰুগড় এই ৩ টা সমষ্টিৰ বাবে নিজাববীয়ৈ প্ৰাৰ্থী প্ৰক্ষেপ কৰিলে।

ইয়াৰ পাছতে এতিয়া কংগ্ৰেছেও ৫ টাকৈ লোকসভা সমষ্টিত নিজাকৈ প্ৰাৰ্থী প্ৰক্ষেপ কৰাটো একপ্ৰকাৰে নিশ্চিত হৈ পৰিছে। অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই ৫ টাকৈ সমষ্টিৰ বাবে প্ৰাৰ্থীসকলক সেউজ সংকেত প্ৰদান কৰাৰ কথা উল্লেখ কৰাৰ লগতে আন ৯ টা সমষ্টিৰ বাবেও দিল্লীলৈ কেইবাজনো প্ৰাৰ্থীৰ নাম প্ৰেৰণ কৰিছে।

এই ৯ টা সমষ্টিৰ বাবে এটা সমষ্টিত ২ জনকৈ মুঠ ১৮ জনৰ নাম প্ৰেৰণ কৰিছে। ৫ টা সমষ্টিৰ বাবে ইতিমধ্যে প্ৰাৰ্থী প্ৰায় চূড়ান্ত হৈছে। অহা ২২ ফেব্ৰুৱাৰীৰ ভিতৰত এই ৫ টা সমষ্টিৰ বাবে কংগ্ৰেছৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰাৰ পূৰ্ণ সম্ভাৱনা আছে।

অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই মঙ্গলবাৰে এই সন্দৰ্ভত কয় যে, কংগ্ৰেছে প্ৰতিটো সমষ্টিৰ বাবে ৰাষ্ট্ৰীয় নেতৃত্বলৈ প্ৰাৰ্থীৰ নাম প্ৰেৰণ কৰাৰ উপৰিও মিত্ৰতাৰ বাবে সহযোগী দলবোৰৰ সৈতেও কথা পাতি আছে। লগতে তেওঁ লোকসভা নিৰ্বাচনৰ বাবে অসমত তেওঁলোক সম্পূৰ্ণ সাজু বুলি মন্তব্য কৰি কয়, বুথ কমিটি, ব্লক কমিটি, জিলা কমিটি, প্ৰদেশ কংগ্ৰেছ কমিটি সকলো সাজু হৈ আছে ৷

উল্লেখ্য যে, কংগ্ৰেছে যি ৫ টা সমষ্টিত নিৰ্বাচনত অকলেই প্ৰতিদ্বন্দিতা কৰাটো নিশ্চিত হৈছে সেই ৫ টা সমষ্টি হৈছে যোৰহাট, নৱগঠিত কাজিৰঙা, নগাওঁ, ধুবুৰী আৰু কৰিমগঞ্জ। ইয়াৰে নগাঁৱত বৰ্তমানৰ সাংসদ প্ৰদ্যুৎ বৰদলৈ, যোৰহাটত গৌৰৱ গগৈ, কাজিৰঙা সমষ্টিত ৰৌজলীনা তিৰ্কী, কৰিমগঞ্জত হাফিজ চৌধুৰী আৰু ধুবুৰী সমষ্টিত বিধায়ক ৰকিবুল হুছেইনক প্ৰাৰ্থীত্ব প্ৰদান কৰাটো প্ৰায় নিশ্চিত।

ইয়াৰে নগাওঁ সমষ্টিক কেন্দ্ৰ কৰি প্ৰদ্যুৎ বৰদলৈ আৰু গৌৰৱ গগৈৰ মাজত সংঘাতৰ সৃষ্টি হোৱা বুলিও চৰ্চা চলি আছে। অৱশ্যে গৌৰৱ গগৈ যোৰহাট সমষ্টিত আৰু প্ৰদ্যুৎ বৰদলৈয়ে নগাঁৱত প্ৰতিদ্বন্দিতা কৰাটো প্ৰায় নিশ্চিত। এয়া আনুষ্ঠানিক তথ্য নহয়। কেৱল চৰ্চাহে।